নেশ্যনেল ডেস্ক, ১ ডিচেম্বৰ: ধাৰাবাহিকভাৱে চলি থকা কৃষকৰ প্ৰতিবাদে চিন্তিত কৰি তুলিছে কেন্দ্ৰীয় চৰকাৰক । কৃষি আইনৰ বিৰোধিতাৰে সাব্যস্ত কৰা প্ৰতিবাদ ৰোধৰ সমাধান বিচাৰি মঙলবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাৰ বাসগৃহত উচ্চ স্তৰীয় বৈঠক আহ্বান কৰা হৈছে । গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰেও বৈঠকত অংশ লৈছে । কৃষি মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, 'কৃষক নেতাসকলক মঙলবাৰে বিয়লি ৩ বজাত আলোচনাৰ বাবে আমন্ত্ৰিত কৰা হৈছে ।
কৃষকৰ সৈতে আলোচনা কৰিবলৈ আৰু তেওঁলোকৰ দাবীসমূহৰ বিষয়ে জানিবলৈ চৰকাৰ সদায় প্ৰস্তুত আছে ।' বৈঠকত কৃষকসকলৰ দাবীসমূহৰ বিষয়ে মন্ত্ৰীসকলে বিবেচনা কৰাৰ সম্ভাৱনা আছে । কৃষকসকলে ক্ৰমান্ৱয়ে দিল্লী-চণ্ডীগড়, দিল্লী-হাৰিয়ানা আৰু দিল্লী-উত্তৰ প্ৰদেশ পথত দিল্লীৰ সিন্ধু, তিক্ৰী আৰু ঘাজিপুৰ সীমান্তত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে । ছেপ্টেম্বৰ মাহত প্ৰণয়ন কৰা কৃষি আইনৰ বিৰোধিতা কৰি কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ।