ETV Bharat / bharat

Rain Hits Himachal Pradesh : হিমাচলত বৰষুণৰ বিধ্বংসী ৰূপ; বিগত ৩ দিনত ৭২ জনৰ মৃত্যু - Sukhvinder Sukhu visited disaster affected areas

হিমাচল প্ৰদেশত বিগত ৩ দিনত ৭২ জন লোকৰ মৃত্যু হৈছে । মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে দুৰ্যোগপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰিছে । ইফালে মুখ্যমন্ত্ৰীয়ে কয় যে হিমাচল প্ৰদেশ সম্পূৰ্ণৰূপে স্বভাৱিক অৱস্থালৈ উভতি আহিবলৈ এবছৰ লাগিব ।

Rain Hits Himachal Pradesh
Rain Hits Himachal Pradesh
author img

By

Published : Aug 17, 2023, 6:03 PM IST

নিউজ ডেস্ক, ১৭ আগষ্ট : চলিত বছৰৰ বৰষুণে হিমাচল প্ৰদেশত বিধ্বংসী ৰূপ ধাৰণ কৰিছে । আনহাতে, বৰষুণৰ সৈতে অহা দুৰ্যোগৰ চিহ্ন এতিয়া চিমলাৰ পৰা কুল্লুলৈকে, মাণ্ডিৰ পৰা চম্বালৈকে প্ৰতিখন জিলাতে দেখা পোৱা গৈছে । শ শ পথ ধ্বংস হৈছে আৰু বহুতো শক্তি আৰু খোৱাপানীৰ প্ৰকল্প স্থবিৰ হৈ পৰিছে । ২৪ জুনত বাৰিষাৰ আগমনৰ লগে লগে হিমাচলত বৰষুণে বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰে । ইয়াৰ পিছত ৮, ৯ আৰু ১০ জুলাইত হোৱা বৰষুণ বিগত ৫ দশকত কোনোৱে প্ৰত্যক্ষ কৰা নাছিল । ইয়াৰ পিছত আগষ্টৰ ১৩ আৰু ১৪ তাৰিখে বৰষুণে বহু ঠাইত বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি কৰে ।

আনহাতে, দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব ওঙ্কাৰ চান্দ শৰ্মাই কয় যে যোৱা ১৩, ১৪ আৰু ১৫ আগষ্ট এই তিনিটা দিনত সমগ্ৰ ৰাজ্যজুৰি বৰষুণৰ ফলত ৭২ জন লোকে প্ৰাণ হেৰুৱাইছে । এই সংখ্যা আৰু অধিক বৃদ্ধি হ'ব পাৰে, কিয়নো কিছুমান ঠাইত ভূমিস্খলনৰ পিছত বহু লোক ধ্বংসস্তূপৰ তলত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে আৰু উদ্ধাৰ অভিযান চলি আছে । তাৎপৰ্যপূৰ্ণভাৱে ইয়াৰে ৫০ টাতকৈও অধিক মৃত্যুৰ ঘটনা ১৩-১৪ তাৰিখৰ ভিতৰত সংঘটিত হৈছে ।

উল্লেখ্য যে কুল্লু, মাণ্ডি, চোলান আৰু চিমলাৰ উপৰি কাংৰা জিলাতো ধাৰাসাৰ বৰষুণ হৈছে । বুধবাৰে মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে কাংৰা জিলাৰ এক আকাশী জৰীপ চলায় আৰু এই দুৰ্যোগ সম্পৰ্কীয় তথ্য লাভ কৰাৰ বাবে বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় আৰু প্ৰশাসনক প্ৰয়োজনীয় নিৰ্দেশনা দিয়ে ।

  • आज हवाई सर्वेक्षण के माध्यम से जिला कांगड़ा के फतेहपुर और इंदौरा विधानसभा के क्षेत्रों में बाढ़ से प्रभावित स्थलों का जायजा लिया।बाढ़ प्रभावित डमटाल और शेखपुरा का दौरा भी किया जहां राहत शिविर स्थापित किए गए हैं। अधिकारियों को प्रभावितों को खाद्य पदार्थों, चिकित्सा सुविधा और… pic.twitter.com/NVR0PPoKk3

