ETV Bharat / bharat

84 খন আসন লাভ কৰিব বুলি নিশ্চিত ড৹ হিমন্ত বিশ্ব শৰ্মা - বিধানসভা নিৰ্বাচন

বিধানসভা নিৰ্বাচনত 84 খন আসন লাভ কৰি বিজেপিয়ে জয়লাভ কৰিব বুলি মন্তব্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ শনিবাৰে ত্ৰিপুৰাত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে এই মন্তব্য কৰে ৷ আসনৰ সংখ্যা কিছু পৰিমাণে কমিলেও বিজেপিয়ে জয়লাভ কৰাটো নিশ্চিত বুলি মন্তব্য মন্ত্ৰী গৰাকীৰ ৷

himanta biswa sarma sure about winning 84 seats in assam assembly election
84 খন আসন লাভ কৰিব বুলি নিশ্চিত ড৹ হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : Apr 10, 2021, 9:19 PM IST

আগৰতলা, 10 এপ্ৰিল: অসম বিধানসভা নিৰ্বাচনত প্ৰায় 84 খন আসন লাভ কৰি বিজেপিয়ে দিছপুৰৰ মছনদ দখল কৰিব বুলি আশাবাদী নেডাৰ আহ্বায়ক তথা বিজেপিৰ প্ৰভাৱশালী মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ শনিবাৰে ত্ৰিপুৰাত উপস্থিত হৈ মন্ত্ৰী ড৹ শৰ্মাই এই মন্তব্য কৰে ৷

শনিবাৰে পুৱাৰ ভাগত ৰাজ্যখনত উপস্থিত হৈ মন্ত্ৰী শৰ্মাই সাংবাদিকে বিধানসভা নিৰ্বাচনৰ প্ৰসংগত সোধা প্ৰশ্নৰ উত্তৰত কয় যে, "সামগ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে 84 খন আসন লাভ কৰাৰ সম্ভাৱনা আছে ৷ আসনৰ সংখ্যা কিছু পৰিমাণে কমিবও পাৰে কিন্তু বিজেপিয়ে জয়লাভ কৰাটো নিশ্চিত ৷ " টিটিএএডিচি (ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল ) ৰ নিৰ্বাচনটো বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি জানিবলৈ দি মন্ত্ৰী গৰাকীয়ে কয় যে, "ত্ৰিপুৰাৰ কাৰ্যকৰ্তা সকলৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আমি টিটিএএডিচি ৰ নিৰ্বাচনত 14 বা 15 খন আসন লাভ কৰিম ৷

84 খন আসন লাভ কৰিব বুলি নিশ্চিত ড৹ হিমন্ত বিশ্ব শৰ্মা

ত্ৰিপুৰা চৰকাৰে ভিজন ডক্যুমেন্টত দিয়া প্ৰতিশ্ৰুতি অনুসৰি কাম কৰিব বুলি মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে 10,323 গৰাকী শিক্ষকৰ প্ৰসংগতো নিজৰ মন্তব্য প্ৰকাশ কৰে ৷ তেওঁ কয় যে, "এই সকলো আইনী বিষয় ৷ মই যিমানদূৰ জানো চৰকাৰে এই বিষয়টো সমাধান কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷ নিৰ্বাচনী ব্যস্ততা শেষ হোৱাৰ পাছতে মই এই প্ৰসংগত ত্ৰিপুৰা চৰকাৰৰ সৈতে কথা পাতিম ৷ "

তেওঁৰ ত্ৰিপুৰা ভ্ৰমণ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে, ক'ভিড-19 সৃষ্ট পৰিস্থিতিৰ বাবে তেওঁ বিগত বৰ্ষত ত্ৰিপুৰা সুন্দৰী মন্দিৰ দৰ্শন কৰিব নোৱাৰিলে ৷ যিহেতু প্ৰতিবছৰেই তেওঁ এই মন্দিৰ দৰ্শনৰ বাবে আহে সেয়েহে এইবাৰ নিৰ্বাচন শেষ হোৱাৰ পাছত তেওঁ মন্দিৰ দৰ্শনৰ বাবে যোৱা বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে ৷

উল্লেখনীয়ভাৱে টিটিএএডিচি নিৰ্বাচনৰ মাজতে মন্ত্ৰী গৰাকীৰ এই ভ্ৰমণে ৰাজ্যখনৰ ৰাজনৈতিক প্ৰেক্ষাপটত বহুটো প্ৰশ্নৰ উদ্ৰেক ঘটাইছে ৷ বহুকেইটা ৰাজনৈতিক দলে তেওঁৰ এই ভ্ৰমণ নিৰ্বাচনৰ সৈতে জড়িত বুলি মন্তব্য কৰাৰ বিপৰীতে বিজেপিৰ শীৰ্ষ নেতা সকলে এই সকলো মন্তব্যক নস্যাৎ কৰি তেওঁৰ ভ্ৰমণক সম্পূৰ্ণ বুলি ব্যক্তিগত বুলি মন্তব্য কৰিছে ৷

লগতে পঢ়ক: পশ্চিমবংগৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.