ETV Bharat / bharat

Goa Police summons Kejriwal : ৰাজহুৱা সম্পত্তি বিকৃতিকৰণ; কেজৰিৱাললৈ চমন গোৱা আৰক্ষীৰ

author img

By

Published : Apr 14, 2023, 9:44 AM IST

এইবাৰ আম আদমি পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে ৰাজহুৱা সম্পত্তি বিকৃত কৰাৰ অভিযোগ । এই অভিযোগত গোৱা আৰক্ষীয়ে চমন জাৰি কৰিছে কেজৰিৱালৰ বিৰুদ্ধে (Goa Police summons Kejriwal) । অহা ২৭ এপ্ৰিলত আৰক্ষীৰ ওচৰত হাজিৰ হ'ব লাগিব কেজৰিৱাল ।

Goa Police summons Kejriwal
Goa Police summons Kejriwal

নিউজ ডেস্ক, ১৪ এপ্ৰিল : শেহতীয়াভাৱে আম আদমি পাৰ্টী আৰু ইয়াৰ নেতাসকল বিভিন্ন গোচৰত জড়িত হৈ পৰিছে । ইতিমধ্যে আপৰ দুগৰাকী জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী দুৰ্নীতিৰ অভিযোগত বন্দীদশা কটাবলগীয়া হৈছে । এইবাৰ গোৱা আৰক্ষীয়ে চমন জাৰি কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ (Goa Police summons Kejriwal) । বৃহস্পতিবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ৰাজহুৱা সম্পত্তি বিকৃত কৰাৰ অভিযোগ সন্দৰ্ভত চমন জাৰি কৰে গোৱা আৰক্ষীয়ে (Kejriwal alleged defacement of public property) ।

অহা ২৭ এপ্ৰিলত সোধা-পোছাৰ বাবে তেওঁক চমন জাৰি কৰা হৈছে । পাৰ্নেম আৰক্ষী থানাৰ তদন্তকাৰী বিষয়া দিলীপ কুমাৰ হালাৰ্ঙ্কাৰে লিখিত চমন জাননীত সোধা-পোছাৰ অনুষংগিক বিষয়সমূহৰ কথা উল্লেখ কৰিছে । উল্লেখ্য, এই বিষয়সমূহ ইতিমধ্যে পঞ্জীয়ন কৰা এফআইআৰতো উল্লেখ কৰা হৈছে (FIR against Delhi CM Arvind Kejriwal) ।

চিআৰপিচিৰ ধাৰা 41 এ-ৰ উপ-ধাৰা (1)ৰ অধীনত প্ৰদান কৰা ক্ষমতাবোৰ ব্যৱহাৰ কৰি, ইয়াৰ দ্বাৰা আপোনাক জনাইছোঁ যে পাৰ্নেম আৰক্ষী থানাত পঞ্জীয়ন কৰা এজাহাৰ 172/2022, ইউ/এছ 188 আইপিচি আৰু জিপিডিপি আইন 1988-ৰ ধাৰা 3-ৰ অনুসন্ধানৰ সময়ত এইটো দেখা গৈছে যে আপোনাক প্ৰশ্ন কৰাৰ যুক্তিসংগত কাৰণ আছে । চমন জাননীখনত এই কথা উল্লেখ কৰা হৈছে ।

উল্লেখ্য যে পাৰ্নেম আৰক্ষীয়ে জাৰি কৰা চমনত অৰবিন্দ কেজৰিৱালক ২৭ এপ্ৰিলৰ পুৱা ১১ বজাত আৰক্ষী থানাত ব্যক্তিগতভাৱে হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে । জাৰি কৰা চমনত এইটো অভিযোগ কৰা হৈছে যে আপে অৰবিন্দ কেজৰিৱালৰ পোষ্টাৰ ব্যৱহাৰ কৰি ৰাজহুৱা সম্পত্তি বিকৃত কৰিছে । প্ৰাপ্ত ভিজুৱেল অনুসৰি, চহৰখনৰ চাৰিওফালৰ ফ্লাইঅ'ভাৰ আৰু ঘাইপথত "এক চান্স কেজৰিৱাল" বাৰ্তাসহ আম আদমি পাৰ্টীৰ ব্যাপক পোষ্টাৰিং কৰা হৈছে (AAP poster Ek Chance Kejriwal) ।

লগতে পঢ়ক :UP Police chargesheet on Atiq Ahmed : মাফিয়া আতিকৰ আছে পাকিস্তানৰ আইএছআই লস্কৰ-ই-তৈবাৰে পোনপটীয়া সম্পৰ্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.