ETV Bharat / bharat

Nagaland Assembly Election Results: নগা ৰাজনীতিত ইতিহাস ৰচনা কৰি বিধানসভালৈ নিৰ্বাচিত প্ৰথমগৰাকী মহিলা - বিজেপি আৰু NDPPৰ মিত্ৰজোঁট

নগা ৰাজনীতিত ইতিহাস ৰচনা কৰি প্ৰথমবাৰলৈ বিধানসভালৈ নিৰ্বাচিত হ’ল এগৰাকী মহিলা ৷ 3 নং ডিমাপুৰ সমষ্টিৰ পৰা নিৰ্বাচিত হ’ল হেখানি জাখালু ৷ NDPP দলৰ পৰা জয়লাভ কৰিছে হেখানি জাখালুৱে (Nagaland Assembly Election Results) ৷

Nagaland Assembly Election Results
নগা ৰাজনীতিত ইতিহাস ৰচনা কৰি বিধানসভালৈ নিৰ্বাচিত হ’ল প্ৰথমগৰাকী মহিলা
author img

By

Published : Mar 2, 2023, 3:36 PM IST

নিউজ ডেস্ক, 2 ফেব্ৰুৱাৰী: নাগালেণ্ডৰ ৰাজনৈতিক ক্ষেত্ৰত ইতিহাস ৰচনা কৰি পোন প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হ’ল এগৰাকী মহিলা ৷ নেশ্যনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেচিভ পাৰ্টী চমুকৈ NDPP দলৰ পৰা মহিলা বিধায়িকা হিচাবে নিৰ্বাচনত হ’ল হেখানি জাখালু ৷ 3 নং ডিমাপুৰ সমষ্টিৰ পৰা 1,536 টা ভোটত জয়লাভ কৰি ইতিহাস ৰচিবলৈ সক্ষম হ’ল 48 বছৰীয়া হেখানি (First Nagaland woman MLA) ৷

উল্লেখ্য যে, নাগালেণ্ডৰ 60খন আসনৰ ভিতৰত 59 খন আসনৰ বাবে 27 ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা ভোট গ্ৰহণৰ আজি চলি আছে গণনা ৷ নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনত সৰ্বমুঠ 183 গৰাকী প্ৰাৰ্থীয়ে কৰিছিল প্ৰতিদ্বন্দিতা ৷ যাৰ ভিতৰত আছিল 4 গৰাকী মহিলা প্ৰাৰ্থী ৷ 4 গৰাকী মহিলা প্ৰাৰ্থীৰ ভিতৰত জয়লাভ কৰিবলৈ সক্ষম হ’ল হেখানি জাখালু (Nagaland Assembly election counting) ৷

এগৰাকী সমাজকৰ্মী হিচাবে হেখানি জাখালু আছিল অতি জনপ্ৰিয় ৷ আমেৰিকাত শিক্ষা গ্ৰহণ কৰি নাগালেণ্ডলৈ ঘূৰি আহি ‘য়ুথনেট নাগালেণ্ড’ (YouthNet Nagaland) নামৰ এটা এনজিঅ’ আৰম্ভ কৰি যুৱকসকলক শিক্ষাৰ সুবিধা প্ৰদান কৰাৰ লগতে ব্যৱসায় কৰাৰ সুবিধা প্ৰদান কৰি আহিছিল ৷ 2018 চনত নাৰী শক্তি পুৰষ্কাৰো লাভ কৰিবলৈ সক্ষম হৈছিল হেখানি জাখালুৱে (Nagaland MLA Hekani Jakhalu) ৷

এইবাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল বিজেপি আৰু NDPPৰ মিত্ৰ দলে ৷ য’ত 60 খন আসনৰ ভিতৰত 40 খন আসনত NPDD য়ে প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে 20খন আসমত প্ৰতিদ্বন্দিতা কৰিছিল বিজেপিয়ে ৷ 2018 চনতো বিজেপি আৰু NDPPৰ মিত্ৰজোঁটে প্ৰতিদ্বন্দিতা কৰি 30 খন আসন দখল কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল আৰু নেফিঅ’ ৰিঅ’ হৈছিল নাগালেণ্ডৰ মুখ্যমন্ত্ৰী (BJP NDPP alliance in Nagaland ) ৷

ইফালে, এক্সিট প’লৰ সময়তে বিজেপিয়ে আশা প্ৰকাশ কৰি কৈছিল যে, বিজেপি আৰু NDPPৰ মিত্ৰজোঁটে 37 খনৰ পৰা 48 খন আসন লাভ কৰি পুনৰ চৰকাৰ গঠন কৰিব আৰু সেই সম্ভাৱনাই এতিয়া প্ৰকট হৈ পৰিছে ৷ এইবাৰৰ নিৰ্বাচনত ৰাজ্যখনৰ মুঠ আসনৰ সংখ্যা আছিল 13 লাখ 16 হাজাৰ 64 গৰাকী ৷ ইয়াৰ ভিতৰত মহিলা ভোটাৰৰ সংখ্যা 6,56,143 গৰাকী আৰু পুৰুষ ভোটাৰ সংখ্যা 6,61,489 গৰাকী ৷

লগতে পঢ়ক: Upcoming Lok Sabha election: অনিশ্চয়তাৰ মাজতে লোকসভা নিৰ্বাচনক লৈ তৎপৰ অগপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.