ETV Bharat / bharat

Benefits of Crying: এতিয়াৰ পৰা আৰু কান্দিবলৈ সংকোচবোধ নকৰিব, কাৰণ কান্দোনৰ আছে অনেক উপকাৰিতা - crying

আমাৰ সমাজত কোৱা হয় যে এজন পুৰুষে কষ্ট অনুভৱ নকৰে আৰু এই লাইনটো মনত ৰাখি বহু পুৰুষে কন্দাটো বন্ধ কৰে । ডাঙৰৰ পৰা ডাঙৰ আঘাতেও তেওঁলোকৰ চকুলৈ চকুলো আহিব নিদিয়ে । কিন্তু বহু গৱেষকৰ মতে কান্দোনৰ বহু উপকাৰিতাও আছে, যিবোৰৰ বিষয়ে অতি কম সংখ্যক লোকহে জ্ঞাত ।

If only you knew this! You can't stop yourself from crying tears have their benefits
এতিয়াৰ পৰা আৰু কান্দিবলৈ সংকোচবোধ নকৰিব, কাৰণ কান্দোনৰ আছে অনেক উপকাৰিতা
author img

By

Published : Jun 20, 2023, 9:11 PM IST

হঁহাৰ উপকাৰিতাৰ বিষয়ে হয়তো আপুনি নিশ্চয় জানে কিন্তু কন্দাৰ উপকাৰিতাৰ বিষয়ে কেতিয়াবা শুনিছেনে ? গৱেষণাৰ মতে যেতিয়াই কান্দিব মন যায় তেতিয়াই নিজকে ৰখাব নালাগে কাৰণ কান্দিলে মন আৰু শৰীৰ দুয়োটা সুস্থ হৈ থাকে । গৱেষণাৰ পৰা দেখা গৈছে যে মানুহৰ চকুলো ৩ প্ৰকাৰৰ । যিবোৰ বিভিন্ন সময়ত বাহিৰ হয় ।

Basal Tears: আপুনি নিশ্চয় প্ৰায়ে দেখিছে যে বহুবাৰ শুই থকাৰ সময়ত চকুৰ পৰা চকুলো ওলাই যায় । ইয়াক বেছাল টিয়াৰ বোলা হয় ।

Reflex Tears: কেতিয়াবা ৰাস্তালৈ ওলাই গ’লে ধূলি আৰু ধোঁৱাৰ ফলত চকুত চকুপানী আহে । এই ধৰণৰ চকুলোক ৰিফ্লেক্স টিয়াৰ বোলা হয় যিয়ে আপোনাৰ চকু পৰিষ্কাৰ কৰে ।

Emotional Tears: কেতিয়াবা এজন ব্যক্তিক আৱেগে আৱৰি ধৰে আৰু আৱেগে তেওঁৰ ওপৰত ইমানেই আধিপত্য বিস্তাৰ কৰে যে তেওঁৰ চকুৰ পৰা চকুলো ওলাই আহে । এই ধৰণৰ চকুলোক Emotional Tears বুলি কোৱা হয় যিয়ে আপোনাক মানসিকভাৱে আৰাম দিয়ে ।

কান্দিলে কি লাভ হয় ?

গৱেষণাৰ মতে, কান্দিলে আপোনাৰ আৱেগ নিয়ন্ত্ৰণত থাকে, যাৰ ফলত মানসিক চাপ কমি যায় । কান্দিলে অক্সিট’চিন আৰু এণ্ড’ৰ্ফিন হৰম’ন নিৰ্গত হয় । ইয়াৰ কাৰণে শাৰীৰিক আৰু আৱেগিক বিষ কমি যায় । চকুলোত Iysozyme নামৰ এবিধ তৰল পদাৰ্থ পোৱা যায় যিয়ে ক্ষতিকাৰক বেক্টেৰিয়া নিৰ্মূল কৰি চকু পৰিষ্কাৰ কৰে । Basal Tears ৰ বাবে চকুৰ শ্লেষ্মা শুকাই নাযায় আৰু আপোনাৰ চকু দুটা দীৰ্ঘদিনলৈ সুস্থ হৈ থাকে । কান্দোনৰ বাবে আন আৱেগে সমৰ্থন পায় । অৰ্থাৎ এতিয়াৰ পৰা যেতিয়াই আপোনাৰ কান্দিবলৈ মন যাব তেতিয়াই ইয়াক বন্ধ নকৰিব, কাৰণ কন্দাটো এটা ভাল কথা ।

লগতে পঢ়ক: Masaba Gupta's Artichoke Salad: আপোনাৰ শৰীৰৰ বিভিন্ন ৰোগ নিৰাময় কৰাত সক্ষম আৰ্টিচক চালাড, ইয়াৰ উপকাৰিতাৰ বিষয়ে জানো আহক

লগতে পঢ়ক: Litchi Benefits and Side Effects: অধিকাংশ ভাৰতীয়ৰে প্ৰিয় লিচু খোৱাৰ সঠিক পৰিমাণ তথা খোৱাৰ সঠিক সময় কি ?

লগতে পঢ়ক: World Refugee Day: বিশ্ব শৰণাৰ্থী দিৱস উপলক্ষে জানো আহক সেইসকল লোকৰ বিষয়ে যাক নিজগৃহৰ পৰা বাহিৰত থাকিবলৈ কৰোৱা হৈছিল বাধ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.