ETV Bharat / bharat

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ অভিযান নিষ্ক্ৰিয় কৰিবলৈ হেলিকপ্টাৰ ব্যৱহাৰ - Indian army

J & K Militant operation: সন্ত্ৰাসবাদীৰ সৈতে যুঁজিবলৈ আৰু অভিযান নিষ্ক্ৰিয় কৰিবলৈ সেনাৰ হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে । লগতে সন্ত্ৰাসবাদীৰ অৱস্থান ট্ৰেক কৰিবলৈ কেমেৰা ব্যৱহাৰ কৰা হৈছে ।

army Helicopters operation in Jammu Kashmir
জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ অভিযান নিষ্ক্ৰিয় কৰিবলৈ হেলিকপ্টাৰ ব্যৱহাৰ
author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 5:25 PM IST

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযানত হেলিকপ্টাৰ ব্যৱহাৰ সেনাৰ

নিউজ ডেস্ক, ২২ ডিচেম্বৰ : জম্মু-কাশ্মীৰত ধাৰাবাহিকভাৱে চলি আছে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা । আনহাতে, সন্ত্ৰাসবাদীৰ এই আক্ৰমণত বহুকেইগৰাকী সেনা জোৱানকে ধৰি বিষয়া শ্বহীদ হৈছে । তাৰেই পৰিপ্ৰেক্ষিতত সন্ত্ৰাসবাদীক দমন কৰিবলৈ ভাৰতীয় সেনাই গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । এইবাৰ সন্ত্ৰাসবাদীয়ে চলাই থকা অভিযান নিষ্ক্ৰিয় কৰিবলৈ হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে । সেনা জোৱানৰ ওপৰত আক্ৰমণৰ ঘটনাৰ পিছত ভাৰতীয় সেনা আৰু আৰু আৰক্ষীয়ে গ্ৰহণ কৰিছে এই পদক্ষেপ ।

উল্লেখ্য যে বৃহস্পতিবাৰে সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাত ৫ গৰাকী সেনা জোৱান শ্বহীদ হোৱাৰ পিছত অঞ্চলটোত ব্যাপক তালাচী অভিযান আৰম্ভ কৰিছে । অঞ্চলটোক কেউফালৰ পৰা নিৰাপত্তা বেষ্টনীৰে আৱৰি ৰখা হৈছে । আনহাতে, শুকুৰবাৰে পুৱা এক বৃহৎ বাহিনী লৈ নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান আৰম্ভ কৰে ।

আনহাতে, সন্ত্ৰাসবাদীৰ সৈতে যুঁজিবলৈ আৰু অভিযান নিষ্ক্ৰিয় কৰিবলৈ সেনাৰ হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে । লগতে সন্ত্ৰাসবাদীৰ অৱস্থান ট্ৰেক কৰিবলৈ কেমেৰা ব্যৱহাৰ কৰা হৈছে । ইয়াৰ উপৰি পেৰা কমাণ্ডোসহ অতিৰিক্ত সেনাক সন্ত্ৰাসবাদীক ট্ৰেক কৰিবলৈ অঞ্চলটোত অন্তৰ্ভুক্ত কৰা হৈছে ।

উল্লেখ্য যে সেনাৰ বিষয়াসকলে জনোৱা অনুসৰি, বৃহস্পতিবাৰে আবেলি প্ৰায় ৩.৪৫ বজাত তালাচী অভিযানস্থলীলৈ জোৱানসকলক কঢ়িয়াই নিয়া সেনাৰ দুখন বাহন দুখন চুৰানকোট আৰক্ষী থানাৰ অধীনৰ ডেৰা কি গলি আৰু বুফ্লিয়াজৰ মাজত ধাতিয়াৰ মৰ্হৰ এটা ভাঁজত আক্ৰমণৰ সন্মুখীন হয় ।

আনহাতে, আক্ৰমণৰ পিছতে সন্ত্ৰাসবাদীয়ে কমেও দুজন জোৱানৰ মৃতদেহ বিকৃত কৰে আৰু তেওঁলোকৰ কিছুমানৰ অস্ত্ৰ কাঢ়ি লোৱা বুলি বিষয়াসকলে জনায় । নিৰাপত্তা বিষয়াসকলে লগতে কয় যে আক্ৰমণত ষ্টীলৰ গুলীসহ ব্যৱহৃত বিভিন্ন অস্ত্ৰ আৰু আক্ৰমণৰ ধৰণ জানিবলৈ ঘটনাস্থলীত অনুসন্ধান চলোৱা হৈছে ।

উল্লেখ্য যে বৃহস্পতিবাৰৰ এই সন্ত্ৰাসবাদী আক্ৰমণত ঘটনাস্থলীতে তিনিগৰাকী জোৱানৰ মৃত্যু হয় । আনহাতে, হাস্পতাললৈ স্থানান্তৰৰ পিছত আন এগৰাকী জোৱানৰ মৃত্যু হয় । ইফালে আহতসকলৰ ভিতৰৰ এজনৰ শুকুৰবাৰে পুৱা মৃত্যু হোৱাত এই আক্ৰমণত নিহতৰ সংখ্যা ৫ জনলৈ বৃদ্ধি হয় ।

লগতে পঢ়ক :সংসদৰ নিৰাপত্তা উলংঘনৰ মাষ্টাৰমাইণ্ড ললিত ঝাৰ জিম্মা ৫ জানুৱাৰীলৈ বৃদ্ধি

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.