ETV Bharat / bharat

বান আৰু বৰষুণত বিধ্বস্ত তামিলনাডুৰ বিভিন্ন প্ৰান্ত, 10 জন নিহত, লাখ লাখ লোক বানত আক্ৰান্ত

author img

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 9:37 AM IST

তামিলনাডুৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বৰষুণ (Tamil Nadu)৷ বৰষুণ আৰু বান পৰিস্থিতিয়ে ভংয়কৰ ৰূপ লৈছে তামিলনাডুত(Tamil Nadu floods) ৷ বৰ্তমানলৈকে বৰষুণ আৰু বানৰ বাবে 10 জনকৈ লোক নিহত হৈছে বুলি জানিব পৰা গৈছে ৷ ৷

heavy rainfall in tamil nadu
বান আৰু বৰষুণত বিধ্বস্ত তামিলনাডুৰ বিভিন্ন প্ৰান্তত

নিউজ ডেস্ক, 20 ডিচেম্বৰ : তামিলনাডুত ৰুষ্ট হৈ পৰিছে প্ৰকৃতি ৷ বৰষুণ আৰু বান পৰিস্থিতিয়ে ভংয়কৰ ৰূপ লৈছে তামিলনাডুৰ বিভিন্ন প্ৰান্তত ৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত দেওবাৰৰ পৰা হোৱা বৰষুণৰ বাবে ৰাজ্যখনৰ তিৰুনেলভেলি, থুথুকুডি জিলাত বিস্তৰ ক্ষতি সাধন হৈছে বুলি জানিব পৰা গৈছে ৷

আনহাতে, বৰষুণ আৰু বানৰ বাবে 10 জনৰো অধিক লোক নিহত হৈছে ৷ ইফালে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আজিও অব্যাহত আছে বৰষুণ ৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জাৰি কৰা সতৰ্কতা অনুসৰি , ‘‘দক্ষিণ তামিলনাডু উপকূলত, মান্নাৰ উপসাগৰ আৰু কোমোৰিন অঞ্চলত প্ৰতিঘন্টাত 40-45 কিলোমিটাৰ আৰু প্ৰতি ঘন্টাত 55 কিঃমিঃ বেগত বতাহ বলিব ৷ মাছমৰীয়াসকলে উক্ত সময়ছোৱাত এই সাগৰীয় অঞ্চলবোৰত প্ৰৱেশ নকৰিবলৈ সতৰ্কতা প্ৰদান কৰা হৈছে ৷ ’’

বানত আৱদ্ধ হৈ থকা অঞ্চলসমূহত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে দুৰ্যোগ প্ৰশমন বিভাগে ৷ জানিব পৰা মতে, বৰ্তমানলৈকে বানত লাখ লাখ লোক আক্ৰান্ত হৈছে ৷ তাৰে 17,000 লোকক উদ্ধাৰ কৰি 160 টা আশ্ৰয় শিবিৰত ৰখা হৈছে ৷ যাতে বানাক্ৰান্তই খাদ্যৰ সমস্যাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰখি ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ভাৰতৰ বায়ু সেনা চমুকৈ আই এ এফেও বিশেষ হেলিকপ্তাৰৰ জৰিয়তে দুৰ্গম স্থানত আবদ্ধ লোকসকলক খাদ্য সামগ্ৰী যোগন ধৰাত ব্যস্ত হৈ পৰিছে ৷

ইফালে, কেইবাটাও স্থানত এদিনতে 40 চেঃমিৰ ওপৰত বৰষুণ দিয়াৰ লগতে থুথুকুডি জিলাৰ কয়ালপট্টিনমে 95 চেঃমি বৰষুণ দিয়া বুলি জানিব পৰা গৈছে ৷ ধাৰাষাৰ বৰষুণ আৰু বানৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰ সাজু হৈছে ৷ ইতিমধ্যে, আৰক্ষী আৰু এছ ডি আৰ এফকে ধৰি মুঠ 130 জন কৰ্মচাৰীৰ লগতে 168 জন সশস্ত্ৰ বাহিনীৰ জোৱান উদ্ধাৰ কামত নিয়োজিত হৈ আছে ৷ মঙলবাৰে 9 খন আই এ এফ হেলিকপ্টাৰৰ দ্বাৰা 13,500 জনক উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :শ্ৰীলংকাৰ জলসীমাত এবছৰৰ বাবে বিদেশী গৱেষণা জাহাজৰ প্ৰৱেশ নিষিদ্ধ; ভাৰতলৈ সকাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.