ETV Bharat / bharat

Extra Marital Affair: পত্নী-কন্যাৰ কটা মূৰ হাতত লৈ শহুৰেকৰ ঘৰত উপস্থিত হত্যাকাৰী

author img

By

Published : Aug 6, 2022, 4:53 PM IST

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি ৷ নিজ পত্নী আৰু কন্যাক শিৰচ্ছেদ কৰি হাতত কটা মূৰ লৈ শহুৰেকৰ ঘৰত উপস্থিত হ’ল হত্যাকাৰী স্বামী(Husband killed wife and daughter)৷

Husband killed wife and daughter at Medhapura
পত্নী আৰু কন্যাৰ শিৰচ্ছেদ কৰি শহুৰেকৰ ঘৰত উপস্থিত হত্যাকাৰী

নেশ্যনেল ডেস্ক, 6 আগষ্ট: পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি ৷ পৰপুৰুষৰ লগত সন্দেহ কৰি নিজ পত্নী আৰু কন্যাক শিৰচ্ছেদ কৰিলে স্বামীয়ে (Husband killed wife and daughter) ৷ বিহাৰৰ মাধেপুৰাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো ৷ ঘটনাৰ বিৱৰণি অনুসৰি বিহাৰৰ মাধেপুৰাৰ পোখৰিয়া টোলা গাঁৱৰ বাসিন্দা মহম্মদ জিব্ৰিল আলমে পত্নী মুৰ্ছিদা খাতুন ১২ বছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল (Murder case at Medhapura)৷ দুয়োৰে তিনিটাকৈ সন্তানো আছিল ৷ তেওঁলোকেৰ দুই পুত্ৰ খুড়াকৰ ঘৰত বাস কৰাৰ পৰিৱৰ্তে তিনিবছৰীয়া কন্যাগৰাকী পিতৃ-মাতৃৰ লগতে বাস কৰিছিল ৷

বিবাহৰ পাছৰ পৰাই স্বামী-স্ত্ৰীৰ মাজত সৰু-সুৰা কথাক লৈ খাম খেয়ালি হৈ আছিল ৷ ইয়াৰোপৰি স্বামী জিব্ৰিলে পত্নীক তেওঁৰ অনুপস্থিতিত অন্য পুৰুষৰ লগত অবৈধ সম্পৰ্ক ৰখা বুলিও সন্দেহ কৰি পত্নীক অত্যাচাৰো কৰিছিল ৷ ইয়াৰ পিছতে এই কাজিয়াই চৰম ৰূপ লয়৷ শনিবাৰে জিব্ৰিলে পত্নীসহ তিনিবছৰীয়া কন্যাক শিৰচ্ছেদ কৰি হত্যা কৰে ৷

কেৱল ইয়াতেই ক্ষান্ত নাথাকি পত্নীৰ কটা মূৰটো হাতত লৈ হত্যাকাৰী জিব্ৰিলে গোধেলা গাঁৱৰ শহুৰেকৰ ঘৰত উপস্থিত হয় ৷ পুৱা খোজ কাঢ়িবলৈ যোৱাসকলে জিব্ৰিলৰ হাতত পত্নীৰ কটা মূৰ দেখি হুলস্থুল কৰে ৷

ইফালে জিব্ৰিলে সমগ্ৰ ঘটনা ৰেকৰ্ট কৰি এটা ভিডিঅ’ সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে ৷ এই ভিডিঅ’ দেখাৰ লগে লগে ঘটনাস্থলীত শ্ৰীনগৰ আৰক্ষী উপস্থিত হৈ হত্যাকাৰী স্বামীৰ ঘৰলৈ গৈ সোধ পোছ কৰে ৷ আৰক্ষীয়ে জিব্ৰিলৰ ঘৰৰ পৰা এখন তেজেৰে লিখা আপত্তিজনক এখন চিঠিও উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে মাতৃ কন্যাৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ আনহাতে আৰক্ষী অহাৰ পূৰ্বে জিব্ৰিলে ঘৰৰ পৰা পলায়ন কৰে ৷

আৰক্ষীয়ে ইতিমধ্যে হত্যাকাৰী জিব্ৰিলৰ মাতৃ আৰু ভাতৃক আটক কৰিছে ৷

লগতে পঢ়ক: Rajasthan horror: আশ্ৰমৰ গছত চিপ লাগি থকা অৱস্থাত সাধুৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.