ETV Bharat / bharat

IIT Mandi Ragging: আই আই টি মাণ্ডীত ৰেগিঙৰ অভিযোগত ৭২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ওপৰত ব্যৱস্থা গ্ৰহণ - আই আই টি মাণ্ডী

আই আই টি মাণ্ডি কৰ্তৃপক্ষই ৰেগিঙৰ লগত জড়িত ৭২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ইয়াৰে একাংশ ছাত্ৰ-ছাত্ৰীক জৰিমনা বিহাৰ বিপৰীতে ১০ গৰাকী ছাত্ৰ-ছাত্ৰীক ৬ মাহৰ বাবে নিলম্বন কৰা হৈছে । নৱাগতা আদৰণি সভাৰ সময়ত আই আই টি মাণ্ডিত সংঘটিত হৈছিল ৰেগিঙৰ ঘটনা ।

IIT Mandi Ragging
আই আই টি মাণ্ডীত ৰেগিঙৰ অভিযোগত ৭২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ওপৰত ব্যৱস্থা গ্ৰহণ
author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 9:06 PM IST

নেশ্যনেল ডেস্ক,৬ ছেপ্টেম্বৰ: আই আই টি মাণ্ডিত জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীক ৰেগিং কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে । আগষ্ট মাহত নৱাগতা আদৰণি সভাৰ সময়ত এই ৰেগিঙকাণ্ড সংঘটিত হৈছিল । এই সন্দৰ্ভত এজন ছাত্ৰই প্ৰতিষ্ঠানখনৰ এণ্টি ৰেগিং চেলত অভিযোগ কৰে । ইয়াৰ পিছত প্ৰতিষ্ঠানখনৱে ৭২ জন ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰ পাচত ৰেগিঙৰ লগত জড়িত থকা অভিযোগত ১০ গৰাকী ছাত্ৰ-ছাত্ৰীক ৬ মাহৰ বাবে নিলম্বন কৰা হৈছে ।

৭২ জন ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা: আই আই টি মাণ্ডীৰ সূত্ৰ অনুসৰি যোৱা ১১ আগষ্টত ৰেগিঙৰ এক কাণ্ড সংঘটিত হৈছিল । আই আই টি মাণ্ডীৰ সঞ্চালক অধ্যাপক লক্ষ্মীদত্ত বেহেৰাই যোৱা ২০ আগষ্টত ৰেগিং লোৱা সকলো ছাত্ৰ-ছাত্ৰীলৈ মেইল ​​প্ৰেৰণ কৰিছিল । য’ত এই ছাত্ৰ-ছাত্ৰীসকলে ‘লক্ষ্মণ ৰেখা’ পাৰ হোৱাৰ কথা উল্লেখ আছিল । প্ৰতিষ্ঠানখনৰ মতে, এই গোচৰত বিভিন্ন ষ্ট্ৰিমৰ পৰা ৭২ জন ছাত্ৰ-ছাত্ৰীৰ নাম আহিছিল । ইয়াৰে একাংশ ছাত্ৰ-ছাত্ৰীক জৰিমনা বিহা হৈছে । আনহাতে ১০ গৰাকী ছাত্ৰ-ছাত্ৰীকো নিলম্বন কৰা হৈছে ।

ছাত্ৰ সংগঠনৰ ৩ জন সদস্য বিৰুদ্ধে ব্যৱস্থা: আই আই টি মাণ্ডীৰ পৰা ৰেগিং কৰা এই গোচৰত নিলম্বিত ১০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ছাত্ৰ সংগঠনৰ তিনিজন সদস্য আছে । এই তিনিগৰাকী ছাত্ৰ-ছাত্ৰীৰ পদ কাঢ়ি নিয়াৰ লগতে হোষ্টেল খালী কৰিবলৈও নিৰ্দেশ দিয়া হৈছে । সূত্ৰ অনুসৰি শাস্তি লাভ কৰা জ্যেষ্ঠ ছাত্ৰই এই শাস্তি পুনৰ বিবেচনা কৰিবলৈ প্ৰতিষ্ঠানখনক আবেদন জনাইছে । জানিব পৰা মতে যোৱা ১১ আগষ্টত জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰীয়ে আয়োজন কৰা নৱাগতা আদৰণি সভাৰ পিচত এণ্টি ৰেগিং চেলৰ ওচৰত বেনামী অভিযোগ আহিছিল । এই অভিযোগৰ তদন্তৰ ভিত্তিত আই আই টি মাণ্ডীয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে ।

