ETV Bharat / bharat

Hathras Rape Case: হাথৰছ ধৰ্ষণকাণ্ডৰে জড়িত সন্দীপক দোষী সাব্যস্ত আদালতৰ

author img

By

Published : Mar 2, 2023, 10:08 PM IST

দোষী সাব্যস্ত হ’ল হাথৰছৰ জঘন্য ধৰ্ষণ আৰু হত্য়াকাণ্ডৰে জড়িত থকা মূল অভিযুক্ত সন্দীপ ৷ বৃহস্পতিবাৰে সন্দীপক দোষী সাব্যস্ত কৰিলে এখন আদালতে ৷ আনহাতে, আন তিনি অভিযুক্তক নিৰ্দোষী বুলি ৰায়দান কৰে আদালতে (Hathras Incident hearing) ৷ ইয়াকে লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে ভুক্তভোগীৰ পৰিয়ালে ৷

Hathras Rape Case
হাথৰছ ধৰ্ষণকাণ্ডৰে জড়িত সন্দীপক দোষী সাব্যস্ত আদালতৰ; তিনি অভিযুক্তক নিৰ্দোষ ঘোষণা

নিউজ ডেস্ক, 2 মাৰ্চ: 2020 চনৰ হাথৰছৰ জঘন্য ধৰ্ষণকাণ্ড (Hathras Incident) সন্দৰ্ভত বৃহস্পতিবাৰে ৰায়দান দিলে আদালতে ৷ ঘটনাৰে জড়িত 4 অভিযুক্তৰ ভিতৰত 3 অভিযুক্তক নিৰ্দোষী বুলি ৰায়দান কৰাৰ বিপৰীতে এটা অভিযুক্তক দোষী সাব্যস্ত কৰে আদালতে ৷ সন্দীপ নামৰ অভিযুক্তটোক ইচ্ছাকৃতভাৱে হত্যা আৰু অনুসূচীত জাতি/জনজাতি আইনৰ আধাৰত দোষী সাব্যস্ত কৰে আদালতে ৷

ইফালে, আদালতৰ এই ৰায়দানক লৈ সুখী নহয় ভুক্তভোগী পক্ষৰ অধিবক্তা (Hathras Incident hearing) ৷ এই সন্দৰ্ভত অধিবক্তা মহিপাল সিঙে কয়, ‘‘আদালতৰ এই ৰায়ত আমি সন্তুষ্ট নহয় ৷ মূল অভিযুক্ত সন্দীপক দোষী সাব্যস্ত কৰি আন তিনি অভিযুক্তক নিৰ্দোষ ঘোষণা কৰা সন্দৰ্ভত আমি পুনৰ আদালতৰ দ্বাৰস্থ হম ৷ অৱশ্যে আদালতে এতিয়া এই দোষৰ শাস্তি ঘোষণা কৰিব ৷’’ ইয়াৰ বিপৰীতে নিৰ্দোষ ঘোষণা কৰা আন তিনি অভিযুক্তৰ পৰিয়ালে আদালতৰ ৰায়দানত প্ৰকাশ কৰিছে সন্তুষ্টি ৷ অভিযুক্ত লৱকুশৰ মাতৃয়ে সন্তুষ্টি প্ৰকাশ কৰি কয় যে, আমাৰ পুত্ৰই এটা নতুন জীৱন লাভ কৰিলে ৷ আন এটা অভিযুক্ত ৰামুৰ পৰিয়ালৰ লোকেও আদালতৰ ৰায়দানত প্ৰকাশ কৰিছে সন্তুষ্টি ৷

স্মৰ্তব্য যে, 2020 চনৰ 14 ছেপ্টেম্বৰত উত্তৰ প্ৰদেশৰ হাথৰছত এগৰাকী দলিত মহিলাক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল (Hathras rape case) ৷ কিন্তু লক্ষ্যনীয়ভাৱে পৰিয়ালৰ লোকৰ ইচ্ছাৰ বিপৰীতে মহিলাগৰাকীৰ মৃতদেহ সৎকাৰ কৰা হৈছিল ৷ যি ঘটনা সমগ্ৰ দেশজুৰি ব্যাপকভাৱে চৰ্চিত হৈ পৰাৰ লগতে সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া ৷ পৰিয়ালৰ ইচ্ছাৰ বিপৰীতে মৃতদেহ সৎকাৰ কৰা ঘটনাৰ সৈতে জড়িত থকাৰ অপৰাধত এগৰাকী আৰক্ষী অধীক্ষক, এগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াকে ধৰি মুঠ পাঁচজন আৰক্ষীক 2020 চনৰ 2 অক্টোবত নিলম্বন কৰা হৈছিল আৰু ইয়াৰ দুদিনৰ পাচত সমগ্ৰ ঘটনাৰ তদন্তৰ দ্বায়িত্ব লৈছিল CBI য়ে (Hathras rape case investigation) ৷

এই জঘন্য ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাৰ তদন্ত কৰি CBIয়ে 2020 চনৰ 18 ডিচেম্বৰত অনুসূচীত জাতি/জনজাতি আইনৰ অধীনত অভিযুক্ত সন্দীপ, লৱকুশ, ৰবি আৰু ৰামৰ বিৰুদ্ধে আদালতত অভিযোগ পত্ৰ দাখিল কৰিছিল ৷ এই সমগ্ৰ ঘটনাটোৰ বাবে সাক্ষ্যদান কৰিছিল মুঠ 105 গৰাকী লোকে (Hathras gang rape) ৷ অভিযুক্তসকলৰ বিৰুদ্ধে 376, 376(D), 302, 3(2)B ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল ।

লগতে পঢ়ক: Bhopal Ujjain train blast case: ভূপাল-উজ্জয়িনী ৰে’ল বিস্ফোৰণৰ ৭ অভিযুক্তক মৃত্যুদণ্ডৰ ৰায়দান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.