ETV Bharat / bharat

Heat Wave Alert in Bihar : বিহাৰত তীব্ৰ গ্ৰীষ্ম প্ৰৱাহৰ সতৰ্কবাণী; হিট ষ্ট্ৰোকত মৃত্যু ১২ জনৰ

author img

By

Published : Jun 17, 2023, 1:16 PM IST

বিহাৰত বৰ্তমান তীব্ৰ গৰমৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে । বিগত ২৪ ঘণ্টাত ৰাজ্যখনত প্ৰচণ্ড গৰমৰ ফলত ১২ জন লোকৰ মৃত্যু হৈছে । আনহাতে, পাটনাত গৰমৰ ফলত এজন চাফাইকৰ্মীৰ মৃত্যু হয় ।

Heat Wave Alert in Bihar
Heat Wave Alert in Bihar

নিউজ ডেস্ক, ১৭ জুন : বিহাৰত প্ৰচণ্ড গৰম আৰু লুৱে জন-জীৱন কঠিন কৰি তুলিছে । বিগত ২৪ ঘণ্টাত গ্ৰীষ্ম প্ৰৱাহৰ ফলত ৰাজ্যখনত ১২ জন লোকৰ মৃত্যু হৈছে । ইয়াৰ ভিতৰত বয়স্ক লোকৰ সংখ্যাই অধিক । আনহাতে, বতৰ বিজ্ঞান বিভাগে শনিবাৰে একেৰাহে তৃতীয় দিনৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে । ৰাজ্যখনৰ ৬ খন জিলাত অতি তীব্ৰ তাপ প্ৰবাহৰ পূৰ্বানুমান জাৰি কৰিছে । ইয়াৰ লগতে ১২ খন জিলাত তীব্ৰ তাপ প্ৰৱাহৰ পূৰ্বানুমান কৰি অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ।

উল্লেখ্য, বিগত ২৪ ঘণ্টাত পাটনাকে ধৰি ২৩ খন জিলাত গ্ৰীষ্ম প্ৰৱাহৰ প্ৰাদুৰ্ভাৱ ঘটিছে । শ্বেখপুৰাত সৰ্বাধিক তাপমাত্ৰা ৪৪.২ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হৈছে । আনহাতে, ৰাজধানী পাটনাত বিগত ৪৪ ঘণ্টাত সৰ্বাধিক তাপমাত্ৰা 43.6 ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হৈছে । বিহাৰৰ পূব চম্পাৰণ, গয়া, ভাগলপুৰ আৰু জেহানাবাদ জিলাত য়েলো এলাৰ্ট জাৰি কৰা হৈছে । পাটনা, বেগুচৰাই, খাগৰীয়া, নালন্দা, বাংকা, শ্বেখপুৰা, জামুই আৰু লক্ষীচৰাইত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে । ঔৰঙ্গাবাদ, ৰোহতাস, ভোজপুৰ, বাক্সাৰ, কাইমুৰ আৰু আৰৱালত ৰেড এলাৰ্ট অব্যাহত আছে ।

উল্লেখ্য যে ভোজপুৰ জিলাত গ্ৰীষ্ম প্ৰৱাহৰ ফলত সৰ্বাধিক ছয়জন লোকৰ মৃত্যু হৈছে । ইয়াৰে ভিতৰত ৪ জনক চিনাক্ত কৰা হোৱা নাই । ইয়াৰ উপৰি ৰোহতাসত দুজন, নালন্দাত এজন, জামুইত এজন, গয়াত এজন আৰু পাটনাত এজন লোকৰ গ্ৰীষ্ম প্ৰৱাহৰ ফলত মৃত্যু হয় । পৰৱৰ্তী ৪৮ ঘণ্টাত বিহাৰত সৰ্বাধিক তাপমাত্ৰা হ্ৰাস হোৱাৰ সম্ভাৱনা নথকাৰ বাবে বতৰ বিজ্ঞান বিভাগে জনসাধাৰণক গ্ৰীষ্ম প্ৰৱাহৰ পৰাৰআঁতৰি থাকিবলৈ আহ্বান জনাইছে ।

একে সময়তে দক্ষিণ বিহাৰতো তীব্ৰ গ্ৰীষ্ম প্ৰৱাহ অব্যাহত আছে । ইয়াৰে পৰিপ্ৰেক্ষিতত পাটনাৰ জিলা দণ্ডাধীশ চন্দ্ৰশেখৰ সিঙে এক সিদ্ধান্ত গ্ৰহণ কৰি দ্বাদশ শ্ৰেণীলৈকে সকলো বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰ ২৪ জুনলৈকে বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে । ইয়াৰ পূৰ্বে ২০ জুনত গ্ৰীষ্মকালীন বন্ধৰ পিছত সকলো বিদ্যালয় খোলাৰ কথা আছিল । কিন্তু প্ৰচণ্ড গৰম আৰু এই বিষয়ত ৰেড এলাৰ্ট জাৰিৰ বাবে জিলা প্ৰশাসনে সকলো বিদ্যালয় ২৪ জুনলৈকে বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে ।

বতৰ বিজ্ঞান বিভাগৰ মতে, পৰৱৰ্তী দুদিনৰ বাবে ৰাজ্যখনৰ দক্ষিণ আৰু মধ্য বিহাৰত তীব্ৰ গৰম বতাহৰ প্ৰৱাহ আছে । ভূমিপৃষ্ঠত এই বতাহৰ গতিবেগ প্ৰতিঘণ্টাত ২০-৩০ কিলোমিটাৰ বেগত হ'ব আৰু প্ৰায় ৪০ কিলোমিটাৰ বেগত ধুমুহা বলাৰ সম্ভাৱনা আছে । বতৰ বিজ্ঞান বিভাগৰ মতে, সৰ্বাধিক তাপমাত্ৰা ৪৮-৫০ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থকাৰ সম্ভৱনা আছে । এনে পৰিস্থিতিত উচ্চ তাপমাত্ৰাৰ বাবে হিট ষ্ট্ৰোকৰ ঘটনা বৃদ্ধি হ'ব পাৰে । সেয়ে বতৰ বিজ্ঞান বিভাগে জনসাধাৰণক এই ঋতুত দীঘলীয়া সময়ৰ বাবে ৰ'দত থকা বা গধুৰ কাম কৰাটো মাৰাত্মক হ'ব পাৰে বুলি সকীয়নি প্ৰদান কৰিছে ।

লগতে পঢ়ক :Madhya Pradesh Accident : মধ্য প্ৰদেশত শোকাৱহ দুৰ্ঘটনা, নিহত ৩ জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.