ETV Bharat / bharat

হিমাচলৰ দুৰ্যোগপীড়িত পৰিয়াললৈ চৰকাৰৰ বৃহৎ অনুদান

সোলান জিলাৰ ক্ষতিগ্ৰস্ত প্ৰায় ৩৭৭ টা পৰিয়ালক প্ৰথম কিস্তি হিচাপে চৰকাৰে ৩ লাখ টকা প্ৰদান কৰিছে । ক্ষতিগ্ৰস্ত লোকসকলক বিনামূলীয়া বিদ্যুৎ আৰু পানী যোগান ধৰা হৈছে । আংশিক ক্ষতিগ্ৰস্ত ঘৰৰ ক্ষেত্ৰত ক্ষতিপূৰণ ১ লাখ টকালৈ বৃদ্ধি কৰা হৈছে ।

author img

By ANI

Published : Dec 1, 2023, 9:26 AM IST

Himachal CM Sukhu distributes compensation
হিমাচলৰ দুৰ্যোগপীড়িত পৰিয়াললৈ চৰকাৰৰ বৃহৎ অনুদান

নেশ্যনেল ডেস্ক, ১ ডিচেম্বৰ : হিমাচল প্ৰদেশৰ সোলানৰ দুৰ্যোগপীড়িত পৰিয়ালসমূহক চৰকাৰে 'পুনৰভাস' আঁচনিৰ অধীনত প্ৰায় ১১.৩১ কোটি টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিছে । হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে বৃহস্পতিবাৰে 'পুনৰভাস' আঁচনিৰ অধীনত ক্ষতিপূৰণ বিতৰণ কৰে । ক্ষতিগ্ৰস্ত প্ৰায় ৩৭৭ টা পৰিয়ালক প্ৰথম কিস্তি হিচাপে ৩ লাখ টকা প্ৰদান কৰা হৈছে ।

চৰকাৰে এতিয়ালৈকে চোলান জিলাৰ দুৰ্যোগ পীড়িত লোকসকলক ৪২.৫৩ কোটি টকাৰ ক্ষতিপূৰণ দিছে । লক্ষণীয়ভাৱে চোলান জিলাত হোৱা দুৰ্যোগৰ ফলত প্ৰায় ৮,৭০০ পৰিয়াল ক্ষতিগ্ৰস্ত হৈছিল । জিলাখনত ৩৭৭ টা পৰিয়ালৰ ঘৰ সম্পূৰ্ণ ধ্বংস হৈ গৈছিল । আনহাতে প্ৰায় ৫০০ টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছিল ।

আঁচনিখন মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সম্পূৰ্ণ ক্ষতিগ্ৰস্ত ঘৰৰ ক্ষেত্ৰত ক্ষতিপূৰণৰ পৰিমাণ ৫ গুণতকৈ অধিক বৃদ্ধি কৰা হৈছে । ক্ষতিপূৰণ ১.৩০ লাখ টকাৰ পৰা ৭ লাখ টকালৈ বৃদ্ধি কৰা হৈছে । লগতে মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক বিনামূলীয়া বিদ্যুৎ আৰু পানী যোগান ধৰিছে । লগতে গৃহ নিৰ্মাণৰ বাবে চিমেণ্ট প্ৰতি বেগত ২৮০ টকাৰ চৰকাৰী হাৰত দিয়া হৈছে ।

ইয়াৰ উপৰিও, কেঁচা আৰু পকী ঘৰৰ আংশিক ক্ষতিৰ ক্ষেত্ৰত দিয়া ক্ষতিপূৰণ ১ লাখ টকালৈ বৃদ্ধি কৰা হৈছে । মুখ্যমন্ত্ৰীৰ মতে ৰাজ্য চৰকাৰে প্ৰতিগৰাকী প্ৰভাৱিত ব্যক্তিৰ বেদনা বুজি পায় । যাৰ বাবে প্ৰতিগৰাকী প্ৰভাৱিত লোকক পৰ্যাপ্ত সহায় আগবঢ়োৱা হৈছে ।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে পূৰ্বৰ চৰকাৰে লোৱা প্ৰায় ৭৫,০০০ কোটি টকাৰ ঋণ এইখন চৰকাৰৰ মূৰত আছে । অৱশ্যে, চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণ, কৰ্মচাৰী আৰু বিষয়াসকলৰ সহযোগিতাৰে প্ৰত্যাহ্বানসমূহৰ কাৰ্যকৰীভাৱে মোকাবিলা কৰি আছে । মুখ্যমন্ত্ৰী সুখুৰ মতে তেওঁৰ পৰিয়ালৰ কোনেও পূৰ্বে ৰাজনীতিত নাছিল । সেয়ে তেওঁ চৰকাৰী আঁচনিসমূহৰ লাভালাভ আটাইতকৈ বঞ্চিত লোকলৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে ।

