ETV Bharat / bharat

ইন্দ্ৰজাল: শত্ৰুৰ ড্ৰোণ প্ৰতিৰোধ কৰিবলৈ সাজু ভাৰতীয় বায়ুসেনা - ইন্দ্ৰজাল

শত্ৰু ৰাষ্ট্ৰই ড্ৰোণেৰে কৰা আক্ৰমণ প্ৰতিহত কৰিবলৈ সাজু হৈছে ভাৰতীয় বায়ু সেনা বাহিনী । ড্ৰোণৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ নিৰ্মাণ কৰা হৈছে "ইন্দ্ৰজাল" । এই "ইন্দ্ৰজাল" হৈছে বায়ুসেনাৰ এক প্ৰতিৰক্ষা প্ৰণালী, যি ২০০০ বৰ্গ কিল’মিটাৰ ব্যাসাৰ্ধৰ অঞ্চলক সশস্ত্ৰ ড্ৰোণৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰে ।

Grene Robotics has developed Indrajaal
শত্ৰুৰ ড্ৰোণ প্ৰতিৰোধ কৰিবলৈ সাজু ভাৰতৰ বায়ু সেনা
author img

By

Published : Jul 1, 2021, 3:15 PM IST

নেশ্যনেল ডেস্ক, ১ জুলাই : ভাৰতৰ আকাশত চলিত সপ্তাহত কেইবাবাৰো শত্ৰু ৰাষ্ট্ৰৰ ড্ৰোণ পৰিলক্ষিত হৈছে । আনকি জম্মু-কাশ্মীৰত আকাশমাৰ্গৰ পৰা ড্ৰোণেৰে বায়ু সেনাৰ ঘাটিত বিস্ফোৰণো সংঘটিত কৰা হৈছে । এনে সময়তে হায়দৰাবাদস্থিত গ্ৰেন ৰবটিক্স নামৰ এটা কোম্পানীয়ে ইন্দ্ৰজাল নামৰ এটা থলুৱা ড্ৰোণ প্ৰতিৰক্ষা গম্বুজ নিৰ্মাণ কৰিছে । ইন্দ্ৰজাল হৈছে ভাৰতৰ প্ৰথম ১০০ শতাংশ থলুৱাভাৱে নিৰ্মিত আৰু বিস্তৃত অঞ্চলক সুৰক্ষা দিব পৰা ড্ৰোণ প্ৰতিৰক্ষা গম্বুজ ।

"ইন্দ্ৰজালে" ড্ৰোণ অথবা ইউ এ ভি আৰু বিভিন্ন অস্ত্ৰৰ জৰিয়তে কৰিব বিচৰা আক্ৰমণৰ পৰা ১০০০-২০০০ বৰ্গ কিল’মিটাৰ ব্যাসাৰ্ধৰ বৃহৎ এলেকা সুৰক্ষিত কৰিব পাৰে । গ্ৰেন ৰবটিক্সৰ প্ৰতিৰক্ষা মুখ্য কাৰ্যবাহী বিষয়া এম ভি এন সায়ে ইটিভি ভাৰতৰ সৈতে হোৱা সাক্ষাৎকাৰত কয় যে, "ইন্দ্ৰজাল" হৈছে নিম্ন আৰচিএছ সম্পন্ন ড্ৰোণ যুদ্ধ প্ৰণালী । নিম্ন আৰচিএছ-ত গোলা-বাৰুদ, ৰকেটৰ আদিও অন্তৰ্ভুক্ত হৈ থাকে । শেহতীয়াকৈ জম্মুত ভাৰতীয় বায়ুসেনাৰ ঘাটিত সন্দেহযুক্ত ড্ৰোণৰ দ্বাৰা আক্ৰমণ কৰাৰ সময়ত "ইন্দ্ৰজালে" নিৰ্মাণ হোৱাটো সময়োপযোগী হিচাপে বিবেচিত হৈছে ।

এম ভি এন সায়ে লগতে কয় যে, সাম্প্ৰতিক সময়ত ড্ৰোণক শত্ৰু পক্ষই যুদ্ধৰ এক নতুন অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে । যদি এখন ৰাষ্ট্ৰই যুদ্ধৰ বাবে সাজু হ'বলগীয়া হয়, তেন্তে বায়ু প্ৰতিৰক্ষাৰ স্তৰটো উন্নীত কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে । তেওঁ কয় যে, বৰ্তমানৰ বায়ু প্ৰতিৰক্ষা প্ৰণালীটো একেলগ কৰি নিম্ন আৰচিএছ আক্ৰমণ প্ৰতিৰোধ কৰিব পৰা নাযাব ।

যিহেতু ড্ৰোণৰ ভাবুকি অগতানুগতিক, সেয়ে প্ৰত্যাক্ৰমণো অগতানুগতিক হ'ব লাগে । তাৰ বাবে পৃথক অস্ত্ৰ-শস্ত্ৰ, এক পৃথক চেঞ্চৰ আৰু পৃথক কৌশলৰ প্ৰয়োজন বুলি তেওঁ মন্তব্য কৰে । বৰ্তমান ড্ৰোণ বাণিজ্যিকীকৰণ কৰা হৈছে আৰু সেয়ে সাধাৰণ ব্যৱহাৰৰ বাবে সহজে উপলব্ধ হয় । সেইবোৰে সুৰক্ষাৰ ক্ষেত্ৰত এক নতুন প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: মোদী মন্ত্ৰীসভা সম্প্ৰসাৰণ: দিল্লীলৈ ৰাওনা হিমন্ত-সোণোৱাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.