ETV Bharat / bharat

Delhi Govt Rapido Case : ৰেপিডো-উবেৰৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ নকৰিবলৈ দিল্লী চৰকাৰক নিৰ্দেশ হাইকোৰ্টৰ

ফেব্ৰুৱাৰী মাহত দিল্লী চৰকাৰে এক জাননী প্ৰদান কৰি বাণিজ্যিক কাৰ্যকলাপৰ বাবে বাইকৰ পৰিচালনাক মটৰ ভেহিকল আইনৰ উলংঘন বুলি অভিহিত কৰিছিল (Delhi government notice to bike service) ।

Delhi Govt Rapido Case
Delhi Govt Rapido Case
author img

By

Published : May 27, 2023, 3:58 PM IST

নিউজ ডেস্ক, ২৭ মে' : দিল্লী উচ্চ ন্যায়ালয়ে দিল্লী চৰকাৰক বাইক আৰু টেক্সি সেৱা প্ৰদানকাৰী ৰেপিডো আৰু উবেৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিবলৈ নিৰ্দেশ দিছে (Delhi HC ordered to Delhi govt) । আদালতে কয় যে যেতিয়ালৈকে এনে সেৱা প্ৰদানকাৰীসকলক নিয়ন্ত্ৰণ কৰা বাবে কোনো নিৰ্দেশনাৰ জাননী দিয়া নহয়, তেতিয়ালৈকে তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱাটো উচিত নহয় । আদালতৰ আদেশ নিশ্চিত কৰিছে ৰেপিডোক প্ৰতিনিধিত্ব কৰা আইন প্ৰতিষ্ঠান এজেডবি ল পাৰ্টনাৰ্ছৰ পৰাগ মাইনিয়ে । প্ৰতিষ্ঠানটোৱে কয় যে এই আদেশ কেৱল কোম্পানীটোৰ বাবেই নহয়, তাৰ সৈতে জড়িত বহু বাইক-টেক্সি অপাৰেটৰৰ বাবেও এক ডাঙৰ সকাহ (Delhi HC relaxation to rapido uber) ।

ইয়াৰ পূৰ্বে যোৱা ফেব্ৰুৱাৰী মাহত দিল্লী চৰকাৰে এক ৰাজহুৱা জাননী জাৰি কৰি কৈছিল যে দেশৰ ৰাজধানী চহৰত বাইক আৰু টেক্সি চলাবলৈ অনুমতি দিয়া হোৱা নাই । যিহেতু অনা-পৰিবহণ (ব্যক্তিগত) পঞ্জীয়ন থকা দুচকীয়া বাহনসমূহ সম্পূৰ্ণৰূপে বাণিজ্যিক কাৰ্যকলাপত জড়িত, সেয়েহে ই মটৰ ভেহিকল আইন আৰু নিয়মৰ এয়া সম্পূৰ্ণ উলংঘন (Motor Vehicles Act and Rules) ।

দিল্লী পৰিবহণ বিভাগে (Delhi transport department) লগতে কৈছিল যে এপ-ভিত্তিক সেৱা প্ৰদানকাৰীসকলে তেওঁলোকৰ সেৱা তৎক্ষণাৎ বন্ধ কৰিব লাগিব । অন্যথা ১ লাখ টকাৰ জৰিমনা ভৰিব লাগিব । আনহাতে, ৰেপিডোৱে এই জাননীখনক প্ৰত্যাহ্বান জনায় আৰু দিল্লী মটৰ ভেহিকল নিয়মৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই আদালতৰ কাষ চাপে । গোচৰটো সন্দৰ্ভত ৰেপিডোৰ হৈ জ্যেষ্ঠ অধিবক্তা জয়ন্ত মেহতা আদালতত উপস্থিত থাকে (HC orders Delhi Govt not to act against Rapido) ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰ চৰকাৰে ৰেপিডোৰ বাইক আৰু টেক্সি এগ্ৰিগেটৰৰ অনুজ্ঞাপত্ৰ অস্বীকাৰ কৰিছিল । তেতিয়া ৰায়টোক প্ৰত্যাহ্বান জনোৱা ৰেপিডোৰ আবেদন বোম্বাই উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল । তাৰ পিছত আদেশটোক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল যদিও ৰেপিডোক সকাহ দিবলৈ শীৰ্ষ ন্যায়ালয়ে অস্বীকাৰ কৰে ।

লগতে পঢ়ক :Filing your IT return : আয়কৰ ৰিটাৰ্ণৰ ক্ষেত্ৰত কি কি সাৱধানতা ল'ব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.