নেশ্যনেল ডেস্ক,১৫ জুলাই: ওড়িশাৰ গাণ্ডিয়া আৰক্ষীৰ চকীৰ অন্তৰ্গত চন্দ্ৰশেখৰপুৰ গাঁৱত সংঘটিত হয় এক শিহৰণকাৰী ঘটনা(Brutal murder) । পত্নীক শিৰচ্ছেদ কৰি কটা মূৰ হাতত লৈ ঘুৰিলে প্ৰায় ১২ কিঃমিঃ পথ(Husband beheaded wife) । মুহুৰ্ত্বতে চ'ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল ভিডিঅ' ।
দীৰ্ঘদিনে চলি থকা পাৰিবাৰিক কন্দলৰ পৰিণতিতেই এই ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰে স্থানীয় ৰাইজে । স্থানীয় লোকসকলে জনোৱা অনুসৰি নাকাফোদি মাঝি নামৰ লোকজনে তেওঁৰ পত্নী শুচলা মাঝিক আন পুৰুষৰ সৈতে সন্দেহ কৰিছিল । আৰু তাৰেই পৰিণতিত ক্ষোভিত হৈ শিৰচ্ছেদ কৰে পত্নীক আৰু পত্নীৰ কটা মূৰ হাতত লৈ ৰাওনা হৈছিল সমীপৰ আৰক্ষী চকীলৈ ।
পিছে এখন হাতত দা আৰু আনখন হাতত পত্নীৰ কটা মূৰ লৈ গৈ থকা অৱস্থাতে স্থানীয় ৰাইজে দেখা পাই খবৰ দিয়ে আৰক্ষীক । ঘটনা সন্দৰ্ভত খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় হগাণ্ডিা আৰক্ষী ৷ আৰক্ষীয়ে কটা মূৰটো উদ্ধাৰ কৰাৰ লগতে আটক কৰে হত্যাকাৰী নাকাফোদীক । আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক: Mohan Bhagwat to Tripura: ২৭ আগষ্টতত ত্ৰিপুৰাত মন্দিৰ উদ্বোধন কৰিব মোহন ভাগৱতে