ETV Bharat / bharat

Nuh Violence : নুহৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ আঁৰত ষড়যন্ত্ৰৰ সন্দেহ গৃহমন্ত্ৰীৰ

author img

By

Published : Aug 1, 2023, 3:12 PM IST

হাৰিয়ানাৰ গৃহ মন্ত্ৰী অনিল ভিজৰ মতে সংঘৰ্ষৰ আঁৰত ষড়যন্ত্ৰ আছে । ঘটনাস্থলীত উদ্ধাৰ হোৱা শিল, গুলীৰ পৰা সন্দেহ হৈছে ।ঘটনাৰ মাষ্টাৰমাইণ্ডৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি গৃহ মন্ত্ৰীৰ ।

Nuh Violence
নুহৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ আঁৰত ষড়যন্ত্ৰৰ সন্দেহ গৃহ মন্ত্ৰীৰ

নেশ্যনেল ডেস্ক,১ আগষ্ট : হাৰিয়ানাৰ নুহ জিলাৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ আঁৰত ষড়যন্ত্ৰ আছে । এই অভিযোগ হাৰিয়ানাৰ গৃহমন্ত্ৰী অনিল ভিজৰ । মুছলমান অধ্যুষিত নুহ জিলাত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পাছতে হাৰিয়ানাৰ গৃহ মন্ত্ৰী অনিল ভিজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । মন্ত্ৰীগৰাকীয়ে কয় যে দুয়োটা সম্প্ৰদায়ে দীৰ্ঘদিন ধৰি শান্তিপূৰ্ণভাৱে নুহত বাস কৰি আছে । ইয়াৰ আঁৰত কোনো ষড়যন্ত্ৰ আছে । মন্ত্ৰীগৰাকীয়ে অভিযোগ কৰা মতে যিধৰণে শিল, অস্ত্ৰ- শস্ত্ৰ, গুলী পোৱা গৈছে এনে লাগিছে যেন ইয়াৰ আঁৰত কোনো মাষ্টাৰমাইণ্ড আছে ।

তেওঁ লগতে কয় যে এই সন্দৰ্ভত এক বিতং তদন্ত কৰা হ'ব আৰু ষড়যন্ত্ৰকাৰীৰ বিৰুদ্ধে অভিযান চলিছে । আনহাতে আইন-শৃংখলা বজাই ৰখাৰ বাবে নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে ।

ইফালে ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হাৰিয়ানাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ঘটনাটোৰ দোষীসকলৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা লোৱা হ'ব । নুহৰ উপায়ুক্ত প্ৰশান্ত পানৱাৰেও কয় যে বৰ্তমান নতুন কোনো অপ্ৰীতিকৰ ঘটনাৰ খবৰ পোৱা হোৱা নাই । নিৰাপত্তা বাহিনীয়ে ফ্লেগ মাৰ্চ কৰিছে । ইফালে ঘটনাৰ পৰিস্থিতি মূল্যায়ন কৰিবলৈ আৰু সান্ধ্য আইনৰ ম্যাদ সম্পৰ্কে এখন বৈঠক অনুষ্ঠিত কৰা হ'ব ।

খবৰ অনুসৰি গুৰুগ্ৰামৰ চোহনা ৰোডৰ ওচৰতো পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ আছে য'ত বাহনসমূহত জুই লগোৱা হৈছে বুলি জানিব পৰা গৈছে । কেন্দ্ৰীয় চৰকাৰে আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ২০ টা বেটেলিয়ন মোতায়েন কৰিছে ।

হাৰিয়ানাৰ গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিবে অৰ্ধসামৰিক বাহিনী মোতায়েনৰ বাবে কেন্দ্ৰলৈ পত্ৰ লিখিছিল । তাৰ ভিত্তিত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৬ আগষ্টলৈকে নুহত চিএপিএফৰ ২০ টা বেটেলিয়ন মোতায়েন কৰে ৷ দলটোত কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ ৪ টা বেটেলিয়ন, সীমান্ত সুৰক্ষা বাহিনীৰ দুটা, ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ দুটা আৰু ৰেপিড একচন ফ'ৰ্চৰ ১২ টা বেটেলিয়ন অন্তৰ্ভুক্ত আছে ৷ সতৰ্কতামূলক পদক্ষেপ হিচাপে, চৰকাৰে গুৰুগ্ৰামৰ উপৰিও পালৱালৰ ফৰিদাবাদতো ১৪৪ ধাৰা জাৰি কৰিছে ।

উল্লেখ্য যে বিশ্ব হিন্দু পৰিষদৰ ৰেলীৰ সময়তে এই সংঘৰ্ষ আৰম্ভ হৈছিল । ৩ গৰাকী গৃহৰক্ষী জোৱান নিহত হোৱাৰ লগতে উপ আৰক্ষী অধীক্ষকসহ কেইবাগৰাকী আৰক্ষী আহত হয় । আৰক্ষীয়ে ঘটনাটো সন্দৰ্ভত প্ৰায় ২০ খন এজাহাৰ পঞ্জীয়ন কৰিছে আৰু হিংসাৰ গোচৰত একাংশ লোকক আটক কৰিছে ।

লগতে পঢ়ক :Nuh violence: ব্ৰজ মণ্ডল যাত্ৰাৰ সময়তে নুহত সংঘৰ্ষ, ৫ জিলাত ১৪৪ ধাৰা জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.