ETV Bharat / bharat

নিৰ্বাচন 2021 : ঐতিহাসিক ৰায়

author img

By

Published : May 12, 2021, 11:44 AM IST

এইটো দশকৰ প্ৰথম আৰু ক'ভিড মহামাৰীৰ সংক্ৰমণৰ পাচত হোৱা দ্বিতীয়টো নিৰ্বাচনত তামিলনাডুৰ এডিএমকে আৰু পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছ তৃতীয়বাৰ ক্ষমতা দখলৰ বাবে নিৰ্বাচনত অৱতীর্ণ হৈছিল । বাওঁ শিৱিৰে কেৰালাক ধৰি ৰাখিব বিচাৰিলে আৰু বিজেপিয়ে অসম আৰু বংগৰ ক্ষমতাৰ বাবে ভোট যুদ্ধত অৱতীৰ্ণ হৈছিল । এইবাৰ নিৰ্বাচন দেশৰ চাৰিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৮২৪ টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছিল ।

Historic verdict
Historic verdict

২০১৬ চনৰ বিধানসভা নিৰ্বাচনত এই ৰাজ্য সমূহত বিজেপিয়ে ৮২৪ টা সমষ্টিৰ ভিতৰত মাত্ৰ ৬৪ খন আসনহে দখল কৰিছিল । বিজেপিয়ে এইবাৰ হৈ যোৱা নিৰ্বাচনত সমগ্ৰ দেশতে নিজৰ আধিপত্য বিস্তাৰৰ এক আশা লৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও নেতা সকলে কিন্তু ভোটাৰ সকলৰ মনৰ কথা বুজিবলৈ সক্ষম নোহোৱা বুলিহে ধাৰণা হয় । পণ্ডিচেৰীত বিজেপিয়ে ৰংগা স্বামীৰ দলৰ সৈতে একেলগে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ।

১৯৭৫ চনত এম কে কৰুণনিধিয়ে তেওঁৰ পুত্ৰ এম কে ষ্টেলিনৰ পিঠি চপৰিয়াই কৈছিল যে, "ইন্দিৰা গান্ধীয়ে তোমাক ডাঙৰ নেতা হিচাপে চাব বিচাৰে । গতিকে কঠিন সময়ৰ মুখামুখি হ’বলৈ সাজু হোৱা ।" ষ্টেলিনেও বিগত সময় চোৱাত যথেষ্ট কঠিন সময় আৰু পৰিস্থিতিৰ সন্মুখীন হৈছিল । ২০১৬ চনৰ নিৰ্বাচনৰ আগতে তেওঁ 'নামাক্কো নামে' নামেৰে তামিলনাডুৰ ইমূৰৰ পৰা সিমূৰলৈ কৰা পদযাত্ৰাই কিন্তু এইবাৰৰ নিৰ্বাচনত ষ্টেলিন তথা তেওঁৰ দলৰ বাবে সুখবৰ কঢ়িয়াই আনে । যোৱা নিৰ্বাচনত যদিও ভোটাৰ সকলে তেওঁৰ দলক মাত্ৰ ৩৭ শতাংশ ভোটদান কৰিছিল, কিন্তু সদ্য সমাপ্ত নিৰ্বাচনত ভোটাৰে দলটোক সম্পূৰ্ণ মতদান কৰি জয়ী কৰায় ।

কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে ক'ভিড মহামাৰীৰ পৰা ৰাজ্যখনৰ ৰাইজক বচাবলৈ সুদক্ষ পৰিকল্পনাৰে কাম কৰিছিল আৰু তাৰ বাবে ভোটাৰ ৰাইজে দলটোক আকৌ এবাৰ ক্ষমতাত অধিষ্ঠিত কৰায় । যদিও বিজেপিয়ে কেৰালাত ২০১৬ চনৰ নিৰ্বাচনত নিজৰ একাউণ্ট খুলিবলৈ সক্ষম হৈছিল, এইবাৰৰ নিৰ্বাচনত কেৰালাৰ ভোটাৰে দলটোক প্ৰত্যাখান কৰে । কেৰালাৰ নিৰ্বাচনৰ ফলাফল বহু দিশৰ পৰা চাবলৈ গ’লে বিশেষ আৰু অন্যন্য ।

