ETV Bharat / bharat

কুম্ভ মেলাঃ চৰকাৰে কৰা ব্যৱস্থাক লৈ অসন্তুষ্ট স্বামী শিৱানন্দ সৰস্বতী

হৰিদ্বাৰত কুম্ভ মেলাস্থলীত আৰক্ষী-চৰকাৰে পৰ্যাপ্ত সা-সুবিধা প্ৰদান নকৰাৰ অভিযোগ মাতৃ সদন আশ্ৰমৰ মুৰব্বী স্বামী শিৱানন্দ সৰস্বতীৰ । প্ৰশাসনৰ ব্যৱস্থাপনাত অসন্তুষ্টি ব্যক্ত কৰি তেওঁ কয় যে, "অন্যায়" হৈ থকা ঠাইত ধৰ্মীয় অনুষ্ঠান আয়োজন কৰাটো বৰ কঠিন ।

author img

By

Published : Apr 16, 2021, 8:44 PM IST

কুম্ভ মেলাৰ বাবে হৰিদ্বাৰ প্ৰশাসনে কৰা ব্যৱস্থাক লৈ অসন্তুষ্ট স্বামী শিৱানন্দ সৰস্বতী

নেশ্যনেল ডেস্ক, ১৬ এপ্ৰিল: হৰিদ্বাৰৰ বিখ্যাত মাতৃ সদন আশ্ৰমৰ মুৰব্বী আৰু গংগা কৰ্মী স্বামী শিৱানন্দ সৰস্বতীযৰ মন্তব্যই এতিয়া বিতৰ্কৰ সৃষ্টি কৰিছে । তেওঁ কৈছে যে, কুম্ভ মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু আৰক্ষীয়ে কৰা ত্ৰুটিপূৰ্ণ ব্যৱস্থাই কুম্ভ মেলাক "অপমানজনক" কৰি তুলিছে । তেওঁ কয় যে, গংগা নদীৰ বিৰুদ্ধে প্ৰতিবাদ কৰা নাস্তিক লোকক হৰিদ্বাৰত ৰখা হৈছে ।

উত্তৰাখণ্ড চৰকাৰে তেওঁলোকৰ ধৰ্মক লৈ চিন্তিত নহয় বুলিও তেওঁ মন্তব্য কৰে । তেওঁ অভিযোগ তোলে যে, ৰাজ্য চৰকাৰ অথবা আৰক্ষী-প্ৰশাসন কেৱল ভি আই পি আৰু ভি ভি আই পিৰ বাবেহে চিন্তিত । তেওঁ লগতে কয় যে, আৰক্ষীয়ে সামাজিক দূৰত্ব বৰ্তাই ৰখা আৰু ক'ভিড প্ৰট'কল মানি চলাৰ ওপৰত গুৰুত্ব দিয়া নাই । আৰক্ষীয়ে ভক্তসকলক কেনেদৰে সোনকালে ইয়াৰ পৰা পঠিয়াব পাৰি তাক লৈহে চিন্তিত ।

সৰস্বতীয়ে কয় যে, "অন্যায়" হৈ থকা ঠাইত ধৰ্মীয় অনুষ্ঠান আয়োজন কৰাটো বৰ কঠিন । হৰিদ্বাৰত কৰ'ণাৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ কথা তেওঁ স্পষ্টকৈ উল্লেখ কৰে । আধ্যাত্মিক চিন্তাবিদজনে কুম্ভ মেলাৰ আয়োজক কমিটী আৰু আৰক্ষী-প্ৰশাসনৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে । তেওঁ কয় যে, যেতিয়া ভক্ত আৰু পুৰোহিতসকলে শ্বাহি স্নান কৰে, তেতিয়া ভি আই পি আৰু ভি ভি আই পিৰ প্ৰৱেশ নিষিদ্ধ কৰা হয় ।

তথাপিও, তেওঁক তালৈ যাবলৈ অনুমতি দিয়া হৈছিল তেওঁ জানিবলৈ দিয়ে । আনহাতে, ক'ভিড-১৯ আক্ৰান্ত নোহোৱাৰ প্ৰমাণ দাঙি ধৰা নথি প্ৰদৰ্শন কৰা স্বত্বেও বহু লোকক কুম্ভ মেলাত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল বুলি তেওঁ অভিযোগ তোলে । তেওঁ কয় যে, এয়া অন্যায়তকৈ কম নহয় । তেওঁ লগতে কয় যে, কুম্ভ মেলাৰ পক্ষত তাৰিখ নাথাকিলে দৰ্শণাৰ্থী, সাধু আৰু পুৰোহিতসকলক পানীত পবিত্ৰ স্থান কৰিবলৈ অনুমতি দিয়া হৈছিল ।

কিন্তু ১৪ এপ্ৰিলৰ পৰা ১৪ মে'লৈ, যেতিয়া তাৰিখবোৰ কুম্ভ মেলা আয়োজনৰ পক্ষত থাকে তেতিয়া আখাৰাসকলক শ্বাহি স্নান ল'বলৈ অনুমতি দিয়া নহয় বুলি তেওঁ অভিযোগ তোলে । ১৩ লাখ ভক্তক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধানে কামাণ্ড ল'ব লাগিব বুলিও তেওঁ মন্তব্য কৰে । তেওঁ কয় যে, কুম্ভ মেলাত নিয়োজিত আৰক্ষীৰ কৰ্তব্য হ'ল হৰিদ্বাৰলৈ অহা ভক্তসকলক সুৰক্ষিতভাৱে গংগালৈ লৈ যোৱা ।

লগতে পঢ়ক:কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু একেটা পৰিয়ালৰ পাঁচজনকৈ সদস্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.