ETV Bharat / bharat

বাংলাদেশত দুৰ্বৃত্তই ভাঙিলে হিন্দু মন্দিৰৰ মূৰ্তি

বাংলাদেশত পুনৰ হিন্দু মন্দিৰত দুৰ্বৃত্তৰ আক্ৰমণ (Hindu temple attacked again in Bangladesh)। এইবাৰ কালী মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি মূৰ্তি ভাঙি উপদ্ৰৱ চলাই দুৰ্বৃত্তই । মন্দিৰৰ পৰা প্ৰায় আধা কিলোমিটাৰ দূৰৈত উদ্ধাৰ মূৰ্তিৰ কিছু অংশ । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

author img

By

Published : Oct 8, 2022, 12:35 PM IST

Idol
বাংলাদেশত দুৰ্বৃত্তই ভাঙিলে হিন্দু মন্দিৰৰ মূৰ্তি

ইণ্টাৰনেশ্যনেল ডেস্ক,৮ অক্টোবৰ : বাংলাদেশৰ ঝেনাইদাৰত হিন্দু মন্দিৰত দুৰ্বৃত্তৰ আক্ৰমণ । মন্দিৰত প্ৰৱেশ কৰি মূৰ্তি ভাঙি লণ্ড-ভণ্ড কৰে দুৰ্বৃত্তৰ দলে (Hindu temple Idol vandalised in Bangladesh)। দুৰ্বৃত্তৰ দলটোক বিচাৰি ইতিমধ্যে বাংলাদেশ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।

বাংলাদেশৰ এটা নিউজ পৰ্টেলত প্ৰকাশ পোৱা বাতৰি অনুসৰি দৌতিয়া গাঁৱৰ কালী মন্দিৰত সংঘটিত হৈছে এই ঘটনা । শুকুৰবাৰে পুৱা মন্দিৰৰ এটা মূৰ্তিটো খণ্ড-বিখণ্ড অৱস্থাত উদ্ধাৰ কৰে মন্দিৰ কৰ্তৃপক্ষই ।

জিলাখনৰ সহকাৰী আৰক্ষী অধীক্ষক অমিত কুমাৰ বৰ্মনে জনোৱা মতে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত প্ৰক্ৰিয়াও আৰম্ভ হৈছে ৷ সুকুমাৰে লগতে কয় যে দুৰ্বৃত্তই নিশা আন্ধাৰৰ সুযোগ লৈ মন্দিৰত প্ৰৱেশ কৰিছিল আৰু মূৰ্তিটো ভাঙিছিল (Idol vandalised in Bangladesh)৷ নিউজ পৰ্টেলৰ বাতৰি অনুসৰি, মূৰ্তিটোৰ মুণ্ডটো মন্দিৰৰ পৰা প্ৰায় আধা কিলোমিটাৰ দূৰৈত ৰাস্তাত পেলাই থৈ গৈছিল । বাংলাদেশত ১০ দিনীয়াকৈ দুৰ্গা পূজা পালন কৰা হৈছিল । বিজয়দশমীৰ পৱিত্ৰ দিনটোতে মূৰ্তি বিসৰ্জনৰ লগতে এই ঘটনাটো সংঘটিত হৈছে ।

উল্লেখ্য যে মন্দিৰত মূৰ্তি ভঙা এয়াই প্ৰথম ঘটনা নহয় । চলিত বৰ্ষৰ ১৭ মাৰ্চত ঢাকাৰ ইস্কন ৰাধাকান্ত জীৱ মন্দিৰতো দুৰ্বৃত্তই তাণ্ডৱ চলাইছিল আৰু মূৰ্তিবোৰ লৈ গৈছিল । আনকি দুৰ্বৃত্তই কেইবাজনো ভক্তকো প্ৰহাৰ কৰিছিল । সমান্তৰালকৈ বিগত বছৰৰ ১৬ অক্টোবৰত বাংলাদেশৰ নোৱাখালি চহৰৰ এটা মন্দিৰতো দুৰ্বৃত্তই উপদ্ৰৱ চলাইছিল । একাংশ লোকৰ আক্ৰমণত এজন ভক্তৰো মৃত্যু হৈছিল ।

লগতে পঢ়ক :হায়দৰাবাদ বিমানবন্দৰত ৪ কেজি সোণ জব্দ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.