ETV Bharat / bharat

Google: কিয় চীনত গুগলে বন্ধ কৰিলে ৭ হাজাৰৰো অধিক ইউটিউব চেনেল ? - ইউটিউব চেনেল

প্ৰযুক্তি কোম্পানী গুগলে বিগত মাহত হাজাৰ হাজাৰ ইউটিউব চেনেল আঁতৰাইছে অৰ্থাৎ ডিলিট কৰি পেলাইছে । এই চেনেলসমূহৰ ভিতৰত আছে ৭,৫৯৯টা চেনেল, এটা এডচেন্স একাউণ্ট আৰু তিনিটা ব্লগাৰ একাউণ্ট যি চীনৰ সৈতে জড়িত হৈ আছে ।

Google closed more than 7000 YouTube channels in China know why the company took action
কিয় চীনত গুগলে বন্ধ কৰিলে ৭ হাজাৰৰো অধিক ইউটিউব চেনেল ?
author img

By

Published : Dec 18, 2022, 7:05 PM IST

প্ৰযুক্তি কোম্পানী গুগলে বিগত মাহত হাজাৰ হাজাৰ ইউটিউব চেনেল আঁতৰাইছে অৰ্থাৎ ডিলিট কৰি পেলাইছে । এই চেনেলসমূহৰ ভিতৰত আছে ৭,৫৯৯টা চেনেল, এটা এডচেন্স একাউণ্ট আৰু তিনিটা ব্লগাৰ একাউণ্ট যি চীনৰ লগত জড়িত হৈ আছে(Google closed 7000 YouTube channels in China ) ।

চীনৰ একাউণ্ট সন্দৰ্ভত ইতিমধ্যে তদন্ত অব্যাহত আছে, যাৰ অধীনত এই একাউণ্টসমূহ ব্লক কৰা হৈছে । মনত ৰাখিব যে, ছাচপেণ্ড চেনেল আৰু ব্লগবোৰত মূলতঃ মনোৰঞ্জন, সংগীত আৰু জীৱনশৈলীৰ বিষয়বস্তু অন্তৰ্ভুক্ত থাকে । কোম্পানীটোৰ মতে, চীন আৰু আমেৰিকাৰ বিষয়ত চীনা আৰু ইংৰাজী ভাষাত অতি কম বিষয়বস্তুহে উপলব্ধ(YouTube channels of China) ।

বিষয়বস্তুটো কিহৰ সৈতে জড়িত আছিল ?

ইয়াৰ উপৰিও কোম্পানীটোৱে চীনা ভাষাত স্পৰ্শকাতৰ বিষয়বস্তু শ্বেয়াৰ কৰা তিনিটা ইউটিউব চেনেলৰ কন্টেন্টো আঁতৰাই পেলাইছে । ইউক্ৰেইনৰ যুদ্ধ, টাইৱান আৰু ইউক্ৰেইনৰ যুদ্ধৰ মাজৰ সম্পৰ্কৰ সৈতে জড়িত আছিল এই বিষয়বস্তু(Google closed YouTube channels of China)। এতিয়ালৈকে কোম্পানীটোৱে তদন্তৰ অধীনত থকা ৫১৫টা ইউটিউব চেনেল আঁতৰাই পেলাইছে, যিবোৰ আজাৰবাইজানৰ কাম-কাজৰ সৈতে জড়িত আছিল । আৰু ৫৭টা ব্ৰাজিলৰ বিষয়ত আছিল ।

গুগলে কয় যে, তেওঁলোকে এডচেন্সৰ এটা একাউণ্ট আঁতৰাই পেলাইছে । আৰু এটা ডমেইন গুগল নিউজত দেখা দিবলৈ অস্বীকাৰ কৰা হৈছে । এই কাৰ্য কেৱল কোম্পানীটোৰ তদন্তৰ অধীনতহে কৰা হৈছে । ভিডিঅ’ ষ্ট্ৰীমিং প্লেটফৰ্মে ২০২২ চনৰ জুলাই আৰু ছেপ্টেম্বৰ মাহত ৫৬ লাখ ভিডিঅ’ নিজৰ প্লেটফৰ্মৰ পৰা আঁতৰাই পেলাইছে । তেওঁ সম্প্ৰদায়ৰ নিৰ্দেশনা উলংঘাৰ উদাহৰণ দি এই ব্যৱস্থা গ্ৰহণ কৰিছে ।

দুমাহত লাভ কৰিলে দুই লাখৰো অধিক আবেদন

দুমাহৰ ভিতৰত এই প্লেটফৰ্মখন আঁতৰোৱাৰ বাবে ২ লাখ ৭১ হাজাৰ আবেদন লাভ কৰিছে । ইউটিউবে নিজৰ শেহতীয়া ব্লগত জনাইছে যে, কন্টেন্ট ৰিভিউ কৰাৰ পিছত প্ৰায় ২৯ হাজাৰ আবেদন গ্ৰহণ কৰিছে । ইউটিউবৰ মতে, চলিত বৰ্ষৰ জুলাইৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত প্ৰতি ১০ হাজাৰ দৰ্শকৰ ভিতৰত ১০ৰ পৰা ১১টাত কমিউনিটি গাইডলাইন উলংঘা কৰা বিষয়বস্তু আছিল ।

লগতে পঢ়ক: Diseases searched on Google: ২০২২ ত গুগলত সৰ্বাধিক চাৰ্চ কৰা হৈছিল এইসমূহ ৰোগৰ ঘৰুৱা প্ৰতিকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.