ETV Bharat / bharat

হেলিকপ্তাৰেৰে মিজোৰামৰ বনজুই নিৰ্বাপনৰ চেষ্টা - ভাৰতীয় বায়ু সেনা

জনবসতিপূৰ্ণ অঞ্চললৈ বিয়পি পৰা মিজোৰামৰ বনজুই হেলিকপ্তাৰৰ সহায়ত নিৰ্বাপনৰ চেষ্টা ৷ মিজোৰাম চৰকাৰৰ আহ্বানমৰ্মে বাম্বি বাকেটেৰে সজ্জিত দুখন এমআই-17ভি5 হেলিকপ্টাৰ মোতায়েন আইএএফৰ ৷

fire in lunglei
হেলিকপ্তাৰেৰে মিজোৰামৰ বনজুই নিৰ্বাপনৰ চেষ্টা
author img

By

Published : Apr 28, 2021, 1:00 PM IST

মিজোৰাম,28 এপ্ৰিল: 24 এপ্ৰিলত মিজোৰামৰ লুঙলেই চহৰত সূত্ৰপাত হোৱা বনজুই জনবসতিপূৰ্ণ অঞ্চললৈ বিয়পি পৰাৰ লগে লগে 25 এপ্ৰিলত ৰাজ্য চৰকাৰে জুই নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে ভাৰতীয় বায়ু সেনা (আইএএফ) ক সহায়ৰ বাবে আহ্বান জনায় ৷ মিজোৰাম চৰকাৰৰ আহ্বানমৰ্মে আইএএফে বাম্বি বাকেটৰে সজ্জিত দুখন এমআই-17ভি5 হেলিকপ্টাৰ অগ্নি নিৰ্বাপনৰ বাবে মোতায়েন কৰিছে ৷

হেলিকপ্তাৰেৰে মিজোৰামৰ বনজুই নিৰ্বাপনৰ চেষ্টা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জ'ৰামথংগাৰ পৰা সমগ্ৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে এই সংকটৰ পৰা ৰাজ্যখনক উদ্ধাৰ কৰাৰ উদ্দেশ্যে কেন্দ্ৰৰ ফালৰ পৰা সম্ভৱপৰ সকলো সহযোগিতাৰো আশ্বাস প্ৰদান কৰে ৷

মিজোৰামৰ অতিৰিক্ত মুখ্য বন সংৰক্ষক কেইয়িখ্ৰিয়ে কিৰেৰ মতে, ভাৰতীয় বন জৰীপ (এফএছআই) চেটেলাইটে 26 এপ্ৰিলৰ সন্ধিয়া পৰ্যন্ত লুঙলেইত মুঠ ৪২৭.৮৮ হেক্টৰ অঞ্চল জুইত প্ৰভাৱিত হোৱাৰ তথ্য প্ৰকাশ কৰিছে ৷ মিজোৰামৰ ক'লাচিব জিলাতো বনজুইৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: অক্সিজেন সংকট: ভাৰতলৈ অক্সিজেন চিলিণ্ডাৰ পঠাবলৈ প্ৰস্তুত ভূটান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.