ৰাজ্য চৰকাৰে ৰাজ্যখনৰ ৪,০০০ অনাথ শিশুৰ দায়িত্ব লৈছে । দেশৰ ভিতৰতে হিমাচলে প্ৰথমে আইন প্ৰণয়ন কৰিছে আৰু মুখ্যমন্ত্ৰী সুখ আশ্ৰয় যোজনা আৰম্ভ কৰিছে । যাৰ অধীনত চৰকাৰে এই শিশুসকলৰ ২৭ বছৰ বয়সলৈকে যত্ন ল'ব আৰু তেওঁলোকক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ তেওঁলোকৰ উচ্চ শিক্ষাৰ ব্যয়ো বহন কৰিব ।

ৰাজ্য চৰকাৰৰ সফলতাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে যোৱা ১০ মাহত ৩টা গ্যেৰাণ্টি পূৰণ কৰিছে আৰু বাকীবোৰ পৰ্যায়ক্ৰমে পূৰণ কৰিব । বিত্তীয় সংকট স্বত্বেও ৰাজ্য চৰকাৰে এক সামাজিক আৰু মানৱীয় দৃষ্টিভংগী গ্ৰহণ কৰিছে আৰু চৰকাৰী কৰ্মচাৰীসকলৰ বাবে পুৰণি পেঞ্চন আঁচনি ৰূপায়ণ কৰি প্ৰথম গ্যেৰাণ্টি পূৰণ কৰিছে ।

স্বাস্থ্য মন্ত্ৰী ধনী ৰাম শাণ্ডিলেও অনুষ্ঠানটোত ভাষণ দি কয় যে এই বছৰ ৰাজ্যখন অত্যাধিক বৰষুণৰ বাবে এক বৃহৎ দুৰ্ঘটনাৰ সন্মুখীন হৈছে আৰু ৰাজ্য চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলৰ দুখ-কষ্ট বুজিছে আৰু তেওঁলোকক সহায়ৰ বাবে সকলো সম্ভৱ প্ৰচেষ্টা চলাই আছে ।

ইফালে ৰাজ্যখনৰ দুৰ্যোগৰ কথা চিন্তা কৰি বিভিন্ন প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে চৰকাৰলৈ সাহায্য আগবঢ়াইছে । যোগিন্দ্ৰ বেংকৰ অধ্যক্ষ মুকেশ শৰ্মাই কৃষি সমবায় স্থিতিশীলতা পুঁজিৰ অধীনত মুখ্যমন্ত্ৰীক ২.৫১ কোটি টকাৰ চেক প্ৰদান কৰে ।

তেওঁ মুখ্যমন্ত্ৰীক আপদা ৰাহাত কোষৰ অধীনত ২০ লাখ টকাৰ চেকো প্ৰদান কৰে । ইয়াৰ উপৰিও, আৰ্কি ব্লক কংগ্ৰেছে চৰকাৰক ২.৬৩ লাখ টকাৰ চেক প্ৰদান কৰে । ৰোটাৰী ক্লাব চোলানৰ সভাপতি সাংসদ কানৱাৰে ২.৫১ লাখ টকাৰ চেক প্ৰদান কৰে আৰু অধিবক্তা বৈভৱ কুমাৰে মুখ্যমন্ত্ৰীক আপদা ৰাহাত কোষৰ অধীনত ১.৫১ লাখ টকাৰ চেক প্ৰদান কৰে ।

লগতে পঢ়ক :বছৰৰ প্ৰথম তুষাৰপাত; জম্মু-কাশ্মীৰৰ গুলমাৰ্গত আনন্দত আত্মহাৰা পৰ্যটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.