নেশ্যনেল ডেস্ক, 22 অক্টোবৰ: শুকুৰবাৰে অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ মিজিঙত এখন সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হয় (Arunachal Pradesh Helicopter crash) ৷ পুৱা 10.45 বজাত লিকাবালিৰ পৰা উৰামৰাৰ পিছতেই উজনি চিয়াং জিলাৰ ইয়ংক্ৰিয়ঙৰ ছিনগিং গাঁৱৰ সমীপত ওখ পাহাৰত সীমান্তৰ দিশে যোৱাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয় ৷
বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ কেইঘণ্টামানৰ পিছতেই অৰুণাচল জিলা প্ৰশাসনে দুখন সেনাৰ হেলিকপ্টাৰ আৰু বায়ুসেনাৰ MI-17 উদ্ধাৰ অভিযানৰ বাবে নিয়োজিত কৰিছিল ৷ শুকুৰবাৰে সন্ধিয়া উদ্ধাৰকাৰী দলে স্বদেশীভাৱে নিৰ্মিত হেলিকপ্টাৰৰ ৱেপন ছিষ্টেম ইণ্টিগ্ৰেটেড (Weapon System Integrated) সংস্কৰণত থকা পাঁচজন সেনা জোৱানৰ মৃতদেহ উদ্ধাৰ কৰে (5 body rescued in Arunachal Helicopter crash)।
নিহত 5 জন সেনা জোৱান হৈছে মেজৰ বিকাশ ভাম্ভু (Major Vikash Bhambhu), মেজৰ মোস্তাফা বোহাৰা (Major Mustafa Bohara), কেপ্টেইন টেকনিকেল অশ্বিন কে ভি (Captain Technical Aswin KV), হাবিলদাৰ (অপাৰেশ্যন) বাইটছ সিনহা (Havildar (Operation) Bites Sinha), নায়ক (অপাৰেশ্যন) ৰোহিতশ্ব কুমাৰ (Nayak (Operation) Rohitashva Kumar) ৷
ইয়াৰ পিছতে ৰাজস্থানত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে ৷ 5 গৰাকী শ্বহীদ সেনা জোৱানৰ ভিতৰত তিনিগৰাকী ৰাজস্থানৰ বুলি জানিব পৰা গৈছে (Three Rajasthan jawans martyred)৷ ৰাজস্থানৰ হনুমানগড় জিলাৰ মেজৰ বিকাশ ভাম্ভু, উদয়পুৰৰ খৰোদাৰ বাসিন্দা মেজৰ মোস্তাফা বোহাৰা আৰু ঝুনঝুনুৰ নায়ক (অপাৰেশ্যন) ৰোহিতশ্ব কুমাৰ ৷
মেজৰ বিকাশক 2012 চনৰ 9 জুনত 68 আৰ্মৰ্ড ৰেজিমেণ্টত স্থায়ীভাৱে আৰ্মি এভিয়েচনত নিযুক্তি দিয়া হৈছিল। তেওঁ বিমান পৰিবহনলৈ যোৱাৰ আগতে লেহ আৰু ৰুৰকী ৰেজিমেণ্টত কৰ্মৰত আছিল। মেজৰ বিকাশৰ পৰিয়ালত পিতৃ ভাগীৰথ ভম্ভু, মাতৃ সুখৱন্তী, পত্নী শ্ৰেয়া চৌধুৰী আৰু কন্যা খৱাহিশ আছে। ৰামপুৰিয়া হনুমানগড়ত মেজৰ ভাম্ভুৰ অন্তিম সংস্কাৰ সম্পন্ন কৰা হ'ব ।
ঝুনঝুনু জিলাৰ পোষানাৰ জোৱান ৰোহিতশ্ব কুমাৰো এই দুৰ্ঘটনাত শ্বহীদ হৈছে । ৰোহিতশ্বৱে ২০১০ চনত আৰ্মি টেকনিকেল পদত যোগদান কৰিছিল । ৰোহিতশ্বৰ পিতৃ বিদ্যাধৰ খাইৰৱা, মাতৃ চুকি দেৱী, পত্নী সুনীতা দেৱী আৰু ৫ বছৰীয়া কন্যা ৰিতিকা আছে। খাইৰৱাই দুৰ্ঘটনাটোৰ কেইঘণ্টামান আগতে তেওঁৰ পত্নীৰ সৈতে কথা পাতিছিল। তেওঁ অসমত নিযুক্তি লাভ কৰিছিল আৰু ২০১০ চনত কাৰিকৰী পদ হিচাপে সেনাবাহিনীত যোগদান কৰিছিল। যোৱা মাহত ছুটি কটোৱাৰ পিছত তেওঁ কৰ্তব্যত গৈছিল। জিলা উপায়ুক্ত লক্ষ্মণ সিং কুদীয়ে জনোৱা অনুসৰি জোৱান ৰোহিতশ্বৰ মৃতদেহ দেওবাৰৰ ভিতৰত আহি পাব।
উদয়পুৰৰ খৰোদানিবাসীৰ শ্বহীদ মেজৰ মোস্তাফা বোহৰাৰই বায়ু সেনাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছতে বিমানবন্দৰ কৰ্তৃপক্ষই তেওঁক সেনাত যোগদান কৰিবলৈ কয়। যাৰ পিছত তেওঁ সেনাবাহিনীত নিৰ্বাচিত হৈছিল। যোৱা আঢ়ৈ বছৰ ধৰি যোধপুৰত প্ৰশিক্ষণ লৈ আছিলে মেজৰগৰাকীয়ে ৷ তেওঁক অলপতে বদলি কৰা হৈছিল আৰু ভাৰতত নিৰ্মিত এখন থলুৱা ৰুদ্ৰ হেলিকপ্টাৰত প্ৰশিক্ষণ দিয়া হৈছিল।
লগতে পঢ়ক: Army Helicopter Crashed : অৰুণাচলৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ ৫ মৃতদেহ উদ্ধাৰ