ETV Bharat / bharat

Delhi Pollution : দিল্লীত ভয়ংকৰ প্ৰদূষণ, কৃত্ৰিম বৰষুণ বিচাৰিছে দিল্লী চৰকাৰে - Delhi government

কৃত্ৰিম বৰষুণে দিল্লীবাসীক কেইবা দিনলৈ প্ৰদূষণৰ পৰা সকাহ দিব পাৰিব । যাৰ বাবে আইআইটি কানপুৰৰ কাষ চাপিছে দিল্লী চৰকাৰ । চৰকাৰৰ পৰা নিৰ্দেশনা পালেই আইআইটি কৰ্তৃপক্ষই কৃত্ৰিম বৰষুণৰ পদক্ষেপ ল'ব ।

Delhi Pollution
কৃত্ৰিম বৰষুণ বিচাৰিছে দিল্লী চৰকাৰে
author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 4:36 PM IST

নেশ্যনেল ডেস্ক,৬ নৱেম্বৰ : দিল্লীত বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । যাক লৈ দিল্লী চৰকাৰ আৰু সাধাৰণ নাগৰিকসকলো চিন্তিত হৈ পৰিছে । যোৱা সপ্তাহত, প্ৰদূষণৰ বাবে চৰকাৰে দুদিনৰ বাবে বিদ্যালয় বন্ধ ৰাখিবলগীয়াও হৈছিল । আনহাতে চৰকাৰ তথা বিশেষজ্ঞসকলে বায়ু প্ৰদূষণ হ্ৰাস কৰিবলৈ প্ৰতিদিনে নতুন সমাধান বিচাৰি আছে । এনে সময়তে দিল্লী চৰকাৰে আইআইটি কানপুৰৰ সৈতে যোগাযোগ কৰিছে ।

সোমবাৰে পুৱা দিল্লীৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ একাংশ বিষয়াই আইআইটিৰ জ্যেষ্ঠ অধ্যাপক মনিন্দ্ৰ আগৰৱালাৰ সৈতে যোগাযোগ কৰে । অধ্যাপক মনিন্দ্ৰই কোৱা মতে দিল্লী চৰকাৰে দিল্লীত কৃত্ৰিম বৰষুণৰ চিন্তা কৰি আইআইটি কৰ্তৃপক্ষৰ কাষ চাপিছে । অধ্যাপকগৰাকীৰ মতে যেতিয়া এই সন্দৰ্ভত চৰকাৰৰ পৰা যিকোনো প্ৰস্তাৱ লাভ কৰিব তেওঁলোকে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিব ।

অধ্যাপক মনিন্দ্ৰই কোৱা মতে আইআইটি কানপুৰে কৃত্ৰিম বৰষুণৰ বাবে বহু বছৰ পূৰ্বে আমেৰিকাৰ পৰা চেচনা বিমানৰ অৰ্ডাৰ দিছিল । আইআইটি কানপুৰ কৃত্ৰিম বৰষুণ কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুত । কেইমাহমান পূৰ্বে আইআইটি কানপুৰত সফলতাৰে কৃত্ৰিম বৰষুণৰ পৰীক্ষা কৰা হৈছিল । এতিয়া অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ (ডিজিচিএ) পৰা যিকোনো স্থানত চেচনা বিমান পৰিচালনাৰ অনুমতিও পোৱা গৈছে । অধ্যাপক মনিন্দ্ৰৰ মতে তেওঁ কৃত্ৰিম বৰষুণৰ বাবে আইআইটি কানপুৰৰ বিশেষজ্ঞসকলৰ সৈতেও কথা পাতিব ।

আইআইটি কানপুৰৰ জ্যেষ্ঠ অধ্যাপক মনিন্দ্ৰই কোৱা মতে যদি কৃত্ৰিম বৰষুণ কৰা হয়, তেন্তে দিল্লীবাসী প্ৰায় এসপ্তাহৰ বাবে প্ৰদূষণৰ পৰা সকাহ পাব পাৰে । এক পৰিসংখ্যা অনুসৰি এবাৰ কৃত্ৰিম বৰষুণ দিবলৈ কেইবা লাখ টকা খৰচ হ'ব ।

লগতে পঢ়ক :Delhi Air Pollution : ডাঠ কুঁৱলীৰ আৱৰণত তাজমহল; দৰ্শনত ব্যৰ্থ পৰ্যটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.