ছাত্ৰ-ছাত্ৰীৰ ওপৰত জাৰি কৰা জৰিমনা: প্ৰতিষ্ঠানখনত সংঘটিত ৰেগিং সন্দৰ্ভত আই আই টিৰ এণ্টি ৰেগিং চেলত অভিযোগ দাখিল কৰা হয়, যাৰ ওপৰত প্ৰতিষ্ঠানখনৱে নিজা পৰ্যায়ত ব্যৱস্থা গ্ৰহণ কৰিছে । এতিয়ালৈকে কোনো অভিযোগ আৰক্ষীক দিয়া হোৱা নাই, এ এছ পি মণ্ডীসাগৰ চন্দ্ৰৰ মতে, আৰক্ষীয়ে এনে কোনো অভিযোগ লাভ কৰা নাই । আই আই টি মাণ্ডীৰ সূত্ৰ অনুসৰি ৭২ গৰাকী অভিযুক্ত ছাত্ৰ-ছাত্ৰীক বিভিন্ন ধৰণৰ শাস্তি প্ৰদান কৰা হৈছে । ১০ জন ছাত্ৰ-ছাত্ৰীক ৬ মাহৰ বাবে নিলম্বন কৰাৰ উপৰিও একাংশ ছাত্ৰ-ছাত্ৰীক জৰিমনা আৰু কিছুমানক সমাজ সেৱাৰ শাস্তিও প্ৰদান কৰা হৈছে । ৰেগিঙৰ অভিযোগত অভিযুক্ত জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰীক ১৫ হাজাৰৰ পৰা ২৫ হাজাৰ টকালৈকে জৰিমনা বিহা হৈছে । ইয়াৰ উপৰিও ২০, ৪০ আৰু ৬০ ঘন্টা সামূহিক সেৱাৰ শাস্তিও প্ৰদান কৰা হৈছে ।

এই সন্দৰ্ভত আই আই টি মাণ্ডীৰ তৰফৰ পৰা কোনো আনুষ্ঠানিক তথ্য সদৰী কৰা নাই । কিন্তু সূত্ৰৰ পৰা জানিব পৰা মতে, ১১ আগষ্টত প্ৰতিষ্ঠানখনৰ জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰীসকলে নৱাগতা আদৰণি সভাৰ আয়োজন কৰিছিল । অভিযোগ কৰা হৈছে যে এই অনুষ্ঠানৰ সময়ত প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে ৰেগিং সংঘটিত হৈছিল । এণ্টি ৰেগিং চেলত পোৱা অভিযোগ অনুসৰি প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীক এটা চুকত থিয় কৰাই ৰেগিং কৰা হয় । সূত্ৰৰ পৰা জানিব পৰা মতে, জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ পক্ষত ইয়াক ছিনিয়ৰ আৰু জুনিয়ৰৰ মাজত কৌতুক বুলি অভিহিত কৰিছে । তেওঁলোকৰ মতে, ভুল বুজাবুজি হৈছে । অৱশ্যে প্ৰতিষ্ঠানখনৰ মতে, সমগ্ৰ ঘটনাৰ তদন্তৰ পাচত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়ক: G20 Summit: 'জি-২০ ইণ্ডিয়া মোবাইল এপ' ডাউনলোড কৰিবলৈ মন্ত্ৰীসকলক পৰামৰ্শ প্ৰধানমন্ত্ৰী মোদীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.