ETV Bharat / bharat

Wrestlers sexual harassment case : দিল্লীৰ ৰাউজ এভিনিউ আদালতত মল্লযুঁজাৰু গোচৰৰ শুনানি আৰম্ভ - Vinod Tomar

মল্লযুঁজাৰুক যৌন নিৰ্যাতনৰ অভিযুক্ত ব্ৰীজ ভূষণ শৰণ সিং আৰু নিলম্বিত সহকাৰী সচিব বিনোদ তোমাৰৰ বিৰুদ্ধে গোচৰটোৰ শুনানি শনিবাৰৰ পৰা আৰম্ভ হয় । ব্ৰীজ ভূষণ সিঙো আদালতত উপস্থিত ।

Wrestlers sexual harassment case
দিল্লীৰ ৰাউজ এভিনিউ আদালতত মল্লযুঁজাৰু গোচৰৰ শুনানি আৰম্ভ
author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 5:51 PM IST

নেশ্যনেল ডেস্ক,১৬ ছেপ্টেম্বৰ : মল্লযুঁজাৰুক যৌন নিৰ্যাতন গোচৰৰ অভিযুক্ত ভাৰতীয় মল্লযুঁজ ফেডাৰেচন প্ৰাক্তন সভাপতি ব্ৰীজ ভূষণ শৰণ সিং লগতে নিলম্বিত সহকাৰী সচিব বিনোদ তোমাৰৰ বিৰুদ্ধে আদালতত শুনানি আৰম্ভ হৈছে । শনিবাৰে দিল্লীৰ ৰাউজ এভিনিউ আদালতত উক্ত গোচৰটোৰ শুনানি গ্ৰহণ কৰা হয় । শুনানিৰ সময়ত ব্ৰীজ ভূষণ শৰণ সিং নিজে আদালতত উপস্থিত হয় । তেওঁৰ সৈতে দিল্লী মল্লযুঁজ সংস্থাৰ সভাপতি জয় প্ৰকাশো উপস্থিত থাকে ।

উল্লেখ্য যে তাৰকা মল্লযুঁজাৰু বিনেশ ফোগাট, বজৰং পুনিয়া আৰু সাক্ষী মালিকৰ লগতে আন কেইবাগৰাকী মল্লযুঁজাৰুৱে ব্ৰীজ ভূষণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল । তেওঁলোকে দিল্লীৰ যন্তৰ মন্তৰত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰিছিল । মল্লযুঁজাৰুসকলৰ তীব্ৰ প্ৰতিবাদৰ অন্তত দিল্লী আৰক্ষীয়ে ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল ।

মহিলা মল্লযুঁজাৰুসকলক প্ৰতিনিধিত্ব কৰা অধিবক্তা ৰেবেকা জনে কয় যে এজাহাৰ আৰু অভিযোগনামাৰ ওপৰত গুৰুত্ব দিয়াৰ সিদ্ধান্তক ব্ৰীজ ভূষণে আদালতত কোনো প্ৰত্যাহ্বান জনোৱা নাই । লগতে, গোচৰটোত এখন এজাহাৰ দাখিল কৰা হৈছে য'ত সকলো অভিযোগকাৰীৰ বিবৃতি উল্লেখ কৰা হৈছে । আনহাতে সকলো এজাহাৰ একেজন ব্যক্তিৰ বিৰুদ্ধে দাখিল কৰা হৈছিল । সকলো অভিযোগকাৰীয়ে একে ধৰণৰ অপৰাধৰ কথা উল্লেখ কৰিছে । অধিবক্তাই কয় যে যদি এজন অভিযুক্তই একাধিক অপৰাধ সংঘটিত কৰে, সেই অভিযুক্তজনে সকলো অভিযোগৰ সন্মুখীন হ'ব লাগিব ।

ৰেবেকা জনৰ যুক্তি শুনাৰ পাছত অতিৰিক্ত মুখ্য মেট্ৰ'পলিটান মেজিষ্ট্ৰেট হৰজিৎ সিং যশপালে গোচৰটোৰ পৰৱৰ্তী শুনানি ১৫ ছেপ্টেম্বৰলৈ স্থগিত ৰাখে ।

লগতে পঢ়ক :ISRO Espionage Case : ইছৰো চোৰাংচোৱা গোচৰ; নাম্বি নাৰায়ণন আৰু চিবিআই বিষয়াক জাননী প্ৰদানৰ নিৰ্দেশ কেৰালা হাইকোৰ্টৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.