নেশ্যনেল ডেস্ক, 23 আগষ্ট: 2007 বৰ্ষত ঘৃণামূলক ভাষণৰ গোচৰত কণ্ঠৰ নমুনা দিবলৈ সমাজবাদী পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী আজম খানক নিৰ্দেশ দিয়া বিচাৰ আদালতৰ নিৰ্দেশত বুধবাৰে উচ্চতম ন্যায়ালয়ে অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰে ।
ন্যায়াধীশ এ এছ বোপান্না আৰু প্ৰশান্ত কুমাৰ মিশ্ৰৰে গঠিত বিচাৰপীঠে আজম খানৰ আবেদনৰ ভিত্তিত উত্তৰ প্ৰদেশ চৰকাৰকে ধৰি অন্যান্য লোকক জাননী জাৰি কৰে ।
2007 চনত উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মায়াৱতীৰ বিৰুদ্ধে ঘৃণামূলক ভাষণ দিয়া আৰু অপমানজনক ভাষা ব্যৱহাৰ কৰাৰ অভিযোগত এক গোচৰত কণ্ঠৰ নমুনা দিবলৈ এলাহাবাদ উচ্চ ন্যায়ালয়ে সমৰ্থন কৰা আদালতৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই আজম খানে উচ্চতম ন্যায়ালয়ত প্ৰস্তাৱ দিছিল ।
25 জুলাইত উচ্চ ন্যায়ালয়ে বিচাৰ আদালতৰ নিৰ্দেশত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰে । উচ্চতম ন্যায়ালয়ৰ সন্মুখত আজম খানৰ হৈ প্ৰতিনিধিত্ব কৰিছিল জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে ।
আজম খানৰ ভাষণৰ সৈতে মিল নিশ্চিত কৰিবলৈ কণ্ঠৰ নমুনা বিচৰা হৈছে যিটো তেওঁ ৰাজহুৱা সভাত দিয়া চিডিত ৰেকৰ্ড কৰা হৈছিল । ধীৰাজ কুমাৰ শীল নামৰ এজন লোকে আজম খানৰ বিৰুদ্ধে তৰিছিল এই গোচৰ ৷ তণ্ডা থানাত অনুসূচিত জাতি/জনজাতিৰ আইনৰ অধীনত ৰুজু কৰা হৈছিল এই অভিযোগ ।
ৰাজ্যখনৰ শাসনভাৰ ভাৰতীয় জনতা পাৰ্টীৰ হাতলৈ যোৱাৰ পিছতে আজম খানৰ লগতে পৰিয়ালটোৰ বিৰুদ্ধে আৰক্ষীয়ে জনপ্ৰতিনিধিত্ব আইন আৰু অনুসূচীত জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইনৰ অধীনত 125 নং ধাৰা প্ৰয়োগ কৰি ভূমি দখলকে ধৰি 80 টাতকৈও অধিক গোচৰ ৰুজু কৰিছিল ।
লগতে পঢ়ক : Railway bridge collapsed: নিৰ্মীয়মান ৰে’লৱে দলং খহি মৃত্যু 17 শ্ৰমিকৰ, নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকা