নেশ্যনেল ডেস্ক,১৯ জুন : বেংগালুৰুত হিট এণ্ড ড্ৰেগ ঘটনা । বাটাৰায়নপুৰ ট্ৰেফিক আৰক্ষী থানাৰ অন্তৰ্গত আৰ আৰ নগৰ মেট্ৰ' ষ্টেচনৰ সমীপত এই ঘটনা সংঘটিত হয় । নিশা ফুড ডেলিভাৰী এজন যুৱক এই ঘটনাৰ বলি হয় ।
জানিব পৰা মতে নিশা কেইজনমান বন্ধুৱে সুৰাপান কৰি বাহন চলাই আছিল । সেই সময়তে ফুড ডেলিভাৰী এজন যুৱকক বাহনখনে খুন্দা মাৰে । কেৱল খুন্দা মৰাই নহয় ৰাস্তাত পৰি থকা যুৱকজনক প্ৰায় ১০০ মিটাৰ দূৰত্বলৈ ঠেলি লৈ গৈছিল । পাচত, বাহনখনৰ চালক বিনায়কক স্থানীয় লোকসকলে কৰায়ত্ত কৰে আৰু আৰক্ষীক গতাই দিয়ে ।
বিজয়নগৰৰ বাসিন্দা বিনায়কে ৰাজাজী নগৰৰ এখন মহিন্দ্ৰা কাৰ শ্ব'ৰুমত চেলছ এক্সিকিউটিভ হিচাপে কাম কৰি আছিল । জানিব পৰা মতে বিনায়কে দেওবাৰে ইনচেণ্টিভৰ টকা লাভ কৰিছিল । সেই আনন্দতে তেওঁ বন্ধুবৰ্গৰ বাবে এটা পাৰ্টিৰ ব্যৱস্থা কৰিছিল । পাৰ্টিৰ পাছত, তেওঁলোকে সুৰাসক্ত অৱস্থাত যধেমধে বাহনখন চলাই আহিছিল । সেই সময়ত, বাইকত যাত্ৰা কৰি থকা প্ৰসন্ন কুমাৰ নামৰ যুৱকজনক পিছফালৰ পৰা খুন্দা মাৰি ১০০ মিটাৰলৈ ঠেলি লৈ গৈছিল । অৱশ্যে, ঘটনাস্থলীত বাহনখন ৰখোৱা নাছিল । সমীপৰ একাংশ লোকে বাহনখন খেদি গৈছিল । পাছত ৩ গৰাকী যুৱতী আৰু এজন যুৱকে বাহনখনৰ পৰা নামি পলায়ন কৰে ।
আনহাতে একাংশ উত্তেজিত লোকে বাহনখনত আক্ৰমণ কৰে । লগতে চালক বিনায়কক প্ৰহাৰ কৰে । ইয়াৰ পাছত স্থানীয় লোকসকলে চালক বিনায়কক বাটাৰায়নপুৰ যান-বাহন আৰক্ষীক গতাই দিয়ে । আনহাতে স্থানীয় লোকসকলে অভিযোগ কৰা মতে দুৰ্ঘটনাত পতিত বাহনখনৰ চালকজনে সুৰা পান কৰি আছিল ।
সমগ্ৰ ঘটনা সন্দৰ্ভত বটাৰায়নপুৰ যান-বাহন আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হয় । বাটাৰায়নপুৰ আৰক্ষীয়ে এই সন্দৰ্ভত তদন্তও অব্যাহত ৰাখিছে । ইফালে ঘটনাটোক লৈ সমগ্ৰ কৰ্ণাটকত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলিছে বিভিন্নজনে ।
লগতে পঢ়ক :Unnatural torture in Nashik central jail : সহকাৰাবন্দীক যৌন নিৰ্যাতন, থানাত গোচৰ ৰুজু