নেশ্যনেল ডেস্ক, 11 ছেপ্টেম্বৰ : কোনো নিৰ্দিষ্ট কাৰণ প্ৰকাশ নকৰাকৈয়ে শনিবাৰে গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানী(Gujarat Chief Minister Vijay Rupani)য়ে পদত্যাগ কৰে ৷ শনিবাৰে গুজৰাটৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যপাল আচাৰ্য দেৱব্ৰতৰ ওচৰত পদত্যাগ পত্ৰ প্ৰদান কৰে ৷ ৰাজ্যপালক লগ কৰিবলৈ যোৱাৰ সময়ত ৰুপানীৰ সৈতে উপ-মুখ্যমন্ত্ৰী নিতীন পেটেল(Deputy Chief Minister Nitin Patel) আৰু অন্যান্য কেবিনেট মন্ত্ৰীসকল উপস্থিত থাকে ৷
বিজেপিৰ সংগঠনিক সম্পাদক ৰত্নাকৰ(BJP organisation secretary Ratnakar) আৰু বিজেপিৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত বিষয়া ভূপেন্দ্ৰ যাদৱ(BJP state incharge Bhupendra Yadav)কো তেওঁলোকৰ সৈতে দেখা গৈছিল ৷ সংবাদমাধ্যমৰ সন্মুখত নিজৰ পদত্যাগৰ কথা ৰুপানীয়ে ঘোষণা কৰে যদিও কি কাৰণে তেওঁ পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেই কথা জনোৱাৰ পৰা বিৰত থাকে ৷
উল্লেখ্য যে, 2017 চনৰ ডিচেম্বৰত ৰুপানীয়ে মুখ্যমন্ত্ৰী হিছাপে শপতগ্ৰহণ কৰিছিল ৷ ৰাজ্যপাল আচাৰ্য দেৱব্ৰতক সাক্ষাৎ কৰি ৰূপানীয়ে এইবুলি কয়, "মই গুজৰাটৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছো" ৷
ৰাজ্যখনৰ বাবে সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে তেওঁক পাঁচ বছৰৰ এক সুযোগ দিয়া হৈছিল বুলি মন্তব্য কৰি ৰূপানীয়ে লগতে এইবুলিও কয় যে, দলে তেওঁক যি ভূমিকাৰ বাবে উপযুক্ত বুলি বিবেচনা কৰিব, সেই দায়িত্ব পালন কৰিবলৈ তেওঁ সম্পূৰ্ণৰূপে সাজু ৷
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্য(Prime Minister Narendra Modi's home state)ত অহা বছৰ বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ ৰূপানীয়ে পদত্যাগ কৰাৰ লগে লগে গুজৰাটৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব তাক লৈ এতিয়া ব্যাপক চৰ্চা চলিছে ৷ সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, এই শীৰ্ষ পদৰ বাবে তিনিগৰাকী দাবীদাৰ আছে ৷
উপ মুখ্যমন্ত্ৰী নীতিন পেটেল আৰু কেন্দ্ৰীয় মন্ত্ৰী পৰশত্তম ৰূপালা(Parshottam Rupala) আৰু মনসুখ মাণ্ডৱিয়া(Mansukh Mandaviya)ৰ ভিতৰত কোনো এজনে মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ লোৱাৰ সম্ভাৱনা আছে ৷ আগন্তুক দুই বা এদিনৰ ভিতৰতে নতুন মুখ্যমন্ত্ৰীয়ে দায়িত্বভাৰ ল'ব বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : উত্তৰ প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী অত্মাৰাম টোমৰৰ ৰহস্যজনক মৃত্যু