ETV Bharat / bharat

Hindenburg report on Adani Group : কিমান হেৰুৱালে আদানি গ্ৰুপৰ প্ৰতিষ্ঠানে ?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিত্তীয় গৱেষণা প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন প্ৰকাশ হোৱাৰ পিছত আদানি গ্ৰুপৰ ষ্টকবোৰে তেওঁলোকৰ সন্মিলিত বজাৰ মূলধনৰ 7 লাখ কোটি টকা হেৰুৱাইছে (Adani Group stocks lost over 7 lakh crore) ।

author img

By

Published : Feb 2, 2023, 1:35 PM IST

Adani
Adani

নিউজ ডেস্ক, ২ ফেব্ৰুৱাৰী : পাঁচটা ট্ৰেডিং ছেছনৰ ব্যৱধানত আদানি গ্ৰুপৰ প্ৰতিষ্ঠানবোৰৰ শ্বেয়াৰে তেওঁলোকৰ সন্মিলিত বজাৰ মূলধনৰ 7 লাখ কোটি টকাৰো অধিক হেৰুৱাইছে (Adani group firms losing 7 lakh crores) । আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিত্তীয় গৱেষণা প্ৰতিষ্ঠানৰ প্ৰতিবেদনক লৈ সৃষ্টি হোৱা উদ্বেগৰ পিছৰে পৰাই এই সৰ্পিল গতিত অধোন্নতি আৰম্ভ হয় ।

বুধবাৰে শ্বেয়াৰ বজাৰ বন্ধ হোৱাৰ লগে লগে আদানি গ্ৰুপৰ সকলো কোম্পানীয়ে ঋণাত্মক ক্ষেত্ৰত থিতাপি লয় আৰু তিনিটা কোম্পানীৰ শ্বেয়াৰে তেওঁলোকৰ নিম্নতম মূল্যৰ বেণ্ডত আঘাত কৰে (lowest price band) । আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয় আদানি এণ্টাৰপ্ৰাইজেছৰ শ্বেয়াৰ (worst hit of Adani Enterprises shares) । এই শ্বেয়াৰ বিএছইত (BSE) ২৮.৪৫ শতাংশ হ্ৰাস হৈ ২,১২৮.৭০ টকাত বন্ধ হয় ।

এফপিঅ' প্ৰত্যাহাৰ (FPO withdrawn)- আদানি এণ্টাৰপ্ৰাইজেছে 20,000 কোটি টকাৰ Follow-on Public Offer (FPO) বুধবাৰে নিশা প্ৰত্যাহাৰ কৰিছে । অভূতপূৰ্ব পৰিস্থিতি আৰু বৰ্তমানৰ বজাৰৰ অস্থিৰতাৰ পৰিপেক্ষিতত কোম্পানীটোৱে এফ পি অ’ৰ উপাৰ্জন ঘূৰাই দি আৰু সম্পূৰ্ণ হোৱা লেনদেন প্ৰত্যাহাৰ কৰি নিজৰ বিনিয়োগকাৰী সম্প্ৰদায়ৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছে ।

গ্ৰুপৰ ষ্টক হ্ৰাস (Group stocks fall)- ইফালে, Adani Ports and Special Economic Zone-ৰ ১৯.৬৯ শতাংশ হ্ৰাস পাইছে । আনহাতে, অম্বুজা চিমেণ্টৰ (Ambuja Cements) ১৬.৫৬ শতাংশ আৰু এচিচি চিমেণ্ট (ACC cements) ৬.৩৪ শতাংশ, Adani Total Gas ১০ শতাংশ হ্ৰাস হৈছে । ইয়াৰ উপৰি আদানি গ্ৰীণ এনাৰ্জী (Adani Green Energy) ৫.৭৮ শতাংশ, আদানি উইলমাৰ (Adani Wilmar) ৪.৯৯ শতাংশ, এনডিটিভি (NDTV) ৪.৯৮ শতাংশ, আদানি পাৱাৰ (Adani Power) ৪.৯৮ শতাংশ আৰু আদানি ট্ৰেন্সমিচন (Adani Transmission) ২.৪৬ শতাংশ হ্ৰাস পাইছে ।

