ETV Bharat / bharat

কাৰ্গিল এয়াৰষ্ট্ৰিপত প্ৰথমবাৰৰ বাবে নিশা ভাৰতীয় বায়ুসেনাৰ বিমান অৱতৰণ

author img

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 12:08 PM IST

Updated : Jan 8, 2024, 6:29 AM IST

IAFs C130 J aircraft night landing at Kargil airstrip : নিশাৰ ভাগত কাৰ্গিল এয়াৰষ্ট্ৰিপত প্ৰথমবাৰৰ বাবে অৱতৰণ ভাৰতীয় বায়ুসেনাৰ বিমান ৷ ভিডিঅ' শ্বেয়াৰ কৰি ভাৰতীয় বায়ুসেনা চমুকৈ আই এ এফে কয় ‘‘আই এ এফৰ চি 130 জে বিমানে শেহতীয়াকৈ কাৰ্গিল এয়াৰষ্ট্ৰিপত প্ৰথমবাৰৰ বাবে নিশা অৱতৰণ কৰে ৷’’

iafs aircraft carries out night landing at kargil airstrip
কাৰ্গিল এয়াৰষ্ট্ৰিপত প্ৰথমবাৰৰ বাবে নিশা ভাৰতীয় বায়ুসেনাৰ বিমান অৱতৰণ

নিউজে ডেস্ক, 7 জানুৱাৰী : আন এক কৃৰ্তিত্ব অৰ্জন কৰিলে ভাৰতীয় বায়ুসেনাই ৷ অসম্ভৱকো সম্ভৱ কৰি দেখুৱালে ভাৰতীয় বায়ুসেনাই ৷ নিশা হ’লে অতি বিপদজন বুলি পৰিচিত হিমালয়ৰ মাজত অৱস্থিত কাৰ্গিল এয়াৰষ্ট্ৰিপত সুকলমে অৱতৰণ কৰিলে ভাৰতীয় বায়ুসেনাৰ এখন চি 130জে বিমান ৷ প্ৰথমবাৰৰ বাবে নিশা কাৰ্গিল এয়াৰষ্ট্ৰিপত বিমানখন অৱতৰণ কৰাৰ লগে উফুল্লিত ভাৰতীয় বায়ুসেনা ৷

নিশা ভাগত বিমানখনৰ অৱতৰণৰ ভিডিঅ' শ্বেয়াৰ কৰি ভাৰতীয় বায়ুসেনা চমুকৈ আই এ এফে কয়, "আই এ এফৰ চি 130 জে বিমানে শেহতীয়াকৈ কাৰ্গিল এয়াৰষ্ট্ৰিপত প্ৰথমবাৰৰ বাবে নিশা অৱতৰণ কৰে । পথত ভূ-খণ্ডৰ মাস্কিং ব্যৱহাৰ কৰি অনুশীলনৰ বাবে বিমানখনেৰে কেডাৰসকলক কঢ়িয়াই নিছিল ।’’

উল্লেখ্য যে, 2023 বৰ্ষৰ নৱেম্বৰ মাহত আই এ এফে লকীহিড মাৰ্টিন চি 130 জে 30 'চুপাৰ হাৰকিউলিছ' সামৰিক পৰিবহন বিমানৰ দুখন সফলতাৰে উত্তৰাখণ্ডৰ এটা প্ৰাথমিক আৰু অসম্ভৱ এয়াৰষ্ট্ৰিপত অৱতৰণ কৰাইছিল । এই অভিযানটো প্ৰতিকূল বতৰৰ মাজতো সম্পন্ন কৰা হৈছিল ৷ কিয়নো সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থকা উদ্ধাৰকাৰী কৰ্মীসকলক সহায় কৰিবলৈ গধুৰ যন্ত্ৰ কঢ়িয়াই নিয়াৰ বাবে ব্যৱহাৰ কৰা হৈছিল ৷ আনহাতে 2023 বৰ্ষতে আই এ এফে চুদানত উদ্ধাৰ অভিযানৰ বাবে এই বিমানখন ব্যৱহাৰ কৰিছিল।

শেহতীয়াকৈ ভাৰতীয় বায়ুসেনাৰ চি 130 জে বিমানখনে কাৰ্গিল এয়াৰষ্ট্ৰিপত নিশা প্ৰথম অৱতৰণ সফলতাৰে সম্পন্ন কৰে ৷ 8,800 ফুট অতিক্ৰম কৰা প্ৰত্যাহ্বানপূৰ্ণ হিমালয় ভূখণ্ডৰ মাজত অৱস্থিত কাৰ্গিল এয়াৰষ্ট্ৰিপ ৷ এই এয়াৰষ্ট্ৰিপ পাইলটসকলৰ বাবে বৃহৎ প্ৰত্যাহ্বান আছিল ৷ তীব্ৰ বতাহৰ মাজতো পাইলটে সুকলমে বিমানখন অৱতৰণ কৰায় ৷

লগতে পঢ়ক : আন এক অভিলেখ, হেলো কক্ষপথত প্ৰৱেশ আদিত্য এল-১ৰ

Last Updated : Jan 8, 2024, 6:29 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.