ETV Bharat / bharat

Gyanvapi case : আজি হ’ব জ্ঞানবাপী গোচৰৰ শুনানি - এলাহাবাদ উচ্চ ন্যায়ালয়

আজি হ’ব কাশীৰ জ্ঞানবাপী গোচৰৰ শুনানি । এলাহাবাদ উচ্চ ন্যায়ালয়ত গ্ৰহণ কৰা হ’ব শুনানি ৷ ইয়াৰ পূৰ্বে 12 ছেপ্টেম্বৰৰ দিনা অনুষ্ঠিত হৈছিল শুনানি ৷

Gyanvapi case
আজি হ’ব জ্ঞানবাপী গোচৰৰ শুনানি
author img

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 9:12 AM IST

নেশ্যনেল ডেস্ক, 18 ছেপ্টেম্বৰ: অব্যাহত আছে জ্ঞানবাপী গোচৰৰ শুনানি ৷ সোমবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ত গ্ৰহণ কৰা হ’ব কাশীৰ জ্ঞানবাপী গোচৰৰ শুনানি । উভয় পক্ষৰ অধিবক্তাই উচ্চ ন্যায়ালয়ত নিজৰ ধৰণেৰে এই গোচৰৰ যুক্তি আগবঢ়াব বুলি জানিব পৰা গৈছে ।

ইয়াৰ পূৰ্বে এই গোচৰৰ শুনানি 12 ছেপ্টেম্বৰত হৈছিল । কাৰণ সেই সময়ত অধিবক্তাৰ ধৰ্মঘট হৈছিল । সেইবাবে মুখ্য ন্যায়াধীশ প্ৰতীংকৰ দিৱাকাৰৰ আদালতে অনলাইন শুনানিৰ অনুমতি প্ৰদান কৰিছিল । অৱশ্যে অনলাইন শুনানিৰ সময়ত কোনো অধিবক্তা হাজিৰ নোহোৱাৰ বাবে গোচৰৰ শুনানি গ্ৰহণ কৰিব পৰা নগ’ল । অইয়াৰ পিচতে উচ্চ ন্যায়ালয়ে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন 18 ছেপ্টেম্বৰ অৰ্থাৎ সোমবাৰে ধাৰ্য কৰে ।

দৰাচলতে বেনাৰস আদালতত দাখিল কৰা গোচৰৰ ৰক্ষণাবেক্ষণযোগ্যতাক উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হৈছিল । জ্ঞানবাপী মছজিদ থকা ঠাইত মন্দিৰ পুনৰ নিৰ্মাণৰ অনুমতি দিব লাগে বুলি হিন্দু পক্ষই দাবী উত্থাপন কৰিছিল । অঞ্জুমান ইণ্টেজামিয়া মছজিদ সমিতিৰ হৈ হিন্দু পক্ষই আবেদন দাখিল কৰা আবেদনৰ বিৰুদ্ধে দ্বাৰস্থ হৈছিল । এই আবেদনৰ জৰিয়তে জ্ঞানবাপি চৌহদৰ জৰীপকো প্ৰত্যাহ্বান জনোৱা হৈছিল ।

কমিটীৰ অধিবক্তাই গোচৰটোৰ অধ্যয়নৰ বাবে অতিৰিক্ত সময়ৰ বাবে আবেদন জনাইছিল, ইয়াৰ পিচতে উচ্চ ন্যায়ালয়ে গোচৰটোৰ শুনানিৰ বাবে 12 ছেপ্টেম্বৰৰ দিনটো নিৰ্ধাৰণ কৰিছিল । লগতে অনলাইন শুনানিৰ অনুমতি উচ্চ ন্যায়ালয়ে প্ৰদান কৰে । অৱশ্যে কোনো এজন অধিবক্তাৰ অনুপস্থিতিৰ বাবে 12 ছেপ্টেম্বৰত গোচৰৰ শুনানি গ্ৰহণ কৰিব পৰা নগ’ল । এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ে পৰৱৰ্তী শুনানিৰ বাবে 18 ছেপ্টেম্বৰৰ দিনটো নিৰ্ধাৰণ কৰে ।

লগতে পঢ়ক: Army Soldier killed in Manipur: হিংসা জৰ্জৰ মণিপুৰত সেনা জোৱানক অপহৰণ কৰি হত্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.