নেশ্যনেল ডেস্ক, 14 ছেপ্টেম্বৰ : গুজৰাটৰ কান্দলাৰ টুনা আউট পোষ্টৰ সমুদ্ৰৰ তীৰৰ পৰা হেৰ’ইনৰ পেকেট জব্দ কৰা হৈছে ৷ জব্দকৃত হেৰ’ইনৰ পেকেটটোৰ ওজন প্ৰায় 1 কিলোগ্ৰাম আৰু হেৰ’ইনখিনিৰ মূল্য প্ৰায় 5.09 কোটি হ’ব বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে জব্দ কৰা নিচাযুক্ত সামগ্ৰীখিনিৰ বিৰুদ্ধে কান্দলাৰ মেৰিন আৰক্ষীয়ে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে ৷
ঘটনাৰ বিৱৰণী অনুসৰি মাছমৰীয়াসকলে প্ৰতিদিনৰ দৰেই মাছ সাগৰলৈ মাছ মাৰিবলৈ গৈছিল ৷ ঠিক সেই সময়তে মাছমৰীয়াসকলে সমুদ্ৰৰ তীৰত এটা পেকেট পৰিলক্ষিত কৰে ৷ পেকেটটো পৰিলক্ষিত কৰিয়েই মাছমৰীয়া সকলে স্থানীয় আৰক্ষীক অৱগত কৰে ৷
ঘটনাৰ খবৰ লাভ কৰিয়েই কান্দলা মেৰিন আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাস্থলী পৰিদৰ্শন কৰে ৷ কান্দলা মেৰিন আৰক্ষীৰ আৰক্ষী পৰিদৰ্শক হীনা কে হুনবালৰ নেতৃত্বত এটা আৰক্ষীৰ দলে তৎক্ষণাৎ সামগ্ৰীখিনি উদ্ধাৰ কৰি হেৰ’ইন বুলি চিনাক্ত কৰে ৷ লগে লগে আৰক্ষীয়ে ওচৰৰ মাছমৰীয়াসকলক সোধা পোছা কৰে যদিও কোনেও এই সন্দৰ্ভত একো তথ্য দিব নোৱাৰে ৷ ইয়াৰ পিচতে আৰক্ষীয়ে অঞ্চলটোত টহলদাৰী আৰক্ষী নিয়োজিত কৰাৰ লগতে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷
লক্ষ্যণীয় যে, ইয়াৰ পূৰ্বেও কচ্ছৰ সমুদ্ৰৰ তীৰত প্ৰায়ে নিচাজাতীয় সামগ্ৰী জব্দ কৰা হয় ৷ বিশেষকৈ পশ্চিম কচ্ছৰ লাখপত আৰু আব্দাচা অঞ্চলত নিচাজাতীয় সঘনাই সামগ্ৰী জব্দ কৰা হয় ৷ কিন্তু শেহতীয়াকৈ পূব কচ্ছৰ কান্দলা সাগৰীয় এলেকাতো নিচাজাতীয় সামগ্ৰীৰ অবাধ বেহা পৰিলক্ষিত হৈছে ৷ বিগত কেইবাটাও দিনত পূব কচ্ছৰ কান্দলা সাগৰীয় এলেকাত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰা হয় ৷
লগতে পঢ়ক: Heroin seized: হেৰ’ইনসহ দুই সৰবৰাহকাৰীক আটক