নেচনেল ডেস্ক, 15 মাৰ্চ:পশ্চিম নৌ প্ৰধান ভাইচ এডমিৰেল আৰ হৰিকুমাৰে কৰৱাৰৰ কাদম্বু নৌ আধাৰ পৰিদৰ্শন কৰে । ২১ ফেব্ৰুৱাৰীত পশ্চিম নৌ অঞ্চলৰ প্ৰধান হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত তেওঁ প্ৰথমবাৰৰ বাবে ভায়েচ এডমিৰেল কাদম্ব নৌ আধাৰত উপস্থিত হৈছে ।
![পশ্চিম নৌ সেনা প্ৰধান আৰ হৰিকুমাৰৰ কৰ্ণাটকৰ নৌ আধাৰ পৰিদৰ্শন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/kn-kwr-01-voice-admiral-bheti-ka10044_15032021092449_1503f_1615780489_476_1503newsroom_1615791002_400.jpg)
কৰ্ণাটক নৌ আধাৰৰ কমাণ্ডাৰ ৰিয়াৰ এডমিৰেল মহেশ সিঙে হৰিকুমাৰক আদৰণি জনোৱাৰ সময়তে নৌবাহিনীৰ দ্বাৰা এটা বিশেষ অভিবাদন প্ৰদান কৰা হয় আৰ হৰিকুমাৰক । অভিবাদনৰ পাছতেই কৰ্ণাটক নৌ অঞ্চলত জাহাজ আৰু ইউনিটৰ কাৰ্যকৰী তৎপৰতাৰ বিষয়ে পৰ্যালোচনা কৰে ।
![পশ্চিম নৌ সেনা প্ৰধান আৰ হৰিকুমাৰৰ কৰ্ণাটকৰ নৌ আধাৰ পৰিদৰ্শন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/kn-kwr-01-voice-admiral-bheti-ka10044_15032021092449_1503f_1615780489_1053_1503newsroom_1615791002_661.jpg)
তেওঁক প্ৰকল্প চিবৰ্ড ফেজ ২-এৰ জৰিয়তে আন্তঃগাঁথনি বিকাশৰ প্ৰগতিৰ বিষয়েও অৱগত কৰা হয় । ভাইচ এডমিৰেলে আৰ হৰিকুমাৰে কৰ্ণাটক নৌ অঞ্চলৰ বিষয়া, নাবিক, ডিএছচি জোৱান আৰু অসামৰিক কৰ্মচাৰীৰ সৈতে মত বিনিময় কৰে ৷
লগতে পঢ়কঃ টিকট লাভৰ পাছতে ইটিভিৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ নাৰায়ণ ডেকাৰ