আনহাতে, পশ্চিম বংগৰ নিৰ্বাচনে সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিছিল । বিজেপিয়ে ৰাজ্যখনত তৃণমূল কংগ্ৰেছৰ আধিপত্য শেষ কৰিবলৈ সমগ্ৰ শক্তি ব্যৱহাৰ কৰিছিল । নিৰ্বাচন অনুষ্ঠিত হোৱা চাৰিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত পশ্চিম বংগই আছিল বৃহৎ য'ত নিৰ্বাচন ৮ টা পৰ্যায়ত অনুস্থিত হয় । লগতে ৰাজ্যখনত নিৰ্বাচনৰ বাবে মোতায়েন কৰা হৈছিল চি আৰ পি এফ, যাক তৃণমূল কংগ্ৰেছে বিৰোধিতা কৰিছিল । তৃণমূল কংগ্ৰেছে নিৰ্বাচনৰ প্ৰত্যেকটো বিষয়তে নিৰ্বাচন আয়োগৰ লগত যুঁজিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল । যদিও কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনত বিজেপিয়ে ২০০খন আসন দখল কৰিব বুলি সজোৰে দাবী কৰিছিল, পশ্চিম বংগৰ ভোটাৰে কিন্তু মমতা বেনাৰ্জীক ২০১৬ চনৰ ২১১ খন আসনতকৈও বেছি আসনেৰে জয়ী কৰাই ইতিহাস ৰচনা কৰিছিল ।

২০১৬ চনত পশ্চিম বংগত বিজেপিয়ে মাত্ৰ ১০.২ শতাংশ ভোট লাভেৰে তিনিখন আসন লাভ কৰিবলৈ সক্ষম হৈছিল । ৰাজ্যখনত বিজেপিৰ আশা বৃদ্ধি হয় যেতিয়া ২০১১ চনৰ নিৰ্বাচনত দলটোৱে ১৮ খন লোকসভাৰ আসন দখল কৰিবলৈ সক্ষম হয় । ১৮ খন আসন দখলে বিজেপিৰ স্থিতি ১২১ টা বিধানসভা সমষ্টিত সৱল কৰা বুলি ধাৰণা কৰা হৈছিল । এই ধাৰণাৰ বাবেই বিজেপিয়ে সমস্ত শক্তিৰে পশ্চিম বংগৰ ক্ষমতা দখলৰ বাবে আগবাঢ়ে যদিও সদ্য সমাপ্ত নিৰ্বাচনৰ ফলাফলে গেৰুৱা দলটোক হতাশাৰ ফালেহে ঠেলি দিয়া দেখা যায় । সমস্ত কূটনীতিৰ বাহিৰেও গেৰুৱা দলটোৱে তৃণমূল এৰা লোক সকলক লৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হয় যদিও সফলতাৰ পৰা বঞ্চিত হয় । বাওঁ আৰু কংগ্ৰেছ দলে ২০১৬ চনৰ নিৰ্বাচনত ৩২ আৰু ৪৪ খন আসন দখল কৰিছিল যদিও সদ্য সমাপ্ত নিৰ্বাচনত দুয়োটা দলেই এখনো আসন দখল কৰিবলৈ সক্ষম নহ’ল । পশ্চিম বংগ নিৰ্বাচনত দুখৰ কথা এয়াই যে, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিজৰ দখলত থকা নন্দীগ্ৰাম সমষ্টিত তেওঁৰ পুৰণি সতীৰ্থ আৰু বৰ্তমানৰ বিজেপিৰ নেতা শোভেন্দু অধিকাৰীৰ হাতত পৰাজয় বৰণ কৰিব লগীয়া হয় ।

২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত বিজেপিয়ে চমকপ্ৰদ প্ৰদৰ্শন কৰে আৰু ক্ষমতালৈ আহে । এইবাৰ উত্তৰ পূবৰ এই ৰাজ্যখনত বিজেপিয়ে নিজৰ বিজয়ৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হয় । কংগ্ৰেছ দলে ৩৪ শতাংশ মুছলিম ভোট লাভ কৰাৰ আশাত এ আই ইউ ডি এফ দলৰ লগত একেলগে নিৰ্বাচনত অৱতীৰ্ণ হয় যদিও, বিজেপি মিত্ৰজোঁটে ১২৬ খন আসনৰ ৭৫ খনেই নিজৰ দখললৈ নিবলৈ সক্ষম হয় । ৰাজ্য খনৰ ভোটাৰ সকলে ৰাজ্যখনৰ লগত জড়িত বিষয় সমূহৰ ওপৰত ভিত্তি কৰি এক পৰিপক্ক আৰু ঐতিহাসিক ৰায় দান কৰে ।

লগতে পঢ়ক- ডিআৰডিঅ’ৰ দ্বাৰা বিকশিত এন্টি-ক’ভিড ঔষধৰ আঁৰৰ ব্যক্তিজনৰ কথাৰে...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.