ETV Bharat / bharat

Nuh Violence : নুহ জিলাত উচ্ছেদ অভিযানত স্থগিতাদেশ হাৰিয়ানা আৰু পঞ্জাব উচ্চ ন্যায়ালয়ৰ - Punjab HC stay demolition drive in nuh district

হাৰিয়ানাৰ নুহত দুটা সম্প্ৰদায়ৰ মাজত সংঘটিত এক হিংসাত্মক ঘটনাত ছয়জন লোক নিহত হয় । এই হিংসাত্মক ঘটনাৰ পিছত জিলাখনত অবৈধ বেদখল আৰু হিংসাৰ সময়ত শিল নিক্ষেপ কৰা ঘৰবোৰৰ ওপৰত বুলড'জাৰ চলোৱা হয় । ইফালে পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে স্বতঃপ্ৰণোদিতভাৱে গোচৰ লৈ এই ধ্বংসৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে । আনহাতে, নুহ জিলাত পৰিস্থিতি স্বাভাৱিক হোৱাৰ বাবে সোমবাৰে কাৰ্ফিউ শিথিল কৰা হয় । নুহ হিংসাৰ অষ্টমদিনা বেংক আৰু এটিএম খোলা হয় ।

Nuh Violence
Nuh Violence
author img

By

Published : Aug 7, 2023, 4:30 PM IST

নিউজ ডেস্ক, ৭ আগষ্ট : হাৰিয়ানাৰ নুহত ব্ৰজ মণ্ডল সমদলৰ সময়ত দুটা সম্প্ৰদায়ৰ মাজত সংঘটিত হিংসাত্মক ঘটনাৰ পিছত জিলাখনত অবৈধ বেদখলৰ বিৰুদ্ধে নিৰন্তৰ ব্যৱস্থা গ্ৰহণ কৰা হৈ আহিছে । এতিয়ালৈকে ৩৫ টা স্থানত এটা অভিযান চলাই ৫৭ একৰ ভূমি অবৈধ দখলৰ পৰা মুক্ত কৰা হৈছে । প্ৰশাসনৰ এই কাৰ্যৰ বাবে স্থানীয় লোকসকলৰ মাজত যথেষ্ট অসন্তুষ্টিও দেখা গৈছে । এনে পৰিস্থিতিত পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে স্বতঃপ্ৰণোদিতভাৱে বিবেচনা কৰি নুহ জিলাত বেদখল উচ্ছেদ কাৰ্য নিষিদ্ধ কৰিছে ।

উল্লেখ্য যে দেওবাৰে পুৱা ৮ বজাত নুহৰ জিলা সদৰ নুহ চহৰৰ নালহাদ ম'ৰৰ ঠিক বিপৰীতে চাহাৰা ৰেষ্টুৰেণ্টত বুলড'জাৰ চলোৱা হৈছিল । মুহূৰ্তৰ ভিতৰতে তিনিমহলীয়া চাহাৰা ৰেষ্টুৰেণ্টখন ভাঙি পেলোৱা হয় । বিষয়াসকলৰ পৰা পোৱা তথ্য অনুসৰি, ৩১ জুলাইত ব্ৰজ মণ্ডল সমদলৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাত এই হোটেলখনৰ পৰাও শিলগুটি নিক্ষেপ কৰা হৈছিল । হিংসাত্মক ঘটনাৰ সময়ত হোটেলখনৰ কাষত অৱস্থিত বাইকৰ গুদামত বাইক লুট কৰা হৈছিল আৰু তাত অগ্নিসংযোগ কৰা হৈছিল । ইয়াৰ উপৰি জিলাখনৰ আন বহুতো ঘৰ ভাঙি পেলোৱা হৈছে । আনহাতে, চৰকাৰী ভূমি বেদখল কৰি নিৰ্মাণ কৰা বস্তিবোৰো ভাঙি পেলোৱা হৈছে ।

উল্লেখ্য যে নুহত সংঘটিত হিংসাত্মক ঘটনাৰ পিছত পৰিস্থিতি বৰ্তমান স্বাভাৱিক হ'লেও সতৰ্কতামূলক ব্যৱস্থা হিচাপে জিলাখনত ৮ আগষ্টলৈকে ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে । ইয়াৰ বাহিৰেও জিলাখনত এতিয়াও কাৰ্ফিউ বলৱৎ আছে । অৱশ্যে জনসাধাৰণে যাতে অধিক সমস্যাৰ সন্মুখীন হ'বলগা নহয় তাৰবাবে সোমবাৰে চাৰি ঘণ্টাৰ বাবে কাৰ্ফিউ শিথিল কৰা হৈছে ।

আনহাতে, নুহ চহৰত সমদলৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাৰ অষ্টমদিনা সোমবাৰে নুহ চহৰত পুৱা ১০ বজাৰ পৰা আবেলি ৩ বজালৈকে বেংক আৰু এটিএম খোলাৰ নিৰ্দেশ দিয়া হৈছে । বেঙ্কত বিত্তীয় লেনদেনৰ সময় পুৱা ১১ বজাৰ পৰা দুপৰীয়া ২ বজালৈ নিৰ্ধাৰণ কৰি দিয়া হয় । আনহাতে, এটিএমবোৰ পুৱা ১০ বজাৰ পৰা আবেলি ৩ বজালৈকে খোলাৰ নিৰ্দেশ দিয়ে । অৱশ্যে যদিও জিলা প্ৰশাসনে বেংক আৰু এটিএম খোলাৰ সিদ্ধান্ত লৈছে, সাধাৰণ দিনত বেংক আৰু এটিএমসমূহত দেখাৰ দৰে ভিৰ পৰিলক্ষিত হোৱা নাই ।

লগতে পঢ়ক :Explosives recovered: কাছাৰত জব্দ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী; মণিপুৰলৈ সৰবৰাহৰ সন্দেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.