ETV Bharat / bharat

Marriage fraud gang : বনকৰা মহিলাৰ ভেশেৰে ঘৰত প্ৰৱেশ কৰি বিয়াত বহিল মালিকৰ পুত্ৰৰ লগত, তাৰ পিচত... - ভুৱা বিবাহৰ দল

বিবাহপাশত আৱদ্ধ হওঁতে সাৱধানতা অৱলম্বন কৰক ৷ অন্যথা আপুনিও হ’ব পাৰে প্ৰৱঞ্চনাৰ বলি ৷ এখন মহাবিদ্যালয়ৰ মালিকৰ 200 কোটি টকাৰ সম্পত্তি হস্তক্ষেপ কৰিবলৈ ভুৱা বিবাহৰ জৰিয়তে প্ৰৱঞ্চকৰ দলে জঘন্য পন্থা হাতত লয় ৷

Marriage fraud gang in Ghaziabad
বনকৰা মহিলাৰ ভেশেৰে ঘৰত প্ৰৱেশ কৰি বিয়াত বহিল মালিকৰ পুত্ৰৰ লগত, তাৰ পিচত...
author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 10:35 AM IST

নেশ্যনেল ডেস্ক, 6 ছেপ্টেম্বৰ : উত্তৰ প্ৰদেশৰ গাজিয়াবাদত ভুৱা বিবাহৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে ৷ এখন মহাবিদ্যালয়ৰ মালিকৰ 200 কোটি টকাৰ সম্পত্তি হস্তক্ষেপ কৰিবলৈ এটা ভুৱা বিবাহৰ জৰিয়তে প্ৰৱঞ্চকৰ দলে জঘন্য পন্থা হাতত লয় ৷ শেহতীয়াকৈ ভুৱা বিবাহ সম্পন্ন কৰা এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰাৰ পিচতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ প্ৰীতি নামৰ এগৰাকী যুৱতীয়ে প্ৰথমে টাৰ্গেট কৰে ধনী ঘৰৰ যুৱকক ৷ তাৰ পিচতে যুৱকজনৰ সম্পত্তি নিজৰ নামত কৰিবলৈ যুৱকজনৰ সৈতে ভুৱা বিবাহপাশত আৱদ্ধ হয় ৷ এতিয়ালৈকে যুৱতীগৰাকীয়ে কমেও 10 খনকৈ ভুৱা বিবাহপাশত আৱদ্ধ হৈছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, গাজিয়াবাদৰ মুৰাদনগৰ আৰক্ষী থানা অঞ্চলৰ সুধা সিং নামৰ মহিলাগৰাকীৰ দুখন ব্যক্তিগত মহাবিদ্যালয় আছে ৷ মহিলাগৰাকী কোটি টকাৰ সম্পত্তিৰ মালিক ৷ তেওঁৰ স্বামীৰ কেইবছৰমানৰ পূৰ্বে মৃত্যু হৈছিল ৷ তেওঁৰ এগৰাকী কন্যা আৰু এজন পুত্ৰ আছে ৷ তেওঁৰ কন্যা ইতিমধ্যে বিবাহিত, কিন্তু মহিলাগৰাকীৰ পুত্ৰ মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল ৷ মহিলাগৰাকীৰ পুত্ৰৰ তত্বাৱধায়ক আছিল শচীন নামৰ এজন লোক ৷ তেওঁ সুধা সিঙৰ পৰিয়ালটোৰ ঘনিষ্ঠ লোক আছিল ৷ শচীনে জানিছিল যে সুধা সিং কৰ্কট ৰোগী ৷ সেয়ে তেওঁৰ মৃত্যুৰ পিচত এই বিশাল সম্পত্তিৰ অধিকাৰী হ’ব তেওঁলোকৰ একমাত্ৰ পুত্ৰ ৷

দিন বাগৰি যোৱাৰ লগে লগে সুধা সিঙৰ মৃত্যু হৈছিল ৷ ইয়াৰে সুযোগ বুজি শচীনৰ পৰিকল্পনা কৰি তেওঁলোকৰ ঘৰত বন কৰাকৈ থকা প্ৰীতি নামৰ যুৱতীগৰাকীৰ সুধা সিঙৰ পুত্ৰৰ সৈতে বিবাহ সম্পন্ন কৰোৱায় ৷ যুৱতীগৰাকীয়ে সামাজিক মাধ্যমত কিছুমান বিয়াৰ ফটো শ্বেয়াৰ কৰি নিজকে সুধা সিঙৰ বোৱাৰী বুলি দাবী কৰি প্ৰথমে ঘৰটো নিজ নামত কৰি লয় ৷ লাহে লাহে যুৱতীগৰাকীয়ে ঘৰৰ সম্পত্তিৰ মালিকীস্বত্বৰ অধিকাৰ বিচাৰে ৷

কিন্তু দুৰ্ভাগ্যৱশতঃ প্ৰীতিয়ে নাজানিছিল যে মহিলাগৰাকীয়ে মৃত্যুৰ পূৰ্বেই তেওঁৰ কন্যাৰ নামত সম্পত্তিসমূহ হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছিল ৷ যেতিয়া সুধা সিঙৰ কন্যাই গম পায় যে তেওঁলোকৰ ঘৰৰ লগতে সম্পত্তিত বোৱাৰীগৰাকীয়ে নিজ অধিকাৰ বিচাৰি হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে, তেওঁ সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীক এক লিখিত অভিযোগ দাখিল কৰিছিল ৷ আৰক্ষীৰ তদন্ততেই সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ আৰক্ষীৰ তদন্তত ওলাই পৰে যে, এটা দলে পৰিকল্পনা কৰি মহিলাগৰাকীৰ কোটি কোটি টকাৰ সম্পত্তি দখল কৰাৰ সম্পূৰ্ণ ষড়যন্ত্ৰ ৰচনা কৰিছিল ৷ ইতিমধ্যে শচীনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ এতিয়াও দলটোৰ বাকী লোকসকল পলাতক হৈ আছে ৷ এই সমগ্ৰ ঘটনাৰ মাষ্টাৰমাইণ্ড প্ৰীতি নামৰ যুৱতীগৰাকীও পলাতক হৈ আছে ৷

প্ৰীতি ৰোহতকৰ বাসিন্দা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ আশ্চৰ্যজনকভাৱে, যিসমূহ বিবাহ সম্পন্ন কৰা হৈছিল, বেছিভাগ বিবাহ মন্দিৰত কৰা হৈছিল ৷ ইয়াৰ প্ৰমাণ হিচাপে কেৱল কেইখনমান ফটোহে আছে ৷ কোনো বিবাহ পঞ্জীয়ন কৰা হোৱা নাছিল বাবেই ইয়াৰ কোনোধৰণৰ আইনগত তথ্য নাই ৷

লগতে পঢ়ক: Sikkim flash floods update: তিস্তা নদীত উদ্ধাৰ ছিকিমত সন্ধানহীন ১৭ গৰাকী লোকৰ মৃতদেহ; ৮৫ জন এতিয়াও নিখোঁজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.