ETV Bharat / bharat

Summer Drink : গ্ৰীষ্মকালত হিট ষ্ট্ৰ’কৰ দৰে বিভিন্ন সমস্যাৰ পৰা আপোনাক সকাহ দিব এইবিধ পানীয়ই

author img

By

Published : Apr 18, 2023, 1:53 PM IST

আম পান্নাৰ উপকাৰিতা : গৰমৰ দিনত আমি কি পানীয় গ্ৰহণ কৰিলে হিট ষ্ট্ৰ’কৰ পৰা ৰক্ষা পৰিৰ পাৰো ? গ্ৰীষ্মকাল পৰাৰ লগে লগে মানুহৰ মনত প্ৰায়ে এনে প্ৰশ্নৰ উদয় হয় ৷ এনে পৰিস্থিতিত প্ৰতিবেদনত উল্লেখিত এইবিধ পানীয় খোৱাটো আপোনাৰ বাবে উপকাৰী প্ৰমাণ হ’ব পাৰে ।

Health Benefits of Aam Panna and how to make it at home
গ্ৰীষ্মকালত হিট ষ্ট্ৰ’কৰ দৰে বিভিন্ন সমস্যাৰ পৰা আপোনাক সকাহ দিব এইবিধ পানীয়ই

আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আম পান্না বহু দিশত উপকাৰী । কিন্তু, গ্ৰীষ্মকালত ই অধিক বিশেষ হৈ পৰে (heatwave in India)। হয়, গ্ৰীষ্মকালত আপুনি এই পানীয়টো প্ৰতিটো ঘৰতে পাব । কেৱল এয়াই নহয়, পেটৰ বিষ, কোষ্ঠকাঠিন্য আৰু বমিৰ দৰে সমস্যাতো মানুহে এই পানীয় খাবলৈ ভাল পায় ।

লগতে যেতিয়া দেশত যেতিয়া পাৰা ৪০ ডিগ্ৰীৰ সীমা পাৰ কৰে তেতিয়া এই পানীয় খোৱাটো আৰু অধিক প্ৰয়োজনীয় হৈ পৰে । গতিকে, প্ৰথমে আমি আম পান্না খোৱাৰ উপকাৰিতা আৰু তাৰ পিচত আমি আম পান্না তৈয়াৰৰ পদ্ধতি সম্পৰ্কে জানিম (Aam panna benefits) ।

আমৰ পান্না খোৱাৰ উপকাৰিতা-

১) আম পান্নাই হিট ষ্ট্ৰ’ক ৰোধ কৰে

গ্ৰীষ্মকালত শৰীৰত ইলেক্ট্ৰলাইটৰ যথেষ্ট অভাৱ হয় (Benefits of Aam panna)। এনে পৰিস্থিতিত প্ৰথমে আমি হিট ষ্ট্ৰ’কত ভুগিবলগীয়া হয় (Health Benefits Of Drinking Aam Panna)। গতিকে, এই পৰিস্থিতিৰ ইয়াৰ পৰা হাত সাৰিবলৈ ছডিয়াম, মেগনেছিয়াম আৰু পটাছিয়ামৰ দৰে খনিজ পদাৰ্থৰে সমৃদ্ধ আম পান্না এগিলাচে শৰীৰত ইলেক্ট্ৰলাইটৰ সঠিক ভাৰসাম্য ঘূৰাই অনাত সহায় কৰিব পাৰে । এইদৰে ইলেক্ট্ৰলাইটৰ অভাৱ পূৰণ কৰি ই হিট ষ্ট্ৰ’ক প্ৰতিৰোধ কৰাত সহায়ক হয় ।

২) আমৰ পান্না পেটৰ বাবে উপকাৰী

পেটৰ স্বাস্থ্যৰ বাবে আম পান্না বহু দিশত উপকাৰী । ইয়াত এলডিহাইড আৰু এষ্টেৰেজ আদি কিছুমান সক্ৰিয় উপাদান থাকে ৷ যিয়ে শৰীৰৰ পাচনতন্ত্ৰ উন্নত কৰাত সহায় কৰে । লগতে ইয়াত থকা ভিটামিন চি আৰু ভিটামিন বিয়ে অন্ত্ৰ পৰিষ্কাৰ কৰাত সহায় কৰে । ইয়াৰ লগতে কোষ্ঠকাঠিন্য, বদহজম আৰু এচিডিটিৰ সমস্যাতো ই ফলপ্ৰসূ । কেৱল এয়াই নহয়, সীমিত পৰিমাণত সেৱন কৰিলে ডায়েৰিয়া প্ৰতিৰোধৰ ক্ষেত্ৰতো সহায়ক হয় (Aam Panna Gives Vit C Boost) ।

আম পান্না তৈয়াৰৰ পদ্ধতি

আম পান্না বনাবলৈ প্ৰথমে কেঁচা আম উতলাই লওক । এতিয়া ইয়াক অলপ পিহি লওক (Aam Panna Gives Vit C Boost)। পিহি থাকোতে তাত পদিনা পাত, পোৰা জিৰা আৰু ক’লা নিমখ কিছু দি মিলাই লওক । এতিয়া এটা গিলাচত বৰফ, এগিলাচ হোৱাকৈ পানী তাত নিমখ, অলপ চেনি আৰু ১ নেমুৰ ৰস দিব । এতিয়া সকলো ভালদৰে মিহলাই এতিয়া সেৱন কৰক । এতিয়া, এই আম পান্না ঘৰতে বনাওক আৰু গোটেই গ্ৰীষ্মকালত সুস্থ হৈ থাকক (Aam panna recipe)।

লগতে পঢ়ক : Vitamin and Nutrition: এইকেইবিধ খাদ্য সামগ্ৰীৰ দ্বাৰা দূৰ কৰক শৰীৰত দেখা দিয়া ভিটামিন তথা পুষ্টিৰ অভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.