ETV Bharat / bharat

হাথৰস কাণ্ড: ধৰ্ষিতাৰ পৰিয়ালে এৰিব খোজে বাসগৃহ

হাথৰস কাণ্ডৰ ভুক্তভোগীৰ পৰিয়ালে বৰ্তমান বাস কৰা গাঁও এৰি অন্য স্থানত বাস কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে ৷ ধৰ্ষিতাৰ পক্ষৰ অধিবক্তা সীমা কুশৱাহাই স্থানীয় এক টেলিভিছন চেনেলৰ আগত এই বিষয়ে সদৰী কৰি কয় যে, পৰিয়ালটোৱে গোচৰ চলি থকাৰ বাবে দিল্লীত বাস কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে ৷

author img

By

Published : Dec 20, 2020, 2:07 PM IST

Hathras victim's family wants to move out of village

হাথৰস,২০ ডিচেম্বৰ: দেশ কঁপোৱা হাথৰস ধৰ্ষণ কাণ্ডৰ তদন্ত আজিও অব্যাহত আছে ৷ চিবিআইয়ে এই ঘটনাৰ চাৰ্জশ্বীট দাখিল কৰাৰ দুদিন পিছত ১৯ বৰ্ষীয় ধৰ্ষিতাৰ পৰিয়ালটোৱে উক্ত গাঁৱৰ সলনি অন্য ঠাইত বাস কৰাত আগ্ৰহ প্ৰকাশ কৰিছে ৷

উক্ত ধৰ্ষণ কাণ্ডত জড়িত চাৰিগৰাকীকৈ অভিযুক্তৰ পৰিয়ালে গাঁৱখনৰ কেইবাঘৰো দলিত সম্প্ৰদায়ৰ লোকক ধৰ্ষিতাৰ পৰিয়ালক সমৰ্থন নকৰিবলৈ দাবী উত্থাপন কৰিছে ৷ গাঁৱৰ প্ৰায় ৬৩ ঘৰ উচ্চজাতিৰ লোকে ধৰ্ষিতাৰ পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰাৰ পৰাও বিৰত আছে ৷ চিবিআইয়ে শুকুৰবাৰে এই কাণ্ডৰ চাৰ্জশ্বীট দাখিল কৰাৰ পিছত এই পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি সদৰী কৰে ধৰ্ষিতাৰ এজন ভাতৃয়ে ৷

ধৰ্ষিতাই মৃত্যুৰ পূৰ্বে দিয়া স্বীকাৰোক্তিত প্ৰকাশ কৰিছে এয়া গণ ধৰ্ষণ বুলি ৷ কিন্তু উত্তৰ প্ৰদেশ আৰক্ষীয়ে এয়া মানি ল’বলৈ অস্বীকাৰ কৰে ৷

উল্লেখ্য যে, এই গণ ধৰ্ষণ কাণ্ড সংঘটিত হৈছিল বিগত ১৪ ছেপ্তেম্বৰত ৷ পৰৱৰ্তী সময়ত ১৯ বৰ্ষীয় ধৰ্ষিতাগৰাকীয়ে দিল্লীৰ এখন চিকিৎসালয়ত ৩০ ছেপ্তেম্বৰত মৃত্যুবৰণ কৰে ৷ ধৰ্ষিতাৰ পৰিয়ালৰ অনুমতি অবিহনে প্ৰশাসনে মৃতদেহৰ শেষকৃত্য নিশাৰ ভিতৰতে সম্পন্ন কৰে ৷

ধৰ্ষিতাৰ পৰিয়ালক ইয়াৰ পিছতে কটকটীয়া নিৰাপত্তা প্ৰদান কৰা হয় ৷ কিন্তু পৰিয়ালটোৱে অভিযোগ কৰা অনুসৰি নিৰাপত্তাবাহিনী সকলো সময়তে তাত উপস্থিত নাছিল ৷

সেয়ে ভুক্তভোগীৰ ভাতৃয়ে চৰকাৰক দিল্লীত এক বাসগৃহ প্ৰদান কৰিবলৈ আহ্বান জনাইছে যাতে পৰৱৰ্তী সময়ত শান্তিৰে জীৱন অতিবাহিত কৰিব পাৰে ৷

লগতে পঢ়কঃ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ সৈতে প্ৰাসংগিক প্ৰেক্ষাপট...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.