ETV Bharat / bharat

Wrestlers sexual harassment case: ব্ৰীজ ভূষণৰ বিৰুদ্ধে গোচৰৰ শুনানিৰ নতুন তাৰিখ 26 আগষ্ট নিৰ্ধাৰণ

author img

By

Published : Aug 19, 2023, 8:30 PM IST

উচ্চতম ন্যায়ালয়ে শনিবাৰে বিজেপি সাংসদ ব্ৰীজ ভূষণ শৰণ সিং আৰু বিনোদ তোমাৰৰ বিৰুদ্ধে হ’ব লগা শুনানি 26 আগষ্ট ধাৰ্য কৰিছে ৷ পূৰ্বে 19 আগষ্টক শুনানিৰ দিন হিচাবে ধাৰ্য কৰা হৈছিল ৷

Wrestlers sexual harassment case
Wrestlers sexual harassment case

নেশ্যনেল ডেস্ক, 19 আগষ্ট: ভাৰতীয় কুস্তি ফেডাৰেশ্যনৰ (WFI) প্ৰাক্তন সভাপতি ব্ৰীজ ভূষণ শৰণ সিং আৰু নিলম্বিত সহকাৰী সম্পাদক বিনোদ তোমাৰৰ বিৰুদ্ধে উত্থাপন হোৱা মহিলা মল্লযোদ্ধাসকলৰ যৌন নিৰ্যাতনৰ অভিযোৰ শুনানি 26 আগষ্টলৈ পিছুৱাই দিয়া হৈছে ৷ গোচৰটোৰ শুনানি গ্ৰহণ কৰি থকা অতিৰিক্ত মুখ্য মেট্ৰ’পলিটান দণ্ডাধীশ হৰজিৎ সিং জছপাল শনিবাৰে বিৰতিত আছিল, যাৰ বাবে শুনানি পিছুৱাই দিবলৈ বাধ্য হয় ৷

ইয়াৰ পূৰ্বে, 9 আগষ্টৰ পৰা 11 আগষ্টলৈ একেৰাহে তিনিদিন ধৰি আৰক্ষী আৰু ব্ৰীজ ভূষণ শৰণ সিঙৰ অধিবক্তা ৰাজীৱ মোহনৰ মাজত অভিযোগ সন্দৰ্ভত তৰ্ক হৈছিল ৷ সেই সময়ত দিল্লী আৰক্ষীৰ হৈ হাজিৰ হোৱা চৰকাৰী অধিবক্তা অতুল শ্ৰীবাস্তৱে আদালতত কৈছিল যে অভিযোগপত্ৰত উপস্থাপন কৰা তথ্যৰ ভিত্তিত অভিযুক্ত আৰু সহ-অভিযুক্ত দুয়োৰে বিৰুদ্ধে প্ৰাথমিকভাৱে গোচৰ ৰুজু কৰা হৈছে ৷ অভিযুক্ত ব্যক্তিসকলক সেই অপৰাধৰ বাবে অভিযুক্ত কৰা উচিত যাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে অভিযোগপত্ৰ দাখিল কৰা হৈছে ৷

চৰকাৰী অধিবক্তাই আদালতত কয় যে সিঙৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ আছে ৷ ইয়াৰ ভিতৰত আছে আইপিচি ধাৰা 354 (মহিলাৰ শালীনতা নষ্ট কৰাৰ উদ্দেশ্যৰে আক্ৰমণ বা অপৰাধমূলক বলপ্ৰয়োগ), 354-A (যৌন নিৰ্যাতন) আৰু 354-D (অনুসৰণ কৰা) ৷ চৰকাৰী পৰামৰ্শদাতাৰ যুক্তি শুনি আদালতে বিষয়টো পৰৱৰ্তী শুনানিৰ বাবে 19 আগষ্টৰ দিন ধাৰ্য কৰিছিল ৷

আজি অৰ্থাৎ শনিবাৰে অভিযোগকাৰী মহিলা মল্লযোদ্ধাসকলৰ পৰামৰ্শদাতাই অভিযোগৰ বিষয়বোৰৰ ওপৰত তেওঁলোকৰ যুক্তি উপস্থাপন কৰিব লাগিছিল ৷ কিন্তু শুনানি পিছুৱাই দিয়া হয় ৷

20 জুলাইত দুই অভিযুক্ত ব্ৰীজ ভূষণ শৰণ সিং আৰু বিনোদ তোমাৰ আদালতত হাজিৰ হোৱাৰ পিছত চৰ্ত সাপেক্ষে 25,000 টকাৰ বণ্ডত জামিন প্ৰদান কৰা হয় ৷ চৰ্তসমূহৰ ভিতৰত আছিল আদালতৰ আগতীয়া অনুমতি অবিহনে দেশ এৰি নোযোৱা আৰু সাক্ষীসকলক কোনো ভাবুকি অথবা প্ৰলুভন নিদিয়া ৷ দিল্লী আৰক্ষীয়ে 15 জুনত 6 বাৰৰ বিজেপি সাংসদ ব্ৰীজ ভূষণৰ বিৰুদ্ধে অভিযোগপত্ৰ দাখিল কৰিছিল ৷

লগতে পঢ়ক: Aam Aadmi Guarantee Card: নিৰ্বাচনমুখী ছত্তীশগড়ত কেজৰিৱালৰ 10 গেৰাণ্টি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.