উল্লেখ্য, আদানিৰ ওপৰত হিণ্ডেনবাৰ্গ ৰিছাৰ্ছে ইয়াৰ প্ৰতিবেদন প্ৰকাশ কৰাৰ দিনটোত, 24 জানুৱাৰীত ব্যৱসায়ৰ শেষত বজাৰৰ মূল্যাঙ্কন 38 শতাংশ হ্ৰাস পায় (Hindenburg Research published Adani report) । পিটিআইয়ে ষ্টক্সবক্সৰ (Stoxbox) গৱেষণা মুৰব্বী মনীষ চৌধুৰীৰ উদ্ধৃতি দি কয় যে আদানি গ্ৰুপৰ ষ্টকবোৰে (অম্বুজা, এচিচি আৰু এনডিটিভিকে ধৰি) বিগত পাঁচটা trading sessions-ত তেওঁলোকৰ সন্মিলিত বজাৰ অংশৰ প্ৰায় ৩৮ শতাংশতকৈও অধিক হেৰুৱাইছে ।

"বুধবাৰে আদানি এণ্টাৰপ্ৰাইজেছ এফপিঅ'ৰ (Adani Enterprises FPO) সফলভাৱে বন্ধ হোৱাৰ পিছত বিনিয়োগকাৰীসকলে কিছু স্বস্তিৰ উশাহ লোৱাৰ আশা কৰা হৈছে । বুধবাৰে এই বাতৰি প্ৰকাশ পোৱাৰ পিছত ক্ৰেডিট ছুইছে (Credit Suisse) ইয়াৰ ব্যক্তিগত বেঙ্কিং গ্ৰাহকসকলক মাৰ্জিন ঋণৰ বাবে আমানত হিচাপে আদানি গ্ৰুপৰ বণ্ড গ্ৰহণ কৰা বন্ধ কৰাটো আন এক আচৰিত ঘটনা আছিল । গ্ৰুপটোৰ বিষয়ে কেইবাটাও প্ৰশ্ন উত্থাপন হোৱাৰ লগতে সেইবোৰ মীমাংসা নোহোৱালৈকে এই কোম্পানীবোৰৰ পৰা আঁতৰি থকাটো বিচক্ষণতা যেন লাগিছে ।" মনীষে কয় ।

উল্লেখ্য, হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনে গ্ৰুপটোৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পিছৰে পৰা আদানি গ্ৰুপৰ কোম্পানীবোৰ (Adani group companies) ডুবিবলৈ আৰম্ভ কৰিছে । প্ৰতিবেদনখনত গৌতম আদানি নেতৃত্বাধীন গ্ৰুপটোক প্ৰৱঞ্চনামূলক লেনদেন আৰু শ্বেয়াৰৰ মূল্যৰ হেৰফেৰত জড়িত থকাৰ বাবে দোষাৰোপ কৰা হৈছে ।

অৱশ্যে আদানি গ্ৰুপে এই সকলো অভিযোগ মিছা বুলি খাৰিজ কৰি দৃঢ়তাৰে কৈছে যে এই ক্ষেত্ৰত আইনগত আৰু প্ৰয়োজনীয় বিবৃতি সকলো সম্পূৰ্ণৰূপে পালন কৰা হৈছে । লগতে হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনকো ভিত্তিহীন বুলি সমালোচনা কৰে । তাৰ লগতে অৱশ্যে আমেৰিকান বিত্তীয় গৱেষণা প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ যি ভাবুকি আদানি গ্ৰুপে প্ৰদান কৰিছে, সেই পদক্ষেপক আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানটোৱে আদৰণি জনাইছে । লগতে আমেৰিকা যুক্তৰাষ্ট্ৰত এনে গোচৰ ৰুজু কৰা হ'লে তেওঁলোকৰ গৱেষণা শক্তিশালী কৰিবলৈ আদানি গ্ৰুপৰ ৰেকৰ্ড বিচৰাটো অধিক সহায়ক হ'ব বুলি কৈছে ।

লগতে পঢ়ক :FPO withdrawal of Adani Group: বজাৰৰ অস্থিৰতাৰ বাবে এফপিঅ' প্ৰত্যাহাৰ কৰা হৈছে : গৌতম আদানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.