ETV Bharat / bharat

বিআৰএছ পুনৰ শাসনলৈ আহিলে মানুহৰ ধন লুটিব: অমিত শ্বাহ

author img

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 6:27 PM IST

নিৰ্বাচনমুখী তেলেংগানাত বিজেপিৰ ব্যাপক প্ৰচাৰ । প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীকে ধৰি দলৰ শীৰ্ষ নেতাসকলে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰত অংশ লৈছে । সমান্তৰালকৈ শাসকীয় বিআৰএছ চৰকাৰক সমালোচনাও অব্যাহত ৰাখিছে বিজেপিয়ে ।

Amit Shah in Telangana
বিআৰএছ পুনৰ শাসনলৈ আহিলে মানুহৰ ধন লুটিব

নেশ্যনেল ডেস্ক, ২৫ নৱেম্বৰ : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অভিযোগ কৰিছে যে তেলেংগানাত ভূমি নিলামত ৪ হাজাৰ কোটি টকাৰ দুৰ্নীতি হৈছে । আউটাৰ ৰিং ৰোড লীজ নিলাম আৰু কালেশ্বৰাম প্ৰকল্পত বৃহৎ কেলেংকাৰীৰো অভিযোগ অমিত শ্বাহৰ । নিৰ্বাচনমুখী তেলেংগানাত নিৰ্বাচনী প্ৰচাৰৰ মাজতে এই মন্তব্য কৰে গৃহমন্ত্ৰী অমিত শ্বাহে । হায়দৰাবাদৰ চোমাজিগুড়াত সংবাদ মাধ্যমৰ সন্মুখত মন্ত্ৰীগৰাকীয়ে তেলেংগানাৰ কেচিআৰ চৰকাৰক তীব্ৰ সমালোচনা কৰে ।

অমিত শ্বাহৰ মতে জনসাধাৰণৰ বিআৰএছ চৰকাৰৰ ওপৰত এতিয়া বিশ্বাস নাই । বিআৰএছ চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকে এক লাখক নিযুক্তি দিব । কিন্তু ৰাজ্য চৰকাৰে এই প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰিব নোৱাৰিলে । নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে আৰু কেলেংকাৰী সংঘটিত হৈছে । কৃষকসকলক ঋণ ৰেহাইৰ প্ৰতিশ্ৰুতিও চৰকাৰে সম্পূৰ্ণ কৰিব নোৱাৰিলে । অমিত শ্বাহৰ মতে বিআৰএছ চৰকাৰে কৈছিল যে তেওঁলোকে নিবনুৱাসকলক ৩ হাজাৰ টকাৰ ক্ষতিপূৰণ দিব । সেয়াও চৰকাৰে উপেক্ষা কৰিলে বুলি অমিত শ্বাহে দাবী কৰিছে । আনকি ৪ খনকৈ মাল্টি-স্পেচিয়েলিটি চিকিৎসালয় নিৰ্মাণ কৰা হ'ব কোৱা হৈছিল যদিও সেয়া হৈ নুঠিল ।

অমিত শ্বাহে অভিযোগ কৰা মতে তেলেংগানা মুক্তি দিৱসো অনুষ্ঠিত কৰা হোৱা নাই । এমআইএমৰ ভয়ত মুছলমানক সংৰক্ষণ প্ৰদান কৰা হৈছে । শ্বাহৰ মতে যদি বিজেপি শাসনলৈ আহে তেনেহ'লে বিজেপিয়ে ধৰ্মীয় সংৰক্ষণ বিলুপ্ত কৰিব । অমিত শ্বাহে দাবী কৰিছে যে তেলেংগানাৰ ৰাইজে কেচিআৰ চৰকাৰক উৎখাত কৰাৰ সিদ্ধান্ত লৈছে । শ্বাহৰ মতে কংগ্ৰেছ, বিআৰএছ আৰু এমআইএম পাৰিবাৰিক দল । যদি কংগ্ৰেছ জয়ী হয় তেওঁলোকে বিআৰএছত যোগদান কৰিব । যদি বিআৰএছ জয়ী হয়, তেওঁলোকে মানুহৰ ধন লুটি ল'ব বুলিও অমিত শ্বাহে অভিযোগ কৰিছে ।

বিজেপিৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি অমিত শ্বাহে কয় যে যদি তেলেংগানাত বিজেপি শাসনলৈ আহে চাউলৰ প্ৰতি কুইণ্টলত ৩১০০ টকা পৰিশোধ কৰিব । তেওঁ প্ৰশ্ন কৰে সকলো ৰাজ্যই যদি পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত ভেট হ্ৰাস কৰিব পাৰে কেচিআৰ চৰকাৰে কি নোৱাৰে ? তেলেংগানাত যদি বিজেপি শাসনলৈ আহে পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত কৰ হ্ৰাস কৰিব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে । ইফালে বিজেপিয়ে কন্যা সন্তানৰ নামত ২ লাখ টকাৰ ফিক্সড ডিপজিট কৰিব বুলিও অমিত শ্বাহে প্ৰতিশ্ৰুতি দিয়ে ।

লগতে পঢ়ক :তেলেংগানাত বিজেপি চৰকাৰ আহিব আৰু পিছপৰা শ্ৰেণীৰ লোক হ'ব মুখ্যমন্ত্ৰী: প্ৰধানমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.