    — Sukhvinder Singh Sukhu (@SukhuSukhvinder) August 16, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মুখ্যমন্ত্ৰী সুখুৱে কয় যে কাংৰা জিলাৰ ফতেহপুৰ আৰু ইন্দোৰা বিধানসভা সমষ্টিত বানপানীৰ পৰিস্থিতি সৃষ্টি হৈছে । ইয়াৰ বাবে কিন্তু বৰষুণ নহয়, বান্ধৰ পৰা এৰি দিয়া পানীহে দায়ী। মটৰবোট, সেনা আৰু হেলিকপ্টাৰৰ সহায়ত বানপীড়িত অঞ্চলসমূহৰ পৰা ২,২০০-ৰো অধিক লোকক স্থানান্তৰ কৰা হৈছে । মুখ্যমন্ত্ৰীয়ে কয় যে সৌভাগ্যক্ৰমে এই বানত কাৰো মৃত্যু হোৱা নাই, কিন্তু ক্ষয়-ক্ষতি যথেষ্ট বেছি হৈছে । পং বান্ধৰ পৰা পানী এৰি দিয়াৰ ফলত বিয়াছ নদীয়ে ইয়াৰ গতিপথ সলনি কৰে আৰু বহুতো অঞ্চল বানৰ পানীত প্লাবিত হয় ।

  • Conducted an aerial survey of Fatehpur and Indora in Kangra district to assess the extent of the calamity's impact.Witnessed the heartbreaking aftermath of the calamity. The strength and resilience of our people in the face of adversity is truly inspiring. We stand united to… pic.twitter.com/Zp4cNdACmN

মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখুৱে কয় যে বিগত ৪ দিনত ৰাজ্যখনত ১৫৭% অতিৰিক্ত বৰষুণ হৈছে । যাৰ ফলত সমগ্ৰ ৰাজ্যখনতে ক্ষতি হৈছে । মুখ্যমন্ত্ৰীয়ে কয় যে বন্ধ কৰা ১২২০ টা পথৰ ভিতৰত ৪০০ টা পথ মুকলি কৰা হৈছে । মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত বিদ্যুৎ আৰু খোৱাপানীৰ সুবিধা উন্নত কৰাৰো নিৰ্দেশনা দিয়ে । মুখ্যমন্ত্ৰী সুখুৰ মতে, চিমলাত ধাৰাসাৰ বৰষুণৰ ফলত ৫০০ গছ উভালি পৰিছে । যাৰ বাবে স্থানীয় লোকসকলে সমস্যাৰ সন্মুখীন হৈছে । এনে পৰিস্থিতিত বন বিভাগক যিমান সম্ভৱ সোনকালে উপযুক্ত পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়া হৈছে ।

আনহাতে, ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি, ৰাজ্যখনত ১,৭৬২ টা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছে । ইয়াৰ উপৰি ৮,৯৫২ টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে । এই বছৰ বাৰিষাৰ সময়ত এতিয়ালৈকে ১১৩ টা ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে । ওংকাৰ শৰ্মাৰ মতে, সকলো ঠাইতে সাহায্য আৰু উদ্ধাৰকাৰ্য চলি আছে আৰু জিলা প্ৰশাসনৰ লগতে আৰক্ষী, এনডি আৰএফ, এছডিআৰএফ আৰু স্থানীয় লোকসকল এই কামত নিয়োজিত হৈ আছে । এতিয়ালৈকে ২,৫০০ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে ।

লগতে পঢ়ক :Threat to Ram Jhula Bridge: উত্তৰাখণ্ডত ভূমিস্খলন; জাহ যোৱাৰ উপক্ৰম ঋষিকেশৰ ৰাম ঝুলা দলং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.