ETV Bharat / bharat

ICC ODI World Cup 2023 : বিশ্বকাপ ক্ৰিকেটৰ ট্ৰফী ৰামোজী ফিল্ম চিটিত প্ৰদৰ্শনৰ ব্যৱস্থা

author img

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 3:33 PM IST

বিশ্বৰ আটাইতকৈ মূল্যৱান ট্ৰফীসমূহৰ ভিতৰত অন্যতম হছে আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী । ২০২৩ বৰ্ষৰ আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ ট্ৰফী ৰামোজী ফিল্ম চিটিত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে ।

ICC ODI World Cup 2023
ICC ODI World Cup 2023

নিউজ ডেস্ক, ২০ ছেপ্টেম্বৰ : আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (আইচিচি) বুধবাৰে আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ 2023 ট্ৰফী ৰামোজী ফিল্ম চিটিলৈ আনিব, যাতে গ্ৰুপটোৰ কৰ্মচাৰীসকলে আকাংক্ষিত ৰূপালী ৰঙৰ ট্ৰফীটোৰ এক আভাস পাব পাৰে ।

ট্ৰফীটো বিশ্ব প্ৰসিদ্ধ ৰামোজী ফিল্ম চিটি চৌহদৰ কেৰম গাৰ্ডেনত প্ৰদৰ্শন কৰা হ'ব ।

আইচিচি ট্ৰফী কোনে স্পৰ্শ কৰিব পাৰে ? আইচিচি ট্ৰফী ৰক্ষণাবেক্ষণ প্ৰটোকল মতে, কেৱল নিৰ্বাচিত ব্যক্তিৰ এটা গ্ৰুপক ফটোগ্ৰাফৰ বাবে ট্ৰফী স্পৰ্শ বা উত্তোলন কৰাৰ অনুমতি দিয়া হৈছে ।

সেই অনুসৰি, চলিত বৰ্ষৰ আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ জয় কৰা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈসকল আৰু যিসকলে আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ বা সংশ্লিষ্ট যোগ্যতা অৰ্জনকাৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে তেওঁলোকে স্পৰ্শ কৰিব পাৰে ।

মূল ট্ৰফী কোনে পায় ? আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ ট্ৰফী হৈছে এক বিশ্বজনীন ক্ৰিকেট সম্পদ আৰু আইচিচিৰ সম্পত্তি হিচাপে সংৰক্ষিত হৈ আছে । কিয়নো প্ৰতিটো সংস্কৰণত বিজয়ীসকলক এই ট্ৰফীৰ এটা প্ৰতিকৃতিহে প্ৰদান কৰা হয় আৰু মূল ট্ৰফীত বিজয়ীৰ নাম উল্লেখ কৰা হয় ।

দেখাত কেনেকুৱা ? এই ট্ৰফী লণ্ডনত ক্ৰাউন জুৱেলাৰ গাৰাৰ্ডে ডিজাইন আৰু নিৰ্মাণ কৰিছিল । ৰূপালী-গিল্টৰ পৰা নিৰ্মিত, ৬০ চেঃমিঃ ওখ ট্ৰফীটোত তিনিটা ৰূপালী স্তম্ভৰ দ্বাৰা ওপৰলৈ ধৰি থকা এটা সোণালী গ্লোব আছে । গ্লোবটো ক্ৰিকেট বলৰ ৰূপত আধুনিকভাৱে উপস্থাপন কৰা হৈছে । আনহাতে, ষ্টাম্প আৰু বেইল হিচাপে প্ৰদৰ্শন কৰা স্তম্ভবোৰে মেচৰ তিনিটা অত্যাৱশ্যকীয় স্তম্ভ প্ৰতিনিধিত্ব কৰে । সেয়া হৈছে বেটিং, বলিং আৰু ফিল্ডিং ।

ইয়াৰ মূল্য কিমান ? বৰ্তমান মূল্যত ইয়াৰ মূল্য হৈছে ৩০,৮৫,৩২০ টকা । ই প্ৰায় ১১ কিলো ওজনৰ । ট্ৰফীটো প্লেটনিক মাত্ৰাত ডিজাইন কৰা হৈছে, যাতে ইয়াৰ স্বকীয়তা যিটো কোণৰ পৰাই চোৱা নহওক কিয় তাৎক্ষণিকভাৱে চিনাক্ত হয় । আইচিচিৰ সূত্ৰত এই কথা প্ৰকাশ ।

কেতিয়া তৈয়াৰ কৰা হৈছিল ? আইচিচিয়ে বৰ্তমানৰ ট্ৰফীটো প্ৰথমে আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ ১৯৯৯-ৰ বাবে প্ৰস্তুত কৰা হৈছিল । তাৰ পৰায়ে বৰ্তমানৰ ট্ৰফীটো গ্ৰহণ কৰা হৈছে ।

উল্লেখ্য যে আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ ট্ৰফী আয়োজক দেশ ভাৰতলৈ উভতি অহাৰ পূৰ্বে কুৱেইট, বাহৰেইন, মালয়েছিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ, নাইজেৰিয়া, উগাণ্ডা, ফ্ৰান্স, ইটালী আৰু ব্ৰিটেইনকে ধৰি ১৮ খন দেশ ভ্ৰমণ কৰিছে ।

২৭ জুনৰ পৰা ভাৰতৰ পৰা বিদেশলৈ আৰম্ভ হোৱা ট্ৰফী ভ্ৰমণৰ অন্তত ৪ ছেপ্টেম্বৰত পুনৰ আয়োজক দেশলৈ উভতি আহে ।

লগতে পঢ়ক :Yuvraj Singh Record : আজিৰ দিনটোতে এটা অভাৰত ৬ টা ছিক্সাৰ মাৰিছিল যুৱৰাজে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.