ETV Bharat / bharat

Perovskite Solar Cell : গুৱাহাটী আই আই টিৰ গৱেষকৰ নতুন উদ্ভাৱন - Perovskite Solar Cell

গুৱাহাটী আই আই টিৰ গৱেষকৰ নতুন উদ্ভাৱন । সূৰ্যৰ পোহৰৰ পৰা বিদ্যুৎ উৎপাদন কৰিবলৈ হাইব্ৰিড Perovskite Solar Cell অথবা ফটোভল্টেইক ডিভাইচ এটা উদ্ভাৱন কৰিলে গৱেষকৰ এটা দলে । ফটোভল্টেইক ডিভাইচ উৎকৃষ্ট মানৰ আৰু কম খৰচতে নিৰ্মাণ কৰিব পাৰি । লগতে এই ডিভাইচ পুনৰ ব্যৱহাৰযোগ্য ।

IIT Guwahati
সূৰ্যৰ পোহৰৰ পৰা বিদ্যুৎ উৎপাদন কৰিবলৈ Perovskite Solar Cell বিকশিত কৰিলে গুৱাহাটী আই আই টিৰ গৱেষকে
author img

By

Published : Dec 22, 2021, 6:53 PM IST

নেশ্যনেল ডেস্ক, ২২ ডিচেম্বৰ: সূৰ্যৰ পোহৰৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰাৰ বাবে গুৱাহাটীস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ গৱেষকৰ দলে বিকশিত কৰিলে হাইব্ৰিড Perovskite সৌৰ কোষ(IIT Guwahati team develops efficient perovskite solar cells) । গৱেষকসকলে জনোৱা মতে, Perovskite Solar Cell অথবা ফটোভল্টেইক ডিভাইচ অতি উপযোগী আৰু পুনৰ ব্যৱহাৰযোগ্য । অতি কম টকা ব্যয় কৰি সহজতে এই ডিভাইচ নিৰ্মাণ কৰিব পাৰি বুলি গৱেষকসকলে জানিবলৈ দিছে । মৃদু উষ্ণতা থকা কোঠাত ইক'নমিকেল ছলিউশ্যন ভিত্তিক ফটোভল্টেইক ডিভাইচ প্ৰচেছিং কৌশল ব্যৱহাৰ কৰি আৰু হাই এম্বিয়েণ্ট, থাৰ্মেল আৰু অপ্টিকেল স্থিৰতা বজাই ৰাখি ২১ শতাংশৰো অধিক শক্তি ৰূপান্তৰকৰণৰ দক্ষতাৰে এই ডিভাইচ বিকশিত কৰা হৈছে ।

Perovskite সৌৰ কোষ হৈছে এনে এটা সৌৰ কোষ য'ত অন্তৰ্ভুক্ত থাকে পেৰোভস্কাাইটযুক্ত যৌগ, সাধাৰণতে এক হাইব্ৰিড জৈৱিক-অজৈৱিক সীহ বা টিন হেলাইড ভিত্তিক সামগ্ৰী ।পোহৰ সংগ্ৰহৰ সক্ৰিয় স্তৰ হিচাপে এই সামগ্ৰীবোৰ অন্তৰ্ভুক্ত থাকে(Electricity from sunlight) । গুৱাহাটীস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান(IIT)ৰ ৰসায়ন বিজ্ঞান বিভাগ আৰু চেণ্টাৰ ফৰ নেনোটেকন'লজী আৰু স্কুল ফৰ হেল্থ চায়েন্স এণ্ড টেকন'লজীৰ অধ্যাপক পৰমেশ্বৰ কে আয়াৰৰ তত্বাৱধানত এই গৱেষণা সম্পূৰ্ণ কৰা হৈছে । আয়াৰে জনোৱা মতে, Perovskite Solar Cellৰ গৱেষণাই এক দশকৰ ভিতৰত হোৱা গৱেষণাৰ ক্ষেত্ৰত এক অনন্য মাত্ৰা প্ৰদান কৰিছে ।

অৱশ্যে, Perovskite সামগ্ৰীবোৰ পৰিৱেশৰ(আৰ্দ্ৰতা আৰু অক্সিজেন) স্থিতিৰ প্ৰতি অত্যন্ত অস্থিৰ আৰু সেয়ে, বাণিজ্যিকীকৰণ সীমিত হৈ পৰে । এই ডিভাইচ আণৱিক স্তৰত নিৰ্মাণ কৰিব পাৰি আৰু লগতে নিৰ্মাণ প্ৰক্ৰিয়া মুদ্ৰণযোগ্য আৰু ছলিউশ্যন ভিত্তিক । ফলত সামগ্ৰিক সৌৰ কোষ বিকাশ প্ৰক্ৰিয়া কম ব্যয়তে সম্ভৱপৰ হৈ উঠে ।

বৰ্তমান বজাৰত উপলব্ধ বাণিজ্যিক অজৈৱ সৌৰ কোষ পেনেলৰ উপৰিও Perovskite সৌৰ কোষৰ পৰা লাভ কৰা এই ফলাফল যথেষ্ট ভাল । আই আই টিৰ গৱেষক দলটোৰ মতে, সকলো নৱীকৰণযোগ্য শক্তিৰ উৎসৰ ভিতৰত পৃথিৱী পৃষ্ঠত পৰ্যাপ্ত উপলব্ধতাৰ বাবে সূৰ্যৰ পৰা শক্তি আটাইতকৈ বহনক্ষম বুলি গণ্য কৰা হয় । বৰ্তমান, চিলিকন ভিত্তিক অজৈৱ সৌৰ কোষে বজাৰ দখল কৰি আছে । অৱশ্যে, এই প্ৰযুক্তিৰ বাবে উচ্চ-উষ্ণতা প্ৰক্ৰিয়াকৰণৰ প্ৰয়োজন হয় আৰু সেয়ে সৌৰ পেনেলৰ মূল্য অধিক হয় ।

লগতে পঢ়ক:Assam girl selected to ISRO : ৰকেট নিৰ্মাণৰ সপোন পূৰণ হ’ল নাজনিন য়াচমিনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.