কাৰোবাক ভালপোৱাটো অতি সহজ, কিন্তু প্ৰকাশ কৰাটো অত্যন্ত কঠিন । কিন্তু, এইটোও কোৱা হয়, যদি আপুনি কাৰোবাক বহুত ভাল পায়, তেন্তে আপুনি সেই ব্যক্তিগৰাকীক আপোনাৰ অন্তৰৰ কথা পলম নকৰাকৈ কোৱাটো উচিত । যদি আপুনিও আপোনাৰ মনৰ ভাৱ প্ৰকাশ কৰিব বিচাৰে তেন্তে কাইলৈ এটা অতি বিশেষ দিন । আৰম্ভ হৈছে ভেলেণ্টাইন উইক(Valentine week)। প্ৰতিটো দম্পতীয়ে আগ্ৰহেৰে অপেক্ষা কৰে ভেলেণ্টাইন উইক আৰু কাইলৈ অৰ্থাৎ ৮ ফেব্ৰুৱাৰী প্ৰ'পজ ডে, এই দিনটোত আপুনি আপোনাৰ প্ৰিয়জনক মৰমেৰে নিজৰ অনুভৱ প্ৰকাশ কৰিব পাৰিব(Propose Day date)। গতিকে প্ৰ'পজ ডে’ত আপুনি কেনেকৈ আপোনাৰ ক্ৰাছৰ হৃদয় জয় কৰিব পাৰে জানো আহক ।
১/ Candle Light Dinnerৰ প্লেনিং কৰক
আপুনি আপোনাৰ সংগীক Candle Light Dinner কৰিবলৈ লৈ যাব পাৰে, যাতে তেওঁ বিশেষ অনুভৱ কৰিব পাৰে । ইয়াৰ বাবে আপুনি ৰেষ্টুৰেণ্টত অথবা ঘৰতো বিশেষ ৰাতিৰ আহাৰ গ্ৰহণৰ পৰিকল্পনা কৰিব পাৰে(Propose Day wishes)। যদি আপুনি ৰেষ্টুৰেণ্টলৈ যাব বিচাৰে তেন্তে আগতীয়াকৈ টেবুল বুকিং কৰক আৰু যদি আপুনি ঘৰতে মমবাতি জ্বলাই ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে জোনৰ পোহৰ দেখা পোৱা ঠাই এটি বাছনি কৰক । সেই ঠাই আপুনি চাকি, গোলাপ, চকলেট আদিৰে সজাব পাৰে । আপোনাৰ সংগীৰ বাবে বিশেষ কিবা এটা খাদ্য তৈয়াৰ কৰিব পাৰে বা বাহিৰৰ পৰা খাদ্য অৰ্ডাৰ কৰিব পাৰে ।
২/ ফিল্মী ষ্টাইলত প্ৰ'পজ কৰা
ইচ্ছা কৰিলে বলীউড ষ্টাইলতো আপুনি আপোনাৰ প্ৰিয়জনক প্ৰেমৰ ভাৱ প্ৰকাশ কৰিব পাৰে । বহুতে নিজৰ সংগীক প্ৰপ’জ কৰিবলৈ ফেৰিছ হুইল ছুইং বাছি লয় । আপুনিও এই পদ্ধতি গ্ৰহণ কৰি প্ৰপজ ডে’ত আপোনাৰ সংগীক আপোনাৰ হৃদয়ৰ কথা ক’ব পাৰে । চিনেমাৰ দৰে আঁঠু কাঢ়ি আপুনি আপোনাৰ প্ৰিয়জনক মনৰ ভাৱ প্ৰকাশ কৰিব পাৰে ৷
৩/ চিনেমাৰ ডেটত যাওক
চিনেমাৰ ডেটো প্ৰেম প্ৰকাশৰ এটা ভাল বিকল্প হ’ব পাৰে(Propose Day significance)। ইয়াৰ বাবে আপুনি তেওঁৰ সৈতে এখন ৰোমান্টিক চিনেমা চাব পাৰে আৰু এই সময়ত আপুনি আপোনাৰ ক্ৰাছক আপোনাৰ মনৰ কথা প্ৰকাশ কৰিব পাৰে ।
৪/ নিবিড় মুহূৰ্ত কটাওক
যদি আপুনি আপোনাৰ বেষ্ট ফ্ৰেণ্ড, ক্ৰাছ, পাৰ্টনাৰক প্ৰেম প্ৰকাশ কৰিব বিচাৰে, তেন্তে তেওঁৰ সৈতে যিমান পাৰি নিবিড় মুহূৰ্ত কটাওক । তেওঁক বিশেষ অনুভৱ কৰাওক আৰু আপোনাৰ মনৰ কথা ক’বলৈ কুণ্ঠাবোধ নকৰিব ।
লগতে পঢ়ক: Happy Rose Day 2023: প্ৰতিটো ৰঙৰ গোলাপৰ আছে বিশেষ অৰ্থ, জীৱনত বিশেষ স্থান দিয়া গৰাকীক নিদিব এই গোলাপ