ETV Bharat / bharat

বিশ্বৰ সৰ্ববৃহৎ পৰিয়ালটোৰ মুৰব্বীৰ মৃত্যু - mizoram news

মিজোৰামৰ নিৱাসী বিশ্বৰ সৰ্ববৃহৎ পৰিয়ালটোৰ মুৰব্বী জিঅ’না চানা (Ziona Chana)ৰ পৰলোকপ্ৰাপ্তি ৷ আইজলৰ ত্ৰিনিটি হাস্পতাল (Trinity hospital)ত বিয়লি 3 বজাত মৃত্যু হয় মুৰব্বীগৰাকীৰ ৷ মধূমেহ ৰোগ আৰু উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ আছিল জিঅ’না চানা ৷ তেওঁৰ মুঠ 38 গৰাকী পত্নী আৰু 89 টা সন্তান আছে ৷

head of worlds largest family is no more
বিশ্বৰ সৰ্ববৃহৎ পৰিয়ালৰ মূৰব্বীৰ মৃত্যু
author img

By

Published : Jun 13, 2021, 10:57 PM IST

নিউজ ডেস্ক,13 জুন : বিশ্বৰ সৰ্ববৃহৎ পৰিয়ালটোৰ মুৰব্বী জিঅ’না চানা (Ziona Chana)ই দেওবাৰে ইহলীলা সম্বৰণ কৰে ৷ 76 বছৰ বয়সত মিজোৰামৰ নিৱাসী এইগৰাকী ব্যক্তিয়ে শেষ নিশ্বাস ত্য়াগ কৰা বুলি মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা (Zoramthanga)ই টুইটাৰযোগে সদৰি কৰে ৷

মধুমেহ ৰোগ আৰু উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ আইজলৰ ত্ৰিনিটি হাস্পতাল (Trinity hospital)ত বিয়লি 3 বজাত মুৰব্বী চানাৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ বিগত কেইবাদিন ধৰি হাস্পতালখনত চিকিৎসাধীন হৈ আছিল চানা ৷ টুইটাৰযোগে জোৰামথাংগাই কয় যে, জিঅ’না চানা গাঁও বাকটং লাংগনুৱাম (Baktawng Tlangnuam) চানাৰ বৃহত্তৰ পৰিয়ালৰ বাবে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷

  • With heavy heart, #Mizoram bid farewell to Mr. Zion-a (76), believed to head the world's largest family, with 38 wives and 89 children.
    Mizoram and his village at Baktawng Tlangnuam has become a major tourist attraction in the state because of the family.
    Rest in Peace Sir! pic.twitter.com/V1cHmRAOkr

    — Zoramthanga (@ZoramthangaCM) June 13, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

1945 চনৰ 21 জুলাইত জন্মগ্ৰহণ কৰা জিঅ’না চানাই 17 বছৰ বয়সতে তেওঁতকৈ তিনিবছৰ ডাঙৰ ছোৱালীৰ সৈতে প্ৰথম বিবাহপাশত আবদ্ধ হৈছিল ৷ গাঁওখনত চানা সমূদায়ৰ মুখিয়াল আছিল জিঅ’না চানা ৷ মুৰব্বীগৰাকীৰ পৰিয়ালত প্ৰায় 400 গৰাকী সদস্য আছে ৷ তেওঁ পুৰুষসকলক বহুবাৰ বিবাহৰ অনুমতি প্ৰদান কৰিছিল ৷

1942 চনত জিঅ’না চানাৰ পিতৃ খুৱাংটুৱাহা (Khuangtuaha)ই চানা সমূদায়ৰ আৰম্ভণি কৰিছিল ৷ চানাৰ পৰিয়ালৰ সদস্যসকলে পাহাৰীয়া গাঁওখনত 100ৰো অধিক কোঠাৰ ঘৰ 'Chhuan Thar Run'ত বসবাস কৰে ৷ 2011 চনৰ পৰা 2013 চনৰ ভিতৰত দুবাৰকৈ "Ripley's Believe it or not"ৰ দ্বাৰা প্ৰদৰ্শিত হৈছিল চানাৰ বৃহত্তৰ পৰিয়ালটো ৷ মুঠ 38 গৰাকী পত্নী আৰু 89 টা সন্তানক এৰি পৰলোকপ্ৰাপ্তি হয় বিশ্বৰ সৰ্ববৃহৎ পৰিয়ালৰ মুৰব্বীগৰাকী ৷

চানা আৰু চানাৰ বৃহত্তৰ পৰিয়ালটো টেলিভিশ্বনযোগে ভিম (Vim) চাবোনৰ বিজ্ঞাপনৰ দ্বাৰা চৰ্চালৈ আহিছিল ৷ উক্ত বিজ্ঞাপনত অভিনেত্ৰী সাক্ষী তনৱাৰ (Sakshi Tanwar)য়ে চানাৰ পৰিয়ালটো 2014 চনৰ ‘বিশ্বৰ সৰ্ববৃহৎ পৰিয়াল’ (World’s Largest Family) হিচাপে পৰিচয় কৰাই দিছিল ৷

লগতে পঢ়ক : অব্যাহত আছে পঞ্জাৱৰ দুই জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ মতানৈক্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.