ETV Bharat / bharat

৮৫ গৰাকী ভাৰতীয়ক লৈ কাবুলৰ পৰা ভাৰত অভিমুখে তৃতীয়খন বিমান

author img

By

Published : Aug 21, 2021, 2:29 PM IST

আফগানিস্তানত তালিবানৰ সন্ত্ৰাসৰ মাজতে নাগৰিকসকলক নিজ নিজ দেশলৈ স্থানান্তৰ কৰাত ব্যস্ত আছে প্ৰতিখন দেশৰে চৰকাৰ । ভাৰতেও আফগানিস্তাত আৱদ্ধ ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰি স্বদেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিছে । এতিয়ালৈ বিশেষ বিমানযোগে প্ৰায় ৩০০ ভাৰতীয়ক নিজ দেশলৈ আনিছে ভাৰতীয় বায়ুসেনাই ।

transport aircraft took off from Kabul
৮৫ গৰাকী ভাৰতীয়ক লৈ কাবুলৰ পৰা ভাৰত অভিমূখে তৃতীয়খন বিমান

নেশ্যনেল ডেস্ক, ২১ আগষ্ট : তালিবানৰ (Taliban) নিয়ন্ত্ৰণত থকা আফগানিস্তানৰ পৰা ভাৰতীয় নাগৰিকৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ভাৰতীয় বায়ু সেনাই (Indian Air Force) । এয়াৰ লিফ্টৰ (Airlift) জৰিয়তে বায়ুসেনাই ইতিমধ্যে দুখনকৈ বিমানেৰে বহু কেইগৰাকী ভাৰতীয় নাগৰিকক সুকলমে ভাৰতলৈ আনিবলৈ সক্ষম হৈছে । আফগানিস্তানৰ পৰা ভাৰতীয় নাগৰিকসহ এইবাৰ তৃতীয়খন বিমান উৰা মাৰিছে ভাৰত অভিমুখে ।

ভাৰতীয় বায়ুসেনাৰ চি-১৩০ জে (C-130J) পৰিবহণ বিমানে শনিবাৰে ৮৫ জনতকৈও অধিক ভাৰতীয়ৰ সৈতে কাবুলৰ পৰা উৰা মাৰে । সূত্ৰৰ পৰা জানিব পৰা মতে, বিমানখনে ইন্ধন ভৰাবলৈ তাজিকিস্তানত অৱতৰণ কৰিছিল । ইফালে ভাৰত চৰকাৰৰ বিষয়াসকলে ভাৰতীয় নাগৰিকসকলক দেশখনৰ ভিন্ন প্ৰান্তৰ পৰা কাবুললৈ স্থানান্তৰ কৰাত ব্যস্ত আছে ।

ইয়াৰ পূৰ্বে ১৭ আগষ্টত ভাৰতীয় কূটনীতিবিদ, বিষয়া, নিৰাপত্তাকৰ্মী আৰু কিছু আৱদ্ধ ভাৰতীয়সহ প্ৰায় ১৫০ গৰাকী লোকক ভাৰতীয় বায়ু সেনাৰ সামৰিক পৰিবহণ বিমানে কাবুলৰ পৰা ভাৰতলৈ আনিছে । ১৬ আগষ্টত আন ৪০ গৰাকী কৰ্মচাৰীক আন এখন বিমানে কাবুলৰ পৰা ভাৰতলৈ আনিবলৈ সক্ষম হয় ।

ইয়াৰ মাজতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (Prime minister Narendra Modi) বিশেষ ঘোষণা । মঙলবাৰে নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটিৰ (CCS) এখন বৈঠকত কৰ্তৃপক্ষক আফগানিস্তানত আৱদ্ধ ভাৰতীয়সকলক সুৰক্ষিতভাৱে ঘূৰাই অনাৰ বাবে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে । লগতে ভাৰতৰ পৰা সহায় বিচৰা নাগৰিকসকলক সকলো ধৰণৰ সাহায্য প্ৰদান কৰিবলৈ আৰু ভাৰতৰ প্ৰতি আগ্ৰহী সংখ্যালঘু শিখ আৰু হিন্দুসকলক আশ্ৰয় প্ৰদান কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে প্ৰধানমন্ত্ৰীয়ে ।

প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, কেবিনেট সচিব ৰাজীৱ গৌবা, আফগানিস্তানত ভাৰতৰ ৰাষ্ট্ৰদূত আৰ টণ্ডনকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক : ZyCoV-D প্ৰতিষেধকে লাভ কৰিলে জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.