ETV Bharat / bharat

চৰকাৰী বিষয়াই নিয়মিত ৰাইজৰ সৈতে মত বিনিময় কৰিব লাগে: এন বিৰেন সিং

author img

By

Published : Mar 11, 2021, 9:29 PM IST

ৰাইজৰ অভাৱ অভিযোগ সমূহ বুজি তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ উদ্দেশ্যে চৰকাৰী বিভাগৰ বিষয়া সকলে ৰাইজৰ সৈতে নিয়মিত মত বিনিময় কৰা উচিত বুলি চৰকাৰী বিষয়া সকলৰ ভূমিকাৰ ওপৰত বিশেষ মন্তব্য প্ৰদান কৰিছে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙে ৷

govt officials should interact with public regularly said cm n biren singh

ইম্ফল,11 মাৰ্চ: চৰকাৰী বিষয়া সকলৰ ভূমিকাৰ ওপৰত এক মন্তব্য প্ৰকাশ কৰি বৃহস্পতিবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙে কয় যে, চৰকাৰী বিভাগ সমূহৰ বিষয়া সকলে নিয়মিতভাৱে ৰাইজৰ সৈতে মত বিনিময় কৰিব লাগে ৷ তেওঁ কয় যে, ৰাইজৰ অভাৱ অভিযোগসমূহ বুজি তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ উদ্দেশ্যে চৰকাৰী বিভাগৰ বিষয়াসকলে ৰাইজৰ সৈতে নিয়মিত মত বিনিময় কৰাৰ অতি প্ৰয়োজন ৷ ইয়াৰ জৰিয়তে ৰাইজে এই কথাষাৰ অনুভৱ কৰিব পাৰিব যে চৰকাৰ তেওঁলোকৰ সৈতে আছে ৷

ইম্ফলৰ চিটি কনভেচন চেণ্টাৰত অনুষ্ঠিত 'One Day Panel Discussion on National Education Policy, 2020' অংশ লৈ বিৰেন সিঙে এই মন্তব্য কৰে ৷ তেওঁ কয় যে সংশ্লিষ্ট কৰ্তৃপক্ষৰ এনে কামে ৰাইজক এক সাহস প্ৰদান কৰিব ৷ তেওঁ লগতে এইবুলিও মন্তব্য কৰে যে, শিক্ষাই হৈছে এখন সমাজৰ কামিহাড় আৰু শিক্ষা অবিহনে কোনো সমাজেই উন্নয়নৰ জখলা বগাব নোৱাৰে ৷

তেওঁ উল্লেখ কৰে যে, এক বৃহৎ পৰিসৰত কৰ্মসংস্থাপনহীনতা দূৰ কৰাৰ উদ্দেশ্যে নতুন শিক্ষা নীতিয়ে বৃত্তিগত শিক্ষা প্ৰদানত গুৰুত্ব আৰোপ কৰিছে আৰু ইয়াৰ জৰিয়তে উদ্ভাৱন আৰু উৎপাদনশীলতা বৃদ্ধি পাব ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তেওঁৰ দূৰদৰ্শী দৃষ্টিভংগীৰ বাবে প্ৰশংসা কৰি মন্ত্ৰী গৰাকীয়ে লগতে এইবুলিও কয় যে, গুণগত শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি নতুন শিক্ষা নীতিৰ কিছু সংশোধন কৰা হৈছে ৷

লগতে পঢ়ক: মণিপুৰত জেনেৰেল থাংগাল সোঁৱৰণী ফুটবল টুৰ্ণামেণ্টৰ শুভাৰম্ভণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.