ETV Bharat / bharat

মুম্বাইত খহি পৰিল অট্টালিকা : 7 জন আঘাতপ্ৰাপ্ত

author img

By

Published : Nov 9, 2021, 1:30 PM IST

মুম্বাইৰ এনটপ হিল এলেকাত মঙলবাৰে আকস্মিকভাৱে খহি পৰে এটা তিনি মহলীয়া অট্টালিকা ৷ ধ্বংসস্তুপৰ পৰা সাতগৰাকী ব্যক্তিক জীৱন্তে উদ্ধাৰ কৰে অভিযানকাৰী দলে ৷

House collapses in Mumbai
মুম্বাইত খহি পৰিল ঘৰ

নেশ্যনেল ডেস্ক, 9 নৱেম্বৰ : মঙলবাৰে পুৱা প্ৰায় 8.10 বজাত মুম্বাইত এটা অট্টালিকা খহি পৰাত 7 জন মানুহ আঘাতপ্ৰাপ্ত হয় ৷ বাসগৃহটো মুম্বাইৰ জয় মহাৰাষ্ট্ৰ নগৰৰ এনটপ হিল এলেকাত অৱস্থিত ৷ অৱশ্যে ঘটনাটোত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই ৷ উক্ত ঘটনা সম্পৰ্কে সদৰী কৰে অগ্নি নিৰ্বাপক বাহিনীৰ এগৰাকী বিষয়াই ৷

ইতিমধ্যে ঘটনাস্থলীত চাৰিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন, এখন উদ্ধাৰকাৰী ভান আৰু অন্যান্য অগ্নি নিৰ্বাপক সঁজুলি সহিতে উদ্ধাৰকাৰী দল উপস্থিত হৈছে ৷ বৰ্তমানলৈকে অব্যাহত আছে উদ্ধাৰ অভিযান ৷ ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ৷

সম্প্ৰতি ধ্বংসস্তুপৰ মাজৰ পৰা সাতগৰাকী ব্যক্তিকে জীৱন্তে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ বৰ্তমানলৈকে সমগ্ৰ ঘটনাটোত হোৱা ক্ষয়-ক্ষতি আৰু বিনষ্ট হোৱা সামগ্ৰীৰ সঠিক হিচাপ লাভ কৰিব পৰা হোৱা নাই ৷

লগতে চাওক : দ্বিতীয় দিনাও লামডিং বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.