ETV Bharat / bharat

সমকামী সম্পৰ্ক গোচৰৰ ৰায়দানৰ পূৰ্বে মনোবিজ্ঞানীৰ কাষ চাপিল ন্যায়াধীশ

এক সমকামী সম্পৰ্ক সন্দৰ্ভত ৰায়দান প্ৰদান কৰাৰ পূৰ্বে মানসিক শিক্ষাগ্ৰহণৰ সিদ্ধান্ত মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এন আনন্দ ভেঙ্কটেশৰ । সমকামী ধাৰণাটো বুজি পাবলৈ আৰু সম্পূৰ্ণ হৃদয়ৰ পৰা ৰায়দান কৰিবলৈ তেওঁ মনোবিজ্ঞানী বিদ্যা দিনাকৰণৰ ওচৰত মানসিক শিক্ষাৰ জ্ঞান লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

author img

By

Published : Apr 30, 2021, 4:47 PM IST

HC judge to undergo psycho education
গোচৰৰ ৰায়দানৰ পূৰ্বে মনোবিজ্ঞানীৰ কাষ চাপিল ন্যায়াধীশ

নেশ্যনেল ডেস্ক,৩০ এপ্ৰিল: আদালতত এটা গোচৰৰ শুনানি গ্ৰহণ কৰি তাৰ ওপৰত ৰায়দান দিয়াটো কোনো কাৰণতে সহজ কথা নহয় এগৰাকী ন্যায়াধীশৰ বাবে । কিয়নো সদায় একে ঘটনাৰ ওপৰতে বিচাৰ নহয় । বিভিন্ন ধৰণৰ গোচৰৰ ওপৰত মন্তব্য দিবলগীয়া হয় এগৰাকী ন্যায়াধীশে ।

এইবাৰ এটা বিশেষ গোচৰৰ শুনানি গ্ৰহণ কৰিবলৈ গৈ গুৰুতৰ সিদ্ধান্ত ল'লে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এন আনন্দ ভেঙ্কটেশে । এক সমকামী সম্পৰ্ক সন্দৰ্ভত ৰায়দান প্ৰদান কৰাৰ পূৰ্বে মানসিক শিক্ষাগ্ৰহণৰ সিদ্ধান্ত ন্যায়াধীশ গৰাকীৰ ।

শেহতীয়াকৈ সমকামী দম্পত্তীৰ এখন আবেদনৰ শুনানি গ্ৰহণ কৰি তেওঁ মন্তব্য কৰে যে তেওঁক ৰায়দানৰ বাবে কিছু সময়ৰ প্ৰয়োজন । সমকামী ধাৰণাটো বুজি পাবলৈ আৰু সম্পূৰ্ণ হৃদয়ৰ পৰা ৰায়দান কৰিবলৈ তেওঁ সেয়ে এই সন্দৰ্ভত শিক্ষাগ্ৰহণৰ কথা চিন্তা কৰে । তেওঁ লগতে কয় যে মস্তিস্কৰ পৰিৱৰ্তে হৃদয়ৰ পৰা ৰায়দান দিব লাগিব সেয়ে এই বিষয়ে যদি তেওঁৰ কোনো জ্ঞান নাথাকে তেনেহ'লে ৰায়দান সম্ভৱ নহ'ব ।

ন্যায়াধীশ গৰাকীয়ে অৱগত কৰা মতে তেওঁ মনোবিজ্ঞানী বিদ্যা দিনাকৰণৰ ওচৰত মানসিক শিক্ষাৰ জ্ঞান ল'ব বিচাৰে আৰু মনোবিজ্ঞানীৰ ওচৰত সুবিধাজনক এপইণ্টমেণ্টৰ বাবেও তেওঁ অনুৰোধ কৰিব ।তেওঁ লগতে কয় যে এজন পেছাদাৰী লোকে তেওঁক সমকামী সম্পৰ্ক ভালদৰে বুজাত সহায় কৰিব আৰু জটিল পথ প্ৰশস্ত কৰিব । তেওঁ বিশ্বাস কৰে যে মানসিক শিক্ষা লাভৰ পিছত তেওঁ যেতিয়া এটা নিৰ্দেশনা জাৰি কৰিব সেয়া সম্পূৰ্ণ হৃদয়ৰ পৰা হ'ব ।

উল্লেখ্য যে তেওঁ ইতিমধ্যে গোচৰটো ৭ জুনত পৰৱৰ্তী শুনানিৰ বাবে নিৰ্ধাৰণ কৰিছে । গোচৰটো হৈছে দুগৰাকী মহিলাৰ যিয়ে একেলগে থকাৰ সিদ্ধান্ত লৈছিল আৰু তেওঁলোকৰ পৰিয়ালৰ পৰা যাতে এইক্ষেত্ৰত কোনো অসুবিধা নাপাই তাৰ বাবে তেওঁলোকে আদালতত আবেদন কৰিছিল । ন্যায়াধীশগৰাকীয়ে পূৰ্বে অভিভাৱকসকলক এই ক্ষেত্ৰখনৰ এগৰাকী বিশেষজ্ঞৰ দ্বাৰা পৰামৰ্শ ল'বলৈ কৈছিল যাতে তেওঁলোকে বিষয়টো বুদ্ধিমত্তাৰে সন্মুখীন হ'ব পাৰে ।

ন্যায়াধীশগৰাকীয়ে কয় যে তেওঁ বিষয়টোৰ ওপৰত তেওঁৰ পূৰ্বৰ ধাৰণাবোৰ বিকশিত কৰিব বিচাৰে আৰু আৱেদনকাৰী লগতে তেওঁলোকৰ পিতৃ-মাতৃৰ অনুভূতি বুজিবলৈ আন্তৰিকতাৰে চেষ্টা কৰি আছে । তাৰ পিছতহে এই বিষয়ত তেওঁ নিৰ্দিষ্ট ৰায়দান বা নিৰ্দেশ দিব পাৰিব ।

মুঠতে দাক্ষিণাত্যৰ এই ন্যায়াধীশগৰাকীয়ে প্ৰকৃতাৰ্থত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । তেওঁৰ এই সিদ্ধান্তক দেশৰ বহুতে প্ৰশংসাও কৰা দেখা গৈছে ।

লগতে পঢ়ক:৩১ মে'লৈ স্থগিত আন্তৰ্জাতিক বাণিজ্যিক বিমান সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.