নেশ্যনেল ডেস্ক,২২ জুলাই : 'এনডিএ' বা 'ইণ্ডিয়া' কোনো মিত্ৰজোঁটত যোগদান নকৰে জনতা দল (চেকুলাৰ)-এ । প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা জনতা দল (চেকুলাৰ)ৰ সৰ্বোচ্চ নেতা এইচ ডি দেৱগৌড়াই কয় যে তেওঁৰ দলে কোনো মিত্ৰতাত যোগদান কৰাৰ কোনো প্ৰশ্নই নাই ।
এইচ ডি দেৱগৌড়াৰ মতে জেডিএছ এটা আঞ্চলিক দল । এই আঞ্চলিক দলটোক ৰক্ষা কৰিবলৈ তেওঁ বিধায়কসকলৰ সৈতে আলোচনা কৰিছে । তেওঁ সকলোকে সাক্ষাৎ কৰিছে আৰু আগবাঢ়ি যোৱাৰ পথত বিধায়কসকলক পৰামৰ্শ দিছে । প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে নিশা এক সংবাদমেলত এই কথা প্ৰকাশ কৰে ।
২০ জুলাই অৰ্থাৎ বৃহস্পতিবাৰে নিশালৈকে চলি থকা বৈঠকত দেৱগৌড়াই বিধায়কসকলৰ সৈতে দীঘলীয়া সময় ধৰি আলোচনা কৰে । এইচ ডি দেৱগৌড়াই কয় যে এফালে আছে NDA আৰু আনফালে INDIA । সেয়েহে, তেওঁ বিধায়কসকলৰ সৈতে তেওঁৰ অভিজ্ঞতা শ্বেয়াৰ কৰিছে । বিদ্ৰোহী নেতা এইচ ডি কুমাৰস্বামী সন্দৰ্ভত তেওঁ কয় যে কুমাৰস্বামী এগৰাকী জনতা দল (চেকুলাৰ)ৰ নেতা । তেওঁৰ ওপৰত দলৰ দায়িত্ব আছে । সেয়েহে কুমাৰস্বামীকো দেৱগৌড়াই অভিজ্ঞতাৰ বিষয়ে কৈছে ।
উল্লেখ্য যে কুমাৰস্বামীয়ে পূৰ্বে বেংগালুৰুত বিৰোধী বৈঠকৰ বাবে প্ৰশাসনীয় বিষয়াসকলক ব্যৱহাৰ কৰাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল । বিজেপি নেতাসকলে ইয়াক লৈ বিধানসভাত তৰ্ক কৰা দেখা গৈছে । প্ৰাক্তন প্ৰধানমন্ত্ৰী দেৱগৌড়াৰ মতে সদনত বিজেপিৰ সংখ্যা বৃদ্ধি পাইছে । ইয়াক উপেক্ষা কৰিব নোৱাৰি । যেতিয়া হুলস্থূলীয়া পৰিৱেশৰ মাজত বিজেপিয়ে অধিৱেশন বৰ্জন কৰিছিল । তেতিয়া কুমাৰস্বামীয়েও বিজেপিক অনুসৰণ কৰিছিল । সেয়েহে কোনেও যাতে বিজেপি-জেডিএছ একেলগে আছে ধাৰণা নকৰে বা কাহিনীৰ সৃষ্টি নকৰে তাৰো আহ্বান জনায় প্ৰাক্তন প্ৰধানমন্ত্ৰী দেৱগৌড়াই । দেৱগৌড়াই বিজেপি-জেডিএছ মিত্ৰতাৰ জল্পনা-কল্পনা সম্পৰ্কে একপ্ৰকাৰ স্পষ্ট কৰি দিয়ে ।
দেৱগৌড়াৰ মতে তেওঁ ৰাষ্ট্ৰীয় ৰাজনীতিৰ বিষয়ে ভালদৰে জানে । কৰ্ণাটকৰ জনসাধাৰণৰ স্বাৰ্থত এই আঞ্চলিক দলটোক ৰক্ষা কৰাটো প্ৰয়োজনীয় । তেওঁ ৰাজনৈতিক লাভৰ বাবে কথা কোৱা নাই বুলি উল্লেখ কৰে । জীৱন সংগ্ৰামৰ কথা উল্লেখ কৰি দেৱগৌড়াই স্পষ্ট কৰি দিয়ে যে জেডিএছয়ে NDA বা INDIAৰ সৈতে নহয় অকলে নিৰ্বাচনত যুঁজ দিব ।
লগতে পঢ়ক :AIUDF Support to INDIA : ২০২৪ৰ লোকসভা নিৰ্বাচনত ইণ্ডিয়াক সমৰ্থন এআইইউডিএফৰ