চিকিৎসালয়ত ২৪ ঘণ্টাৰো কম সময়ৰ বাবে ভৰ্তি হ’লেও মানুহে বীমা দাবী কৰিব পাৰে বুলি বডোদৰাৰ গ্ৰাহক মঞ্চই এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, বডোদৰাৰ ৰমেশচন্দ্ৰ যোশীয়ে ২০১৭ চনত গ্ৰাহক মঞ্চত ৰাষ্ট্ৰীয় বীমা কোম্পানীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল । যোশীয়ে দাবী কৰে যে ২০১৬ চনত তেওঁৰ পত্নীক ডাৰ্মাট’মাইঅ’চাইটিছৰ চিকিৎসাৰ বাবে ভৰ্তি কৰাইছিল(Health Insurance Claim)। এদিনতে তেওঁক ডিচচাৰ্জ দিয়া হয় । ইয়াৰ পিছত যেতিয়া তেওঁ চিকিৎসা বীমা কোম্পানীটোৰ পৰা ধন বিচাৰিছিল, তেতিয়া কোম্পানীটোৱে ৩.১৫ দফা উদ্ধৃতি দি যোশীৰ আবেদন নাকচ কৰিছিল(Hospitalization not must for claiming medical insurance)।
মঞ্চই কয় যে, আধুনিক যুগত নতুন চিকিৎসা আৰু ঔষধৰ বিকাশ ঘটিছে, যাৰ ফলত ৰোগীক কম সময়ত বা আনকি চিকিৎসালয়ত ভৰ্তি নোহোৱাকৈও চিকিৎসা প্ৰদান কৰা হৈছে । স্বাস্থ্য বীমা হৈছে আপোনাৰ লগতে আপোনাৰ পৰিয়ালক অভাৱনীয় চিকিৎসা ব্যয়ৰ পৰা ৰক্ষা কৰিবলৈ এক গুৰুত্বপূৰ্ণ বিনিয়োগ ।
স্বাস্থ্য বীমাৰ প্ৰকাৰ(Types of health insurance claims)
নগদবিহীন (Cashless)
বীমা কোম্পানীয়ে চিকিৎসালয়ৰ সৈতে সকলো চিকিৎসাৰ বিল পোনপটীয়াকৈ নিষ্পত্তি কৰে( health insurance Vadodara Consumer Forum)। কিন্তু বীমাকৃত ব্যক্তিক নগদবিহীন চিকিৎসালয়ত ভৰ্তি হোৱাৰ সুবিধা পাবলৈ কেৱল তালিকাত অন্তৰ্ভুক্ত চিকিৎসালয়তহে ভৰ্তি হোৱাটো প্ৰয়োজন ।
ৰিইম্বৰ্চেমেণ্ট (Reimbursement)
এই বীমাত পলিচিধাৰীয়ে ডিচচাৰ্জৰ সময়ত চিকিৎসালয়ত ভৰ্তিৰ খৰচ আগতীয়াকৈ পৰিশোধ কৰে আৰু পিছত বীমা কোম্পানীক ধন পৰিশোধৰ বাবে অনুৰোধ কৰে । নেটৱৰ্ক আৰু নন-নেটৱৰ্ক চিকিৎসালয় উভয়তে ৰিইম্বৰ্চেমেণ্টৰ দাবী উত্থাপন কৰিব পাৰি(Health Insurance Claim Vadodara) ।
স্বাস্থ্য বীমাৰ দাবী দাখিল কৰিবলৈ প্ৰয়োজনীয় নথি-পত্ৰ
- স্বাস্থ্য বীমা দাবী দাখিল কৰিবলৈ তলত দিয়া নথি-পত্ৰসমূহ দাখিল কৰিব লাগে:
- স্বাস্থ্য কাৰ্ড (স্বাস্থ্য বীমা আইডি কাৰ্ড)
- চিকিৎসকে দিয়া সকলো কনচালটেচন পেপাৰ
- সম্পূৰ্ণভাৱে পূৰণ কৰা দাবী প্ৰ-পত্ৰ
- সকলো তদন্ত আৰু নিদানৰ ৰিপৰ্ট, যেনে চিটি স্কেন, এক্স-ৰে, তেজৰ ৰিপৰ্ট ইত্যাদি ।
- পেমেণ্টৰ ৰচিদৰ সৈতে হস্পিতালৰ বিল
- নিজৰ প্ৰেছক্ৰিপচন আৰু পেমেণ্টৰ ৰচিদৰ সৈতে ফাৰ্মাচীৰ চালান
- ডিচচাৰ্জৰ সাৰাংশ
বীমা দাবীৰ প্ৰক্ৰিয়াকৰণ আৰু বিতৰণৰ পদ্ধতি বুজাটো অতি গুৰুত্বপূৰ্ণ । যোৱা কেইবছৰমানৰ পৰা বীমা দাবী দাখিল কৰাৰ পদ্ধতি তুলনামূলকভাৱে প্ৰত্যাহ্বানজনক হৈ পৰিছে ।
লগতে পঢ়ক: Medical Costs in Health Policy : স্বাস্থ্য নীতিয়ে সামৰিব লাগে সকলো চিকিৎসা ব্যয়