নিউজ ডেস্ক, ১০ অক্টোবৰ : দুখন সুবিশাল প্ৰৱেশদ্বাৰ, জটিলভাৱে খোদিত বালিশিলেৰে নিৰ্মিত 108 টা অলংকৃত স্তম্ভৰ এক ৰাজকীয় উপনিবেশ, প্ৰচণ্ড ঝৰ্ণা আৰু 50 টাতকৈও অধিক শিৱ পুৰাণৰ কাহিনী দেখুওৱা এটা চলমান পেনেল হৈছে উজ্জয়িনীত শীঘ্ৰে মুকলি হ'লগা 'মহাকাল লোক'ৰ মুখ্য আকৰ্ষণ (Mahakal Lok in Ujjain) ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ অক্টোবৰত মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ দূৰৈত অৱস্থিত ৮৫৬ কোটি টকাৰ মহাকালেশ্বৰ মন্দিৰ কৰিডৰ উন্নয়ন প্ৰকল্পৰ প্ৰথম পৰ্যায় উদ্বোধন কৰিব (Modi will inaugurate Mahakaleshwar Temple corridor) ।
মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে (MP CM Shivraj Singh Chouhan) দেওবাৰে সন্ধিয়া ১১ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া মেগা অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয় । লগতে প্ৰধানমন্ত্ৰীক আদৰণি জনোৱাৰ বাবে নন্দীদ্বাৰৰ পৰা মন্দিৰলৈকে কৰিডৰ চৌহদত অনুষ্ঠিত হ'বলগীয়া বিভিন্ন সাংস্কৃতিক প্ৰদৰ্শনৰ পোছাক অনুশীলন তদাৰক কৰা বুলি চৰকাৰী সূত্ৰত প্ৰকাশ ।
উল্লেখ্য, পুৰণি ৰুদ্ৰসাগৰ হ্ৰদৰ চাৰিওফালে 900 মিটাৰতকৈও অধিক দীঘল কৰিডৰ 'মহাকাল লোক' ভাৰতৰ এনে ধৰণৰ সৰ্ববৃহৎ কৰিডৰ হিচাপে নিৰ্মাণ কৰা হৈছে । ইয়াক প্ৰাচীন মহাকালেশ্বৰ মন্দিৰৰ চাৰিওফালে পুনৰ্বিকাশ প্ৰকল্পৰ অংশ হিচাপে পুনৰুজ্জীৱিত কৰা হৈছে (Mahakaleshwar Temple corridor development project) । ই হৈছে দেশৰ 12 টা 'জ্যোতিৰ্লিংগ'ৰ ভিতৰত এটা আৰু ইয়ালৈ সমগ্ৰ বছৰটোতেই ভক্তৰ আগমন ঘটে ।
কৰিডৰৰ আৰম্ভণি স্থানৰ ওচৰতে নিৰ্মাণ কৰা হৈছে অলপ দূৰত্বত পৃথক হোৱা দুটা ৰাজকীয় প্ৰৱেশদ্বাৰ- নন্দী দ্বাৰ আৰু পিনাকী দ্বাৰ (Nandi Dwar and Pinaki Dwar) । এই কৰিডৰটো প্ৰাচীন মন্দিৰৰ প্ৰৱেশদ্বাৰলৈ গৈছে আৰু বাটটোত নান্দনিক দৃশ্যৰ সমাহাৰ ঘটোৱা হৈছে । ৰাজস্থানৰ বংশী পাহাৰপুৰ অঞ্চলৰ পৰা আহৰণ কৰা বালিশিল কৰিডৰটো তৈয়াৰ কৰা গাঁথনি নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হৈছে । প্ৰকল্পটোৰ সৈতে জড়িত এজন জ্যেষ্ঠ বিষয়াই পিটিআইক জনায় যে মুখ্যত ৰাজস্থান, গুজৰাট আৰু ওড়িশাৰ শিল্পী আৰু ভাস্কৰ্যশিল্পীসকলে কেঁচা শিলবোৰ নান্দনিক স্তম্ভ আৰু পেনেলত খোদিত আৰু সুশোভিত কৰাৰ কামবোৰ কৰিছে ।
মধ্যপ্ৰদেশ চৰকাৰৰ সূত্ৰই প্ৰকাশ কৰা মতে, ২০১৭ চনত আৰম্ভ হোৱা এই উচ্চাভিলাষী প্ৰকল্পটোৱে প্ৰাচীন মন্দিৰ স্থাপত্যৰ ব্যৱহাৰৰ জৰিয়তে "ঐতিহাসিক চহৰ উজ্জয়িনীৰ প্ৰাচীন গৌৰৱক গুৰুত্ব আৰু পুনৰ জাগ্ৰত কৰিব বিচাৰে" আৰু দৰ্শনাৰ্থীসকলক সকলো সুবিধা প্ৰদান কৰিব বিচাৰে । লগতে ইয়াৰ ভৌতিক আৰু সাংস্কৃতিক মূল্য বৃদ্ধিৰ বাবে শেহতীয়া প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে । নিয়মীয়া ব্যৱধানত ওপৰত ত্ৰিশূল শৈলীৰ ডিজাইনে শোভা বৃদ্ধি কৰি থকা 108 টা স্তম্ভ, চিচি টিভি কেমেৰা আৰু ৰাইজক সম্বোধন কৰা ব্যৱস্থা সুসংগতভাৱে অন্তৰ্ভুক্ত কৰা হৈছে বুলিও তেওঁলোকে কয় ।
ৰাইজক সম্বোধন কৰা ব্যৱস্থাটো অতিপাত ভিৰত ৰাইজৰ বাবে ঘোষণা কৰাৰ ব্যৱস্থাপনা হিচাবে কৰা হৈছে । কৰিডৰটো ৰাইজৰ বাবে মুকলি কৰাৰ পিছত তাত ভক্তিমূলক গান বজোৱাৰ বাবে ব্যৱহাৰ কৰা হ'ব । ইয়াৰ উপৰি মন্দিৰ কৰিডৰ চৌহদত নিৰাপত্তা ব্যৱস্থা নিৰীক্ষণ কৰাৰ বাবে এক সমন্বিত নিয়ন্ত্ৰণ আৰু কমাণ্ড কেন্দ্ৰ স্থাপন কৰা হৈছে । উজ্জয়িনী স্মাৰ্ট চিটীৰ মুখ্য কাৰ্যবাহী বিষয়া আশিস কুমাৰ পাঠকে কয় যে উজ্জয়িনী এখন প্ৰাচীন আৰু পবিত্ৰ চহৰ আৰু পুৰণি হিন্দু গ্ৰন্থসমূহে মহাকালেশ্বৰ মন্দিৰৰ চাৰিওফালে 'মহাকাল বন'ৰ (Mahakal Van) উপস্থিতি বৰ্ণনা কৰে ।
লগতে পঢ়ক :বৰফৰ আচ্ছাদনে ঢাকি ধৰিছে হেমকুণ্ড